অসম

assam

ETV Bharat / state

মৰিগাঁও জিলা কাৰাগাৰৰ জেইলাৰক নিলম্বন

Prisoners escaped from jail: পাঁচটাকৈ কয়দীয়ে মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পিছতেই জেইলাৰক নিলম্বন ৷ কেনেকৈ পলাল অভিযুক্ত ?

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 8:51 PM IST

Morigaon district jailer suspended
মৰিগাঁও জিলা কাৰাগাৰৰ জেইলাৰ (ETV Bharat Assam)

ধিং, ১১ অক্টোবৰ : শাৰদীয় দুৰ্গা পূজাৰ উলহ-মালহৰ মাজতেই মৰিগাঁও জিলা কাৰাগাৰৰ পৰা দেৱালৰ ওপৰেৰে POCSO গোচৰত অভিযুক্ত পাঁচটাকৈ কাৰাবন্দীয়ে পলায়ন কৰাৰ পিছতেই আৰক্ষীৰ মাজত লাগিছে হাহাকাৰ । তোলপাৰ লাগিছে মৰিগাঁও জিলাত । নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা মৰিগাঁও জিলা কাৰাগাৰৰ পৰা একেলগে পাঁচটাকৈ কয়দীয়ে পলায়ন কৰিলে কেনেকৈ তাক লৈ চলিছে চৰ্চা ।

কাৰাগাৰৰ জেইলাৰ নিলম্বন

মৰিগাঁও আদালতত গোচৰ চলি থকা পাঁচ অভিযুক্তই মহাসপ্তমীৰ নিশা হঠাৎ কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পাছত কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হয় । এই অভিযোগৰ পিছত কাৰাগাৰৰ জেইলাৰ প্ৰশান্ত শইকীয়াক বিভাগে নিলম্বন কৰে ।

কয়দী পলায়নৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ (ETV Bharat Assam)

উল্লেখ্য যে কেইদিনমান পূৰ্বে মৰিগাঁও জিলাৰ ছাইফুদ্দিন আহমেদ, জিয়াৰুল হক, নুৰ ইছলাম, মফিদুল ইছলাম আৰু আব্দুল ৰছিদ নামৰ পাঁচ অভিযুক্তক POCSO গোচৰত জে'ল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল । এই ঘটনা সন্দৰ্ভত মৰিগাঁও জিলা কাৰাগাৰ কৰ্তৃপক্ষই জিলা আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা এক পত্ৰত উল্লেখ কৰা তথ্য অনুসৰি জিলাখনৰ লাহৰীঘাটৰ মাহৰমাৰি পথাৰৰ ছাইফুদ্দিন আহমেদক POCSO গোচৰত লাহৰীঘাট আৰক্ষীয়ে 173/24 নম্বৰত গোচৰ ৰুজু কৰি ৩১ আগষ্টত গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পিছতেই ছাইফুদ্দিনক প্ৰেৰণ কৰিছিল জেল হাজোতলৈ ।

একেদৰে শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত কলাকুছি গাঁৱৰ জিয়াৰুল ইছলামক মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাত 119/24 নম্বৰত ৰুজু হোৱা POCSO গোচৰত গ্ৰেপ্তাৰ কৰিছিল । যোৱা ২২ আগষ্টত জিয়াৰুলক প্ৰেৰণ কৰিছিল জেল হাজোতলৈ ।

ইপিনে, যোৱা ১২ আগষ্টত মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত আমাৰাগুৰিৰ নুৰ ইছলামকো 210/23 নম্বৰত ৰুজু হোৱা POCSO গোচৰত প্ৰেৰণ কৰা হৈছিল জেল হাজোতলৈ । মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰথল কছাৰীগাঁৱৰ মফিদুল ইছলামক মৈৰাবাৰী আৰক্ষী থানাত ১৪ আগষ্টত 168/23 নম্বৰত ৰুজু হোৱা POCSO গোচৰত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।

লাহৰীঘাট দেৱগুৰি গাঁৱৰ আব্দুৰ ৰচিদক যোৱা ২৮ মে’ত লাহৰীঘাট আৰক্ষী থানাত 105/2024 নম্বৰত ৰুজু হোৱা POCSO গোচৰত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল ।

মৰিগাঁও আদালতত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তেই বৃহস্পতিবাৰে নিশা নিজৰ কম্বল, লুঙি আদিৰে ৰচীৰ দৰে পকাই কাৰাগাৰৰ দেৱাল বগাই পলায়ন কৰিবলৈ সক্ষম হয় আটাইকেইটা অভিযুক্ত । POCSO গোচৰৰ পাঁচটাকৈ অভিযুক্ত কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পাছতে পলাতক অভিযুক্তক বিচাৰি এতিয়া হাহাকাৰ কৰিছে মৰিগাঁও আৰক্ষী । আনহাতে এই সমস্ত ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ দিয়া হৈছে ৷

আৰক্ষীয়ে লাভ কৰা নাই পলাতক কয়দীৰ সন্ধান

এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে আৰক্ষীয়ে উলিয়াব পৰা নাই কোনো এটা পলাতক কয়দীৰ সন্ধান । ইপিনে, কাৰাগাৰৰ ভিতৰৰ পৰা একেলগে পাঁচটাকৈ অভিযুক্তই পলায়ন কৰাৰ পাছতেই মৰিগাঁও জিলা কাৰাগাৰৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰে স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীয়ে । আনহাতে, পলাতক পাঁচ কয়দীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে আন এক গোচৰ ৰুজু কৰি অভিযান তীব্রতৰ কৰি তুলিছে ।

লগতে পঢ়ক:মৰিগাঁও জিলা কাৰাগাৰৰ পৰা ৫ কয়দীৰ পলায়ন

কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী: তেজপুৰ কাৰাগাৰৰ পৰা এটা মাহত পাঁচ কয়দী পলায়ন - prisoner escaped from Tezpur jail

ABOUT THE AUTHOR

...view details