লখিমপুৰ :মানৱীয় সকলো দিশক সংপৃক্ত কৰি জনহিতাৰ্থে কাম কৰা লখিমপুৰৰ এটা কেন্দ্র । এই কেন্দ্রটোৰ বাবে আজি শ শ পৰিয়ালৰ মুখত হাঁহি বিৰিঙিছে । গৃহহীনক আশ্ৰয়, নিচাসক্তক নিচামুক্ত, অনাথ শিশুৰ আশ্ৰয়, বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ যতনকে ধৰি জনহিতৈষী বহু কামেৰে জনমানসত উজলিছে কেন্দ্ৰটো । সম্প্ৰতি পদপথৰ ভিক্ষাৰীৰ বাবেও নতুন পদক্ষেপ গ্ৰহণ কৰিছে লখিমপুৰৰ জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্রই ।
জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্র
উল্লেখ্য যে সমাজৰ আৰ্তজনৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰৰ লোকৰ বাবে কাম কৰিছে কেন্দ্রটোৱে । বিভিন্ন কাৰণত গৃহহীন হোৱা, পৰিয়াল-পৰিজনৰ পৰা বিচ্ছিন্ন হোৱা বহু অশীতিপৰৰ আশ্রয়স্থল এই কেন্দ্রটো । বৰবিহৰ কবলত পৰি একোটা পৰিয়ালক ধ্বংস কৰাৰ উপক্ৰম কৰা শ শ লোকক স্বাভাৱিক জীৱনলৈ ওভতাই অনাৰ ভৰসাৰ স্থল এই কেন্দ্রটো । কেন্দ্রটো নিষ্পাপ তথা পিতৃ-মাতৃৰ পৰিচয়হীন বহু দেৱশিশুৰ আশ্রয়স্থল । সমাজৰ প্ৰায় সকলো ক্ষেত্রতে জনসেৱাত ব্ৰতী এই কেন্দ্রটোৱে হ'ল জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্র । জিলাখনৰ কেইগৰাকীমান সমাজহিতৈষী লোকৰ মানস পুত্রৰূপে জাগৃতিক ১৯৮২ চনতে প্ৰতিষ্ঠা কৰা হৈছিল । তেতিয়াৰে পৰা লখিমপুৰৰ উপৰিও ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদি বিভিন্ন জিলালৈ প্ৰকল্প সম্প্ৰসাৰণ কৰি এক অগ্ৰণী সমাজ সেৱাৰ কেন্দ্রৰূপে জাগৃতিয়ে পৰিচয় দাঙি ধৰিছে ।
কেন্দ্ৰটোৰ কেইবাটাও বিভাগ আছে
কেন্দ্রটোৰ সম্পাদক গৌতম কুমাৰ শইকীয়াই কয়, "১৯৮২ চনতে গঠন হোৱা আৰু বঙালমৰাত মুখ্য কাৰ্যালয় থকা জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্রৰ কেইবাটাও বিভাগ অন্তৰ্ভুক্ত কৰা হৈছে । নিৰাশ্ৰয় অশীতিপৰসকলক আশ্ৰয় দিয়া, নিচাসক্তক নিচামুক্ত কৰা, একোটা অঞ্চল সামৰি বয়োজ্যেষ্ঠজনৰ স্বাস্থ্যৰ আপডাল কৰা, অনাথ শিশুক আশ্ৰয় দিয়া আদি ভালেকেইটা বিভাগত কেন্দ্রটোৱে কাম কৰি আছে । লখিমপুৰত বিশেষ শিশু দত্তক কেন্দ্র, মানসিক ৰোগীৰ চিকিৎসা ও আশ্ৰয় আদিৰ কেন্দ্র গঢ়ি তুলি কাম কৰি থকা হৈছে । লখিমপুৰৰ উপৰিও ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদিতো কেন্দ্রটোৰ শাখা স্থাপন কৰি জনসেৱা আগবঢ়োৱা হৈছে । অচিৰেই মাজুলীলৈও কেন্দ্রটোৰ শাখা সম্প্ৰসাৰণ কৰা হ'ব । ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ তথা মহিলা আৰু শিশু বিকাশ মন্ত্রণালয়ৰ সহযোগত নিষ্ঠাৰে জনসেৱামূলক কামত ব্ৰতী হৈছো । আমি ভিক্ষাৰীসকলৰ বাবেও আঁচনি লৈছো । অচিৰেই গৃহহীন ভিক্ষাৰীসকলৰ বাবে আমি কাম কৰিম ।"
৪,৭৮০ গৰাকীয়ে লাভ কৰিছে চিকিৎসা