অসম

assam

ETV Bharat / state

আইআইটি গুৱাহাটীত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ সফল সামৰণি - INTERNATIONAL SCIENCE FESTIVAL 2024

দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ মনত বিজ্ঞান মানসিকতাৰ উত্তৰণ ঘটাই সফল সমাপ্তি ঘটিল ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ৰ ।

International Science Festival 2024
আইআইটি গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ সফল সামৰণি (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 9:01 AM IST

বাইহাটা : বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে ভাৰতক বিশ্বৰ এক উল্লেখনীয় উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অনুষ্ঠিত হয় চাৰিদিনীয়া ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ৰ দশম সংস্কৰণৰ । মঙলবাৰে এই মহোৎসৱৰ সফল সমাপ্তি ঘটে । মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ।

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱে দেশৰ ভৱিষ্যৎ নিৰ্মাণত বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰধান ভূমিকাক গুৰুত্ব আৰোপ কৰি ভাৰতীয় বিজ্ঞানীসকলৰ উল্লেখনীয় সাফল্যৰ উপস্থাপন কৰিবলৈ সক্ষম হৈছে । বিজ্ঞানক জনপ্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰা এই বৃহৎ অনুষ্ঠান অসমত আয়োজন কৰাৰ বাবে তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মহোৎসৱৰ লগত জড়িত সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক এই বৃহৎ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয় যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ ড৹ এছ সোমনাথকে ধৰি দেশৰ আগশাৰীৰ বিজ্ঞানীসকলৰ লগত মত-বিনিময় কৰি অসমৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে উপকৃত হৈছে আৰু এই মহোৎসৱে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান মানসিকতাৰ উত্তৰণত যথেষ্ট অৰিহণা যোগাইছে ।

আইআইটি গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ সফল সামৰণি (ETV Bharat)

অসম চৰকাৰৰ প্ৰচেষ্টা

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ কাৰণে অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়েও চমু অৱলোকন কৰে । ৰাজ্যখনৰ প্ৰতিটো উন্নয়ন খণ্ডক সামৰি ২১৯ টা বিজ্ঞান কেন্দ্ৰ স্থাপনৰ অন্তত এতিয়া প্ৰতিখন জিলাতো বিজ্ঞান কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এনে জিলাভিত্তিক পাঁচটা বিজ্ঞান কেন্দ্ৰ ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে আৰু আন ১৭ টা কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য চলি আছে । ৰাজ্য চৰকাৰে শেহতীয়াভাৱে জলবায়ু পৰিৱৰ্তনৰ বিষয়টোক বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । এই ক্ষেত্ৰত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪য়ে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব আৰু অসম চৰকাৰ এই বৃহৎ আয়োজনৰ অংশীদাৰ হ'বলৈ পাই গৌৰৱান্বিত বুলিও তেওঁ উল্লেখ কৰে ।

৭,০০০ পঞ্জীয়নকৃত প্ৰতিনিধিৰ অংশগ্ৰহণ

সামৰণি অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি চিএছআইআৰ-নেশ্যনেল ইনষ্টিটিউট ফৰ ইণ্টাৰডিচিপ্লিনেৰী ছায়েন্স এণ্ড টেকন'লজি (CSIR-NIIST)ৰ সঞ্চালক তথা ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ মুখ্য সমন্বয়ক ড৹ চি আনন্দৰামকৃষ্ণণে কয় যে এই ৪ দিনীয়া বৰ্ণাঢ্য মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ ৭০০০ পঞ্জীয়নকৃত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে ৪৫,০০০ তকৈও অধিক লোকে এই মহোৎসৱৰ সাক্ষী হৈছে । অসমৰ সক্ৰিয় অংশগ্ৰহণৰ শলাগ লৈ ড৹ চি আনন্দৰামকৃষ্ণণে ৰাজ্যখনৰ ৩৯ টা ষ্টাৰ্ট আপে প্ৰদৰ্শনীত অংশ লৈ নিজ নিজ সামগ্ৰী প্ৰদৰ্শন কৰিছে বুলিও উল্লেখ কৰে ।

