অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধবিৰতি ঘোষণা অখিল গগৈৰ; মিলাইছে সুৰ !

গো-মাংস বিতৰ্কক লৈ উত্তাল অসমৰ ৰাজনীতি । এইবাৰ অখিল গগৈৰ বিস্ফোৰণ । বিৰোধী ঐক্য সংগঠিত হোৱাৰ ইংগিত ।

Akhil Gogoi on Beef controversy
কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধবিৰতি ঘোষণা অখিল গগৈৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : 18 hours ago

কাজিৰঙা : শেহতীয়া উপ-নিৰ্বাচনৰ পিছতে বিৰোধী দলসমূহ পুনৰ এবাৰ একত্ৰিত হোৱাৰ দিশে আগবাঢ়িছে । ভূপেন বৰাই একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতেই কাজিৰঙাত সংবাদমেলৰ যোগেদি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে যুদ্ধ হ'লেহে যুদ্ধবিৰতি হয় ৷ অখিল গগৈয়ে কয়, "যুদ্ধ আমি কৰা নাই কংগ্ৰেছেহে আৰম্ভ কৰিছে ৷ আমি পীড়িত হৈছিলো । অকলে যুঁজিলে কঠিন ৷"

পুনৰ ঐক্যবদ্ধ হ'ব বিৰোধী দল

হাৰিয়ানা আৰু ঝাৰখণ্ডৰ উদাহৰণ দি অখিল গগৈয়ে কয়, "ঐক্যবদ্ধ ৰূপত উপনীত হ'ব লাগিব ৷ আমি আৰু কাকো সমালোচনা নকৰো ৷ আমাক আনুষ্ঠানিকভাৱে কওক, আমি ঐক্যবদ্ধ ৰূপত অৱতীৰ্ণ হ'ম ৷ বিকল্প কেৱল কংগ্ৰেছ নহয়, সমগ্ৰ ঐক্যবদ্ধ দল হ'ব বিকল্প ৷ ২০২৬ চনত একমাত্ৰ বিকল্প হ'ব ঐক্যবদ্ধ বিৰোধী ৷" কংগ্ৰেছে পৰিৱেশ সৃষ্টি কৰিলে আমি ঐক্যবদ্ধ নিশ্চয় হ'ব বুলি উল্লেখ কৰি গগৈয়ে কয়, "এতিয়াৰে পৰা আনুষ্ঠানিকভাৱে আমি কংগ্ৰেছৰ ভাষাৰেই যুদ্ধবিৰতি ঘোষণা কৰিছো ৷ ৰাইজৰ দলৰ সভাপতি হিচাপে দলৰসমূহ সতীৰ্থক কংগ্ৰেছৰ বিৰুদ্ধে তথা কোনো বিৰোধী দলৰ বিৰুদ্ধে কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছো ৷’’

কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধবিৰতি ঘোষণা অখিল গগৈৰ (ETV Bharat)

ভূপেন বৰাৰ সুৰত সুৰ মিলালে অখিল গগৈয়ে

উল্লেখ্য যে শেহতীয়া উপ-নিৰ্বাচনত কংগ্ৰেছৰ সৈতে বাকী ৰাজনৈতিক দলৰ মুকলি যুদ্ধৰ পাছত সম্প্ৰতি আটাইবোৰ দলেই কিছু সংযম হোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাইজৰ দলৰ বিৰুদ্ধে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰি কোনো ধৰণৰ বিৰূপ মন্তব্য নকৰা সন্দৰ্ভত স্পষ্ট কৰে ৷ কাজিৰঙাৰ অৰ্কিড পাৰ্কত এক সংবাদমেল অনুষ্ঠিত কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷

অখিল গগৈয়ে সংবাদমেলযোগে বিজেপিৰ দৰে ফেচিষ্ট শক্তিক নিঃশেষ কৰিবলৈ হ'লে সকলো বিৰোধী শক্তি একত্ৰিত হ'বই লাগিব বুলি আহ্বান জনায় ৷ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে লগতে কয় যে প্ৰত্যেক দলেই প্ৰত্যেক দলক সন্মান জনাই আগবাঢ়ি যাব লাগিব ৷ বিৰোধীয়ে একেলগে আলোচনাৰ জৰিয়তে এক উমৈহতীয়া কৰ্মসূচীৰ পৰিকল্পনা কৰি ভৱিষ্যত কাৰ্যপন্থা হাতত ল'ব লাগিব ৷

বিষয় গো-মাংস !

