তিনিচুকীয়া, 10 মে’: আই পি এলৰ জুৱাৰ সদাগৰ বিকাশ বেৰিয়াক যোৱা 26 এপ্ৰিলত তিনিচুকীয়া আৰক্ষীয়ে আটক কৰাৰ পাচতে পোহৰলৈ আহিছে বহু গোপন তথ্য । তিনিচুকীয়া সদৰ আৰক্ষী থানাত 122/24 নম্বৰত এক গোচৰ ৰুজু কৰাৰ পাচতে প্ৰথমে 19 এপ্ৰিলত সুপ্ৰিত বিশ্বাসক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷
তাৰ পিচতে ক্ৰমান্বয়ে বিকাশ বেৰিয়া আৰু নিখিল আগৰৱালাক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰক্ষীয়ে তিনিটাকৈ বাসগৃহত অভিযান চলাই প্ৰায় 83 লাখকৈ অধিক ধন জব্দ কৰে ৷ লগতে ঘটনা সন্দৰ্ভত বহু তথ্যও লাভ কৰে ৷
ইয়াৰ পিচতে অধিক তথ্যৰ সন্ধানত ED আৰু আয়কৰ বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে । ইতিমধ্য়ে পত্ৰখনৰ প্ৰতি ED আৰু আয়কৰ বিভাগে সঁহাৰি জনাইছে বুলি শুকুৰবাৰে আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰে ।
উক্ত গোচৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে ইতিমধ্যে বিকাশ বেৰিয়াসহ আন দুজনক আটক কৰাৰ লগতে বৃহৎ সংখ্যক ধন উদ্ধাৰ কৰিছিল ৷ নিখিল আগৰৱাল নামৰ লোকজনৰ পৰ্বতীয়াস্থিত বাসগৃহত 62 লাখ টকা জব্দ কৰাৰ পাচতে আৰক্ষীয়ে লাভ কৰিছিল আন কেতবোৰ তথ্য ৷