গুৱাহাটী : সুৰৰ মূৰ্চনাৰে আনক জীয়াই থকাৰ প্ৰেৰণা যোগোৱা শিল্পীগৰাকী এতিয়া নিজেই জীৱন নিৰ্বাহৰ চৰম সংকটত ভুগিছে । হাতৰ বাঁহীটোৰে জগত জিনা এইগৰাকী শিল্পীয়ে এতিয়া পেটৰ তাড়নাত দিকবিদিক হেৰুৱাইছে । এফালে চিকিৎসাৰ খৰচ, আনফালে নিজৰ প্ৰিয় বাঁহীটোত সুৰৰ যাদু সৃষ্টি কৰিবলৈ অপাৰগ হৈ পৰা শিল্পীগৰাকী চৰম আৰ্থিক সংকটত ভুগিছে । যাৰ বাবে ৰজাঘৰৰ শৰণাপন্ন হ'বলগা হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা ।
চৰকাৰী সংস্থাপন বিচাৰি মুখ্যমন্ত্ৰীক সমাজিক মাধ্যমযোগে আহ্বান জনাইছে আন্তঃৰাষ্ট্ৰীয় মঞ্চক প্ৰতিনিধিত্ব কৰি সমাদৰ লভা তথা বাঁহীৰে জগত জিনা শিল্পী দীপক শৰ্মাই । সোমবাৰে এক ফেচবুক পোষ্টৰ জৰিয়তে বিশিষ্ট শিল্পীগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ চৰকাৰী সংস্থাপনৰ বাবে আহ্বান জনাইছে ।
পোষ্টটোত তেওঁ উল্লেখ কৰিছে, "মোৰ লগৰ পংকজ শর্মাই অকালতে আমাক এৰি থৈ গ'ল । ময়ো মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক কাতৰ অনুৰোধ জনালোঁ মোক অতি সোনকালে এটি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে যেন ।"
উল্লেখ্য যে কিছুদিন পূৰ্বে এক ফেচবুক পোষ্টৰ জৰিয়তে শিল্পীগৰাকীৰ তীব্ৰ আৰ্থিক সংকটৰ কথা জনাইছিল । সেই সময়ত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিল্পীগৰাকীয়ে জনাইছিল তেওঁৰ আৰ্থিক সংকটৰ কথা । লগতে অনুষ্ঠান আদি নোহোৱা হোৱাৰ বাবে শিল্পীগৰাকীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ কথাও অৱগত কৰিছিল । লগতে চৰকাৰী সংস্থাপন বিচাৰি সংগীত বা সাংস্কৃতিক বিভাগত এটা চাকৰি দি সহায় কৰিবলৈও আহ্বান জনাইছিল বাঁহীবাদক দীপক শৰ্মাই ।