অসম

assam

ETV Bharat / state

এন এফ ৰেলৱেৰ বলিষ্ঠ পদক্ষেপ; ৰক্ষা পৰিল ১৬৮৭ টা হাতীৰ জীৱন - ELEPHANT DEATH ON TRACK

ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু ৰোধ কৰিবলৈ এন এফ ৰে'লৱেৰ সময়োপযোগী আইডিএছ প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত যোৱা আঠবছৰত প্ৰাণৰক্ষা ১৬৮৭ টা হাতীৰ ৷

Etv Bharat
এন এফ ৰেলৱেৰ বলিষ্ঠ পদক্ষেপ (Etv Bharat)

By ETV Bharat Assamese Team

Published : Jan 29, 2025, 12:52 PM IST

গুৱাহাটী, ২৮ জানুৱাৰী: ২০২৪ চনৰ ১৬ অক্টোবৰৰ কথা । নিশাৰ আন্ধাৰত কুঁৱলীয়ে প্ৰায় আৱৰি ধৰিছে ৰাজ্যৰ বাট-পথসহ বিস্তীৰ্ণ অঞ্চল ৷ সেই সময়তে কাৰ্বি আংলং জিলাৰ মাজেৰে অসমৰ উজনি অসমক সংযুক্ত কৰা ৰে’লপথতো আন্ধাৰ আৰু কুঁৱলীৰ মিশ্ৰিত আৱৰণে পৰিৱেশক কৰি তুলিছে মনোৰম ৷ তাৰ মাজেৰেই সেই ঘন আন্ধাৰৰ নিস্তব্ধতা ভেদি উকি মাৰি ইঞ্জিনৰ কৃত্ৰিম চাকিৰ পোহৰ জ্বলাই পাৰ হৈ গৈছে ইখনৰ পিচত সিখন ৰে‘ল ৷ একেদৰে আনদিনাৰ দৰে গুৱাহাটীৰ দিশৰ পৰা হাওৰা-ডিব্ৰুগড় ১৫৯৫৯ উজনিমুৱা কামৰূপ এক্সপ্ৰেছো ৰাওনা হৈছে নিজৰ গন্তব্যস্থলৰ দিশে ৷ চালকৰ আসনত অভিজ্ঞ ল’কো’ পাইলট জে ডি দাস আৰু তেওঁৰ সহযোগী চালক উমেশ কুমাৰ ৷

দূৰণিবটীয়া ৰে‘লগাড়ীখনে নিজৰ স্বাভাৱিক গতি বজায় ৰাখি পাৰ কৰি গৈছে ইটোৰ পিছত সিটো ৰে‘ল ষ্টেশ্যন ৷ তেনেকৈয়ে হাৱাইপুৰ আৰু লামছাখাঙৰ মাজৰ এটা জনশূণ্য বনাঞ্চলৰ মাজেদি গৈ থাকোতে হঠাৎ চালক জে ডি দাসে মন কৰিলে যে তেওঁৰ লগত থকা টেবলেটটোত অনুপ্ৰৱেশ চিনাক্তকৰণ প্ৰণালী (Intrusion Detection System) চমুকৈ আইডিএছে কিবা এটা সতৰ্কবাণী দি আছে ৷ এই