অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

প্ৰতিটো বিধানসভা সমষ্টিত কমেও ৪০০০০ সদস্য ভৰ্তিৰে ৫০ লাখৰ লক্ষ্য অসম বিজেপিৰ - BJP Membership Drive

BJP Membership Drive in Assam: পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিনটো অন্ত্যোদয় দিৱস উপলক্ষে পালন কৰাৰ উপৰি ৰাজ্যিক বিজেপিয়ে এক বিশেষ দিন হিচাপে উদযাপন কৰিছে । বৰ্তমান চলি থকা বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ অংশ হিচাপে এই দিনটোক সদস্য ভৰ্তিৰ মহা অভিযান হিচাপে উদযাপন কৰিছে । ৰাজ্যত বিজেপিৰ নতুন সদস্যৰ লক্ষ্য কিমান নিৰ্ধাৰণ কৰা হৈছে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

BJP Membership Drive in Assam
আজি ৰাজ্যিক বিজেপিৰ সদস্যতা মহা অভিযান (ETV Bharat Assam)

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : "বৰ্তমানলৈকে অসমত বিজেপিৰ ৪৩ লাখ ৬৭ হাজাৰ নতুন সদস্য ভৰ্তি হৈছে । প্ৰতিটো সমষ্টিত ৪০ হাজাৰকৈ সদস্যভৰ্তি হ'লে সেই সমষ্টিত বন্ধ কৰি দিয়া হ'ব সদস্য ভৰ্তি অভিযান ।" মালিগাঁৱৰ বৰিপাৰাত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাই সদস্য ভৰ্তি অভিযানত উপস্থিত হৈ সাংবাদিকক সম্বোধন কৰি এই কথা সদৰী কৰে ।

তেওঁ লগতে কয়, "৪০ হাজাৰ নোহোৱা সমষ্টিত ৯ অক্টোৰলৈকে চলিব সদস্য ভৰ্তি অভিযান । ইতিমধ্যে কেইবাটাও সমষ্টিত নতুন সদস্যই ৪০,০০০ অতিক্ৰম কৰিছে । সেইসমূহত সদস্যভৰ্তি অভিযান বন্ধ কৰা হ'ব । যিসমূহ সমষ্টিত ৪০,০০০ হোৱা নাই, সেইসমূহ সমষ্টিত ৯ অক্টোৰলৈ সদস্যভৰ্তি অভিযান চলি থাকিব । ১০০ টা সমষ্টিত আমাৰ ৪০,০০০ বা তাতকৈ অধিক সদস্য ভৰ্তি কৰাৰ লক্ষ্য আছে ।"

বিজেপিৰ সদস্যতা মহা অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

কোন সমষ্টিত কিমান সদস্য ভৰ্তি হৈছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "২০ টামান সমষ্টিত সদস্য ভৰ্তি অলপ কম হ'ব, ধুবুৰী জিলাত কম হ'ব ।‌ জালুকবাৰী সমষ্টিত মোবাইলৰ অসুবিধাৰ বাবে সদস্য ভৰ্তি অভিযান কমি আছে । মিত্ৰ দলৰ সমষ্টিসমূহতো সদস্য ভৰ্তি অভিযান আমাৰ ভাল । মিত্ৰ দলে চিন্তা কৰিব নালাগে, আমাৰ ভোট তেওঁলোকে লাভ কৰিব ।"

আজি বিজেপিয়ে উদযাপন কৰিছে সদস্য ভৰ্তিৰ মহা অভিযান দিন

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "আজি আমাৰ সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীয়ে সদস্য ভৰ্তিৰ মহা অভিযান হিচাপে আজিৰ দিনটো পালন কৰিব । কাৰণ আজিৰ দিনটো অন্ত্যোদয় দিৱস, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ওপজা দিন । সেই কাৰণে ময়ো জালুকবাৰী সমষ্টিৰ মণ্ডল সভাপতি, বুথ সভাপতি সকলোকে সাক্ষাৎ কৰি আজি যাতে সদস্য ভৰ্তিৰ মহা অভিযান সফল হয় তাৰ বাবে সকলোকে অনুৰোধ জনালোঁ । যোৱাকালিও মই আমাৰ বিধায়ক, মন্ত্ৰী, জিলা সভাপতি, প্ৰভাৰী সকলোৰে লগতে কথা পাতিছোঁ, যাতে আজিৰ মহা অভিযান সফল হয় । জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে ময়ো সমষ্টিৰ ৰাইজক সাক্ষাৎ কৰি সদস্য ভৰ্তি অভিযান যাতে সফল হয় তাৰ বাবে আহ্বান জনালোঁ ।"

সদস্য ভৰ্তি অভিযানৰ লক্ষ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "সদস্য ভৰ্তিৰ ক্ষেত্ৰত আমাৰ এটা টাৰ্গেট আছিল যে দুৰ্গা পূজাৰ আগতে অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে ৪০ হাজাৰকৈ সদস্য ভৰ্তি কৰিম । আজিৰ পৰা সমষ্টিসমূহে এটা এটাকৈ ৪০ হাজাৰ সীমা স্পৰ্শ কৰিব । ৪০ হাজাৰ হোৱাৰ লগে লগে সদস্যতা বন্ধ কৰিব ।"

লগতে পঢ়ক :অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ; আজি দিছপুৰত আছু নেতৃত্বৰে মুখ্যমন্ত্রীৰ বৈঠক - ASSAM ACCORDS CLAUSE 6
লগতে পঢ়ক :আৰ টি আই কৰ্মী হিচাপে নহয়, অপৰাধী হিচাপে গণ্য কৰা হ’ব দুলাল বৰাক- মুখ্যমন্ত্ৰী - Dulal Bora in controversy

ABOUT THE AUTHOR

...view details