অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত সংক্ৰামক ৰূপত জাপানীজ এনকেফেলাইটিছ: আক্ৰান্ত দুজন - Japanese Encephalitis in Assam - JAPANESE ENCEPHALITIS IN ASSAM

JE Outbreak in Dibrugarh: অসমত গুৰুতৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ ডিব্ৰুগড়ৰ বৰবৰুৱাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত দুজনকৈ ৰোগী ৷

Flood Water Yet To Recede, Japanese Encephalitis Outbreak in Dibrugarh
ডিব্ৰুগড়ত সংক্ৰামক ৰূপত জাপানীজ এনকেফেলাইটিছ: আক্ৰান্ত দুজন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 8:44 AM IST

মৰাণ, 19 জুলাই: বানৰ ভয়াৱহতাৰ পাচত এইবাৰ ৰাজ্যত সংক্ৰামক ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ ডিব্ৰুগড়ত জাপানীজ এনকেফেলাইটিছ ৰোগে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ । জিলাখনৰ বিভিন্ন অঞ্চলত চিনাক্ত হৈছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগী ।

ডিব্ৰুগড়ত সংক্ৰামক ৰূপত জাপানীজ এনকেফেলাইটিছ: আক্ৰান্ত দুজন (ETV Bharat Assam)

উল্লেখ্য যে, ৰাজ্যখনৰ ভিতৰতে এইবাৰ আহাৰমহীয়া বানে কালৰূপ ধাৰণ কৰিছিল ডিব্ৰুগড় জিলাত । কেবাঠাইতো বুঢ়ীদিহিঙৰ মথাউৰি আৰু ৰিং বান্ধ ভাঙি যোৱাত শতাধিক গাঁও এইবাৰ বানৰ কবলত পৰিছিল । বৰ্তমান পূৰ্বৰ অৱস্থাৰ কিছু শাম কাটিছে যদিও বহু বন্যাৰ্ত আজিও ঘৰখনলৈ উভতি আহিব পৰা নাই ৷ আশ্ৰয় শিবিৰতে দিন পাৰ কৰিবলগীয়াত পৰিছে বন্যাৰ্তই ।

এই অৱস্থাৰ মাজতে ডিব্ৰুগড়ৰ বৰবৰুৱাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত দুজন ৰোগী চিনাক্ত হোৱাৰ কথা জানিবলৈ দিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত দুজন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগ । লোক দুজন ঠাকুৰথানৰ গোপাল শৰ্মা আৰু টেপৰ গাঁৱৰ অনিতা শইকীয়া বুলি জানিব পৰা গৈছে ।

ইয়াৰে গোপাল শৰ্মা নামৰ ব্যক্তিজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাই চিকিৎসা প্ৰদান কৰি থকা বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ বাঢ়নী পানীয়ে জিলাখনৰ বিভিন্ন অঞ্চলত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতে এতিয়া বিভিন্ন অঞ্চলত জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বুলি চিকিৎসকে জানিবলৈ দিছে । ইতিমধ্যে এই ভয়ংকৰ ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন ধৰণৰ সজাগতামূলক পদক্ষেপ আৰু ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা হাতত লৈছে বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে ।

ABOUT THE AUTHOR

...view details