ইফালে গো-মাংস বিতৰ্ক সন্দৰ্ভত অখিল গগৈয়ে বিস্ফোৰক মন্তব্য কৰে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি অখিল গগৈয়ে কয়, "কটন কলেজত পঢ়ি থাকোতে হিমন্ত বিশ্ব শৰ্মাই সেইবিলাক খাইছিল ৷ তেতিয়া হিমন্ত বিশ্ব শৰ্মা বিপ্লৱী আছিল, প্ৰতিবাদী আছিল ৷ সেয়ে এইবিলাক খাই হিমন্ত বিশ্ব শৰ্মা অনাই-বনাই ঘূৰি ফুৰিছিল ৷" অখিল গগৈয়ে কয় যে এসময়ত গো-মাংস ভক্ষণ কৰা হিমন্ত বিশ্ব শৰ্মাই এতিয়া আৰ এছ এছক ভাল লগাবৰ কাৰণেই সংখ্যালঘু লোকৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি আহিছে ৷

চামগুৰিৰ উপ-নিৰ্বাচনৰ প্ৰসংগ টানি সংবাদমেলত অখিল গগৈয়ে কয় যে নিৰ্বাচনৰ সময়ত চামগুৰি সমষ্টিত গো-মাংসৰে মুখ্যমন্ত্ৰীয়ে ভোজ-ভাত খুওৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় এই অভিযোগ খণ্ডন কৰাৰ চেষ্টা নকৰিলে ৷ আনৰ খাদ্যাভাসক লৈ ৰাজনীতি কৰা মানেই ফেচিবাদী চৰিত্ৰ প্ৰকাশ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰে অখিল গগৈয়ে ৷ বিধায়কগৰাকীয়ে লগতে কয় যে ছিণ্ডিকেটৰ যোগেদি গৰু বিক্ৰী কৰাটো, সুচল, বৈধ সৰবৰাহ কৰাটো কমি গ'ল ৷ তেওঁৰ মতে দৰিদ্ৰ খেতিয়কে গৰু বিক্ৰী কৰিব নোৱাৰা হ'ল ।

বিজেপিৰ নেতৃত্বত ছিণ্ডিকেট

ছিণ্ডিকেটৰ বাবেই বজাৰত ভয়ংকৰ দাম বৃদ্ধি বুলিও তেওঁ অভিযোগ কৰে ৷ অখিল গগৈৰ অভিযোগ, "বিজেপি চৰকাৰে ২২ টা ছিণ্ডিকেট চলাই আছে । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ছিণ্ডিকেটেই মেইন । প্ৰতিটো ছিণ্ডিকেটৰ বিষয়ে মই জানো আৰু পৰ্যায়ক্ৰমে এটা এটাকৈ প্ৰকাশ কৰি যাম ।" অখিল গগৈয়ে দাবী কৰিছে যে হৰেণ মহন্ত আৰু শিৱসাগৰ জিলাৰ এজন বিজেপি বিধায়কক গ্ৰেপ্তাৰ কৰিলেই ছিণ্ডিকেট বন্ধ হ'ব । ২০২৬ চনত ৰাজ্যত বিৰোধী চৰকাৰ আহিলে ছিণ্ডিকেট নাইকিয়া হ'ব বুলিও দাবী কৰে অখিল গগৈয়ে ।

ইফালে, ৰাইজৰ দলৰ সৈতে বিজেপিৰ দুগৰাকী বিধায়ক, অগপ আৰু এ আই ইউ ডি এফ দলৰ কেইবাগৰাকী নেতাৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কেও যোগদানৰ বাবে যোগাযোগ কৰি আছে বুলি অখিল গগৈয়ে দাবী কৰে ৷ বৰ্তমান সময়ত নহ'লেও ২০২৬ চনৰ পূৰ্বে সম্ভৱতঃ ৰাইজৰ দলত যোগদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক :চামগুৰিত ৰকিবুল হুছেইনক কিয় সকীয়নি দিলে সংখ্যালঘু বিজেপি নেতাই ?

ABOUT THE AUTHOR

...view details