গুৱাহাটী, ২০ ফেব্ৰুৱাৰী: অসম কংগ্ৰেছত ৰাজনৈতিক ধুমুহা ৷ সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ লোকসভা নিৰ্বাচনৰ সাম্ভাব্য প্ৰাৰ্থিত্বই সংকটত পেলাইছে অসম প্ৰদেশ কংগ্ৰেছক । ৰকিবুল হুছেইনৰ পাশাখেলত কঁপিছে কংগ্ৰেছৰ সংখ্যালঘু ৰাজনৈতিক ভেঁটি । ধুবুৰীত ৰকিবুল হুছেইনক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিব বুলি কংগ্ৰেছত প্ৰায় নিশ্চিত হোৱাৰ পিছত কংগ্ৰেছত ব্যাপক অসন্তুষ্টিয়ে চূড়ান্ত পৰ্যায় পাইছেগৈ । ধুবুৰী লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছ এৰিবলৈ সাজু হৈছে কংগ্ৰেছৰ এজন সাংসদকে ধৰি একাধিক সংখ্যলঘু বিধায়ক ।
অগপলৈ যাব আব্দুৰ ৰচিদ মণ্ডল :
কোনো কাৰণতে ৰকিবুল হুছেইনৰ নেতৃত্ব মানিব নোখোজা এজন কংগ্ৰেছী বিধায়ক আব্দুৰ ৰচিদ মণ্ডল ৷ দল বিৰোধী কাম কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি সভাপতি ভূপেন বৰাই কৰা মন্তব্যক আদৰণী জনাইছে মণ্ডলে ৷ তেওঁ কয়, “মই নাভাবো যে মই কিবা দল বিৰোধী কাম কৰিছো ৷ বিজেপিক পৰাভূত কৰাৰ বাবে আঞ্চলিক দল শক্তিশালী হ’ব লাগিব ৷ কংগ্ৰেছ দল আমি ক’ৰবাত থমকি ৰৈছোঁ ৷ সেইবাবে আঞ্চলিক দলৰ প্ৰয়োজনীয়তা আহিছে ৷ মই কেতিয়াও দল বিৰোধী কথা কোৱা নাই ।”
ৰকিবুল হুছেইনক ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা কৰিছে কংগ্ৰেছৰ সৰহ সংখ্যক সংখ্যালঘু বিধায়কে ৷ আজিৰ তাৰিখত কংগ্ৰেছত থকা সংখ্যালঘু বিধায়কসকলৰ ভিতৰত মাত্ৰ তিনিগৰাকী বিধায়কহে ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ সপক্ষে আছে ৷ সেই তিনি গৰাকী হ’ল ৰূপহীহাট বিধানসভা সমষ্টিৰ নুৰুল হুদা, জলেশ্বৰৰ বিধায়ক আফতাবুদ্দিন মোল্লা আৰু পূৱ গোৱালপাৰাৰ বিধায়ক এ কে ৰচিদ আলম । মুখ ফুটাই নক’লেও বাকী আটাইকেইজনেই ধুবুৰীত বিৰোধিতা কৰিছে ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বক ।
মুকলিকৈ ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছে বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে । কোনো কাৰণতে ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ মানি ল’ব খোজা নাই বিধায়ক মণ্ডলে । আনকি প্ৰয়োজনত অসম গণ পৰিষদলৈ যাবলৈ মানসিকভাৱে সাজু হৈ আছে বিধায়ক মণ্ডল । নিজৰ অসন্তুষ্টিৰ কথা জনোৱাৰ লগতে আঞ্চলিকতাবাদী দল অগপক সমৰ্থন জনোৱাৰ সপক্ষে যুক্তি দি এআইচিচি আৰু ভূপেন বৰালৈ পত্ৰও প্ৰেৰণ কৰিছে আব্দুৰ ৰচিদ মণ্ডলে ।