গুৱাহাটী, ৬ অক্টোবৰ :"দক্ষিণ পূব এছিয়াৰ দেশৰ লগত বাণিজ্য উন্নত কৰাৰ বাবে ভাৰতে সীমান্ত মুকলি কৰি যোগাযোগ উন্নত কৰিব লাগিব ।" এই মন্তব্য জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চমুকৈ জেএনইউৰ অধ্যাপক শ্ৰীনাথ কণ্ডপালীৰ । ব'ৰ্ডাৰলেন্সে (Boderlens) গুৱাহাটীত শনিবাৰে আয়োজন কৰা 'Eastern Borderlands Dialogue, 2024' শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে দক্ষিণ এছিয়াৰ দেশবোৰৰ বাণিজ্য ক্ষেত্ৰখনত চীনৰ আধিপত্য চলি আছে । এই ক্ষেত্ৰত ভাৰতে দক্ষিণ এছিয়াৰ দেশবোৰৰ বাণিজ্য ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ বাবে সাৱধানেৰে খোজ দিব লাগিব ।
ভাৰতৰ টেলিকম উদ্যোগ
"Eastern Borderlands Prospects And Pathways For Enhancing Livelihood, Security And Cross-Border Trade Amidst Transitions" শীৰ্ষক বক্তৃতা দি তেওঁ কয়, "ভাৰতবৰ্ষই এতিয়াও টেলিকম উদ্যোগ তথা ব্যৱস্থাটোত স্বাৱলম্বী হ'ব পৰা নাই । এতিয়াও টেলিকম উদ্যোগ তথা ব্যৱস্থাটো চীনৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে । মোবাইল ব্যৱহাৰ হোৱা একাংশ সামগ্ৰীৰ ৭০ শতাংশ এতিয়াও চীনৰ পৰা আমদানি হয় । এই ক্ষেত্ৰত ভাৰতৰ নিৰাপত্তাৰ দিশটোত সংকট হোৱাৰ সম্ভাৱনা আছে ।
তেওঁ কয়,"ভাৰতে এতিয়াও চীনৰ তথ্য প্ৰযুক্তি অনুসৰণ কৰে । মই ক'ব বিচাৰিছো যে দক্ষিণ পূব এছিয়াত জাপান, কোৰিয়া আৰু টাইৱানৰ তথ্য প্ৰযুক্তি চীনতকৈ পুৰণি । চীনে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত জাপান, কোৰিয়া আৰু টাইৱানৰ পৰা অনুসৰণ কৰে । গতিকে ভাৰতে চীনৰ পৰিৱৰ্তে জাপান, কোৰিয়া আৰু টাইৱানৰ তথ্য প্ৰযুক্তি অনুসৰণ কৰা উচিত । ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক চীনৰ পৰিৱৰ্তে জাপান, কোৰিয়া আৰু টাইৱানৰ তথ্য প্ৰযুক্তি অধ্যয়নৰ বাবে প্ৰেৰণ কৰিব লাগে ।"