হাফলং 18 আগষ্ট : 8 আৰু 9 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব জাতিংগা মহোৎসৱ ৷ এই কথা আজি ঘোষণা কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ৷ প্ৰতি বছৰ আগষ্ট মাহৰ পৰা জাতিংগালৈ পৰিভ্ৰমী চৰাইৰ আগমন ঘটা আৰম্ভ হয় ৷ এই বছৰো ইতিমধ্যে পৰিভ্ৰমী চৰাই অহা আৰম্ভ হৈছে জাতিংগাত ৷ আনুষ্ঠানিকভাৱে এই পৰিভ্ৰমী চৰাইসমূহক আদৰণি জনোৱাৰ বাবে অনুষ্ঠিত কৰা হয় জাতিংগা মহোৎসৱ ৷
এই মহোৎসৱ উদযাপনৰ বাবে শনিবাৰ বিয়লি জাতিংগা মহোৎসৱ কমিটিৰ উদ্যোগত আৰু বন বিভাগৰ সহযোগত এখন সভা আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা, পৰিষদৰ অধ্যক্ষ মোহিত হোজাইৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়া ৷ অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই কয় যে, জাতিংগালৈ পৰিভ্ৰমী চৰাই অহা আৰম্ভ হৈছে ৷ 8 আৰু 9 নৱেম্বৰত জাতিংগা মহোৎসৱ অনুষ্ঠিত হ’ব আৰু 13, 14 আৰু 15 ডিচেম্বৰত উমৰাংচুত অনুষ্ঠিত হ’ব ফেলকন মহোৎসৱ ৷
তেওঁ কয় যে, এই অনুষ্ঠানটোৱে জাতিংগাৰ প্ৰাকৃতিক আশ্চৰ্যবোৰ সংৰক্ষণ আৰু উদযাপনৰ প্ৰতি আমাৰ সামূহিক দায়বদ্ধতাৰ এক সুন্দৰ প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ এই উৎসৱসমূহ কেৱল আমাৰ চহকী জৈৱ বৈচিত্ৰৰ উদযাপন নহয় বৰঞ্চ সমাজৰ বাবে একত্ৰিত হৈ আমাৰ ভাগ কৰা প্ৰাকৃতিক ঐতিহ্যক সন্মান জনোৱাৰ এক সুযোগ ৷ তেওঁ লগতে কয় যে, সজাগতাৰ অভাৱত পূৰ্বে জাতিংগাত পৰিভ্ৰমী চৰাইক হত্যা কৰা হৈছিল ৷ কিন্তু এতিয়া মানুহৰ মাজতে সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পিচতে এতিয়া চৰাই হত্যা বন্ধ হৈছে ৷