সভাপতিৰ আসনৰ পৰা ভাষণত ডিএছআইআৰৰ সচিব আৰু চিএছআইআৰৰ সঞ্চালক প্ৰধান ড৹ এন কলাইচেলভিয়ে চিএছআইআৰক এই মহোৎসৱৰ আয়োজন কৰিবলৈ সুযোগ দিয়াৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ক ধন্যবাদ জনায় । তেওঁ ভাষণ প্ৰসংগত কৃতজ্ঞতাৰে অসম চৰকাৰৰ পূৰ্ণ সহযোগিতাৰ বাবে ধন্যবাদ জনাই চিএছআইআৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰয়োজনীয়তা অনুসৰি বিজ্ঞান প্ৰকল্প গ্ৰহণত গুৰুত্ব আৰোপ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে ।

সভাত চিএছআইআৰ-নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন'লজি (CSIR-NEIST)ৰ সঞ্চালক ড৹ ভি এম তিৱাৰী, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ সহযোগী ডীন অধ্যাপক সুভেন্দু শেখৰ বাগেও কৃতজ্ঞতাসূচক বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত প্ৰসিদ্ধ লেখক সুনীল আম্বেদকাৰো উপস্থিত থাকে । অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় বিজ্ঞান ভাৰতীৰ সচিব প্ৰধান পি এ বিবেকানন্দ পাইয়ে ।

উল্লেখ্য যে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ তত্বাৱধানত, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত ভাৰতৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে ৩০ নৱেম্বৰৰ পৰা আই আই টি গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ (আই আই এছ এফ ২০২৪)ৰ দশম সংস্কৰণ অনুষ্ঠিত কৰিছিল । আই আই এছ এফ ২০২৪ৰ এই সংস্কৰণ তিৰুৱনন্তপুৰমৰ চিএছআইআৰ-নেশ্যনেল ইনষ্টিটিউট ফৰ ইণ্টাৰডিচিপ্লিনেৰী ছায়েন্স এণ্ড টেকন'লজি (CSIR-NIIST)ৰ সহযোগত আয়োজন কৰা হয় । সামৰণি অনুষ্ঠানত মহোৎসৱৰ বিভিন্ন শিতানৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয় । ইয়াৰে বিজ্ঞান, প্ৰযুক্তিবিদ্যা, প্ৰতিৰক্ষা আৰু মহাকাশ প্ৰদৰ্শনী শিতানত জুৰিৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে বড়োলেণ্ড বিশ্ববিদ্যালয়, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চে ।

আনহাতে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা আৰু ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানলৈ শ্ৰেষ্ঠ প্ৰযুক্তি পেভিলিয়ন বঁটা, অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগ আৰু ভূপালস্থিত মধ্য প্ৰদেশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদ আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীলৈ শ্ৰেষ্ঠ ইণ্টাৰেক্টিভ পেভিলিয়ন বঁটা, নেশ্যনেল কাউন্সিল অৱ ছায়েন্স মিউজিয়াম আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ নেশ্যনেল চেণ্টাৰ ফৰ প'লাৰ এণ্ড অ'চেন ৰিছাৰ্চলৈ শ্ৰেষ্ঠ কনচেপচুৱেল পেভিলিয়ন বঁটা আগবঢ়োৱা হয় । সামগ্ৰিকভাৱে প্ৰদৰ্শনীৰ শ্ৰেষ্ঠ পেভিলিয়নৰ বঁটা লাভ কৰে বায়'টেকন'লজি বিভাগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদে । মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত বিজ্ঞান আৰু প্ৰযুক্তি হেকাথনৰ স্নাতক পৰ্যায়ৰ শাখা আৰু একাদশ শ্ৰেণী পৰ্যন্ত শাখাৰ বিজয়ীসকলকো সামৰণি অনুষ্ঠানত বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক :দিল্লীত অমিত শ্বাহ-গাডকাৰী-নাড্ডাক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details