গুৱাহাটী, ৬ আগষ্ট :শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ পিচতো আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা চিন্তনীয় ৰূপত বৃদ্ধি পাই আহিছে ৷ ইফালে শিক্ষাৰ্থীৰ সংখ্যা কমি অহাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় একত্ৰিকৰণৰ সংখ্যাও বৃদ্ধি পাই আহিছে ৷ ৰাজ্যখনত ছাত্ৰ-ছাত্ৰীৰ আধাতে বিদ্যালয় ত্যাগ কৰা তথা স্কুল ড্ৰপ আউটৰ বিষয়টো নতুন নহয় যদিও শেহতীয়াকৈ এই সম্পৰ্কীয় তথ্য উন্মোচিত হৈছে সংসদৰ মজিয়াত ৷
কেৱল সেয়াই নহয়, বিদ্যালয়সমূহত উপলব্ধ হ’বলগীয়া পর্যাপ্ত সা-সুবিধাৰ পৰাও অসমৰ শিক্ষাৰ্থীসকল বঞ্চিত হোৱাৰ তথ্য সংসদৰ মজিয়াত উন্মোচিত হৈছে ৷ শেহতীয়াকৈ লোকসভাৰ প্ৰশ্নোত্তৰ কালত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপটো উন্মোচিত হয় কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দাঙি ধৰা তথ্যত ৷
আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ যথেষ্ট বেছি অসমত :
সংসদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি অসমত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ যথেষ্ট বেছি ৷ এই হাৰৰ পাৰ্থক্য যথেষ্ট বেছি আৰু ৰাষ্ট্ৰীয় হাৰৰ সমান হ’বলৈও অসমে বহু কষ্ট কৰিব লাগিব ৷ মন্ত্ৰীগৰাকীয়ে সংসদত ইউনিফাইড ডিষ্টিক্ট ইনফৰমেচন ছিষ্টেম ফৰ এডুকেচন প্লাছৰ (ইউ ডি আই এছ ই প্লাছ) শেহতীয়া প্ৰতিবেদনৰ তথ্য দাঙি ধৰে ৷
সেই অনুসৰি অসমত নিম্ন প্ৰাথমিক স্তৰত ৬.০২ শতাংশ শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰে ৷ ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় পৰ্যায়ত নিম্ন প্ৰাথমিক স্তৰত আধাতে বিদ্যালয় ত্যাগ কৰাৰ হাৰ হৈছে ১.৪৫ শতাংশ ৷ ২০২১-২২ বৰ্ষৰ ইউ ডি আই এছ ই প্লাছৰ প্ৰতিবেদন অনুসৰি উচ্চ প্ৰাথমিক স্তৰত ৰাজ্যৰ ৮.৮২ শতাংশ ছাত্র-ছাত্ৰীয়ে আধাতে বিদ্যালয় ত্যাগ কৰিছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ হৈছে ৩.০২ শতাংশ ৷ আটাইতকৈ উদ্বেগৰ বিষয়টো হৈছে ৰাজ্যৰ মাধ্যমিক স্তৰত আধাতে স্কুল এৰা শিক্ষার্থীৰ পৰিসংখ্যা ৷ মাধ্যমিক স্তৰত ৰাজ্যৰ ২০.২৫ শতাংশ শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ হৈছে ১২.৬১ শতাংশ ৷
বিভিন্ন সা-সুবিধাৰ অভাৱ :
সংসদত অসমৰ বিদ্যালয়ৰ আন্তঃগাঁথনিকে ধৰি আন সা-সুবিধাৰ ক্ষেত্ৰতো কেতবোৰ তথ্য উন্মোচিত হৈছে ৷ সেই অনুসৰি নিম্ন প্ৰাথমিক স্তৰত অসমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি মাধ্যমিক তথা উচ্চ মাধ্যমিকৰ তুলনাত কিছু উন্নত ৷ তথ্য অনুসৰি শ্ৰেণীকোঠা, ল'ৰা-ছোৱালীৰ বাবে পৃথক শৌচালয়, খোৱাপানী, বৈদ্যুতিকীকৰণ আদিৰ দৰে আন্তঃগাঁথনিমূলক সা-সুবিধাৰ ক্ষেত্ৰত নিম্ন প্ৰাথমিক স্তৰৰ বিদ্যালয়সমূহৰ বাবে অনুমোদন দিয়া মুঠ ১৭,৩০১ টা সা-সুবিধাৰ ভিতৰত ১৪,৮১৮ টা সা-সুবিধা অসমৰ বিদ্যালয়সমূহত বিদ্যমান ৷
কিন্তু মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰত সা-সুবিধাৰ যথেষ্ট সমস্যা আছে ৷ তথ্য অনুসৰি অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰৰ বিদ্যালয়সমূহৰ বাবে মুঠ ৬,৫৬১ টা সা-সুবিধাৰ ব্যৱস্থা থকাটো প্ৰয়োজনীয় ৷ কিন্তু অসমত এনে সা-সুধাৰ ৩,৭৩৩ টাহে আছে ৷ সংসদত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ বিভাগীয় ৰাজ্যিক মন্ত্ৰীজনে প্ৰদান কৰা তথ্যই অসমৰ ৰাজহুৱা শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৷ শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তনৰ বাবে ৰাজ্য চৰকাৰে গুণোৎসৱকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও কার্যতঃ ইয়াৰ কোনো সুফল পৰিলক্ষিত হোৱা নাই ৷