অসম

assam

ETV Bharat / state

বন্দুক-বাৰুদেৰে ডাম্পাৰত উঠি আহি কোনে ধৰি নিলে প্ৰকাশক ? উৱাদিহেই পোৱা নাই স্মাৰ্ট পুলিচে - JAGUN ABDUCTION CASE

জাগুনত প্ৰকাশ চেত্ৰীৰ অপহৰণক লৈ চাঞ্চল্য অব্যাহত । দুমহীয়া সন্তানৰ পিতৃ চেত্ৰীক মুকলি কৰি দিবলৈ পৰিয়ালৰ আহ্বান ।

Jagun abduction case
মোৰ স্বামীক ঘূৰাই দিয়ক: অপহৰণকাৰীক কাতৰ আহ্বান পত্নীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

তিনিচুকীয়া : "মোৰ দুমহীয়া কেঁচুৱা আছে, মোৰ স্বামীক ঘূৰাই দিয়ক"। এনেদৰে সংবাদ মাধ্যমৰ জৰিয়তে অপহৰণকাৰীক কাতৰ আহ্বান জনালে নিৰুদ্দিষ্ট প্ৰকাশ চেত্ৰীৰ পত্নীয়ে । উল্লেখ্য যে বুধবাৰে পুৱা প্ৰায় ১০ মান বজাত জাগুনৰ ন মাইলত থকা ভাই চেত্ৰীৰ ক্ৰেছাৰ ফেক্টৰীৰ পৰা অচিনাক্ত লোকে অপহৰণ কৰি লৈ গৈছিল ২৪ বছৰীয়া প্ৰকাশ চেত্ৰীক । ঘটনাৰ ২৪ ঘণ্টা অতিক্ৰম কৰিছে যদিও এতিয়ালৈ অপহৃত প্ৰকাশৰ কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে । এই অপহৰণত আলফা(স্বাধীন) জড়িত থকাৰ সন্দেহ কৰা হৈছে যদিও এতিয়ালৈ সেয়া নিশ্চিত হোৱা নাই । প্ৰকাশ চেত্ৰীৰ কোনো সন্ধান নোলোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল ।

প্ৰকাশ চেত্ৰীৰ পত্নীৰ আহ্বান

মোৰ স্বামীক ঘূৰাই দিয়ক: অপহৰণকাৰীক কাতৰ আহ্বান পত্নীৰ (ETV Bharat Assam)

তাৰ মাজতে প্ৰকাশ চেত্ৰীৰ পত্নীয়ে সংবাদ মাধ্যমৰ সন্মুখত অশ্ৰুসিক্ত নয়নেৰে স্বামীক মুকলি কৰি দিবলৈ আহ্বান জনাইছে । তেওঁ কয়, "তেওঁৰ এখন হাত ভাঙি আছে । তেওঁ কামলৈ যোৱাই নাছিল । মোক মোৰ স্বামীক ঘূৰাই দিয়ক ।"

আৰক্ষী-সন্দেহজনক আলফাৰ গুলীচালনা

ইফালে, দিন-দুপৰতে ডাম্পাৰত আহি মালিকৰ বিলাসী বাহনত চিনেমাৰ কায়দাৰে প্ৰকাশ চেত্ৰীক অপহৰণ কৰি লৈ যোৱা ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । উক্ত ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ মাজতো হাহাকাৰ লাগিছে । অপহৰণৰ পিছতে ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ লগতে তিনিচুকীয়া আৰক্ষী অধীক্ষক টাবু ৰাম পেগু, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে সেনা বাহিনীৰ সহযোগত অপহৃতৰ সন্ধানত অভিযান চলাই থকা হৈছে । অভিযানৰ সময়ত মোংকাম গাঁৱত সন্দেহজনক আলফা স্বাধীনৰ দল আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী হোৱাৰো খবৰ পোৱা গৈছে । কিন্তু গুলীয়াগুলীৰ সময়ত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।

আৰক্ষীৰ অভিযান আৰম্ভ

এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে কয় যে ঘটনা সন্দৰ্ভত প্ৰকাশৰ খুৰাক ভাই চেত্ৰীক ধন দাবীৰ কোনো খবৰ পোৱা হোৱা নাই যদিও তদন্ত কৰি থকাৰ লগতে অপহৃতৰ সন্ধানত অভিযান অব্যাহত ৰখা হৈছে ৷ লক্ষণীয়ভাৱে অপহৰণ কৰা স্থানৰ কিছু দূৰৰ পৰাই ২৩ অক্টোবৰত সন্দেহজনক আলফা স্বাধীনৰ এটা দলে ৰাধা চেতিয়াৰ মালিকাধীন ফেক্টৰীৰ কৰ্মচাৰী গৌতম বসুমৰাতীকো অপহৰণ কৰি লৈ গৈছিল আৰু ৭ নৱেম্বৰত মুকলি কৰি দিছিল ।

লগতে পঢ়ক :বন্দুক-বাৰুদ লৈ উঠি আহিল ডাম্পাৰত, অপহৰণ কৰি নিলে ফৰ্চুনাৰত - KIDNAPPING IN JAGUN

ABOUT THE AUTHOR

...view details