অসম

assam

ETV Bharat / state

বনাঞ্চল হ্ৰাস হোৱাৰ বাবেই বৃদ্ধি হৈছে বাঘ-মানুহৰ সংঘাত - International Tiger Day 2024 - INTERNATIONAL TIGER DAY 2024

Global Tiger Day in Burapahar Range : আজি বিশ্ব ব্যাঘ্ৰ দিৱস । বাঘৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে 29 জুলাইৰ দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হৈ আহিছে বিশ্ব ব্যাঘ্ৰ দিৱস হিচাপে । কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলতো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস ৷

International Tiger Day 2024 celebrated at Burapahar Range of kaziranga national park
বুঢ়াপাহাৰ বনাঞ্চলত উদযাপন বিশ্ব ব্যাঘ্ৰ দিৱস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 2:20 PM IST

কলিয়াবৰ, 29 জুলাই:আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস । বাঘৰ সংৰক্ষণৰ প্ৰতি মানুহৰ মাজত সজাগতা অনাৰ লক্ষ্যৰে প্ৰতিবছৰে 29 জুলাইৰ দিনটো উদযাপন কৰা হৈ আহিছে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে । বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষাৰ বাবে বিশ্বব্যাপী প্ৰচাৰ, বাঘ সংৰক্ষণৰ বিষয়সমূহৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ বাবে এই দিৱসটো পালন কৰা হয় ।

বুঢ়াপাহাৰ বনাঞ্চলত উদযাপন বিশ্ব ব্যাঘ্ৰ দিৱস (ETV Bharat Assam)

2010 চনত প্ৰথমবাৰৰ বাবে চেণ্ট পিটাৰ্ছবাৰ্গ বাঘ সন্মিলনত বাঘৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পোৱা বিষয়টোৱে উদ্বিগ্ন কৰি তুলিছিল । সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ডস্বৰূপ তথা কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলতো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় এই ব্যাঘ্ৰ দিৱসটো ।

বুঢ়াপাহাৰ বনাঞ্চলত উদযাপন বিশ্ব ব্যাঘ্ৰ দিৱস (ETV Bharat Assam)

বাঘৰ সংৰক্ষণ প্ৰচেষ্টাৰ জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়ে দিনটোৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰে বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীয়ে ৷ পৃথিৱীত বৰ্তমান থকা বাঘৰ সংখ্যাতকৈ অধিক হ্ৰাস নহ’বৰ বাবে তথা ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে সংবাদ মাধ্যমযোগে সকলোকে অনুৰোধ জনায় বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীয়ে ৷

বুঢ়াপাহাৰ বনাঞ্চলত উদযাপন বিশ্ব ব্যাঘ্ৰ দিৱস (ETV Bharat Assam)

সমান্তৰালভাৱে ৰাজ্যত বৃদ্ধি হোৱা বাঘ আৰু মানুহৰ সংঘাত সন্দৰ্ভতো উদ্বেগ প্ৰকাশ কৰে বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীয়ে ৷ জনাঞ্চলৰ সংখ্যা বৃদ্ধিৰ বাবে বনাঞ্চলৰ পৰিমাণ হ্ৰাস পাই অহাৰ বাবেই এই সংঘাতে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুলি কয় বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীয়ে ৷

দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানটোত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি বুঢ়াপাহাৰ বনাঞ্চলত স্থানীয় শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকণ, আকস্মিক বক্তৃতা, সজাগতা সভাকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে উদ্যোক্তা সমিতিয়ে ৷

লগতে পঢ়ক:এটা বাঘে ঘটিয়ে ঘটিয়ে পানী খুৱাইছে বন বিভাগক - Tiger Scare in Nagaon

ধিঙত বাঘ ধৰিবলৈ অভিযানত নামিছে হাতী : সুন্দৰবনৰ জাল লৈ বন বিভাগ - Tiger Scare in Nagaon

বাঘৰ সন্ধানত নিশাৰ ভাগতো ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে : চন্দ্ৰমোহন পাটোৱাৰী - Tiger Scare in Nagaon

ABOUT THE AUTHOR

...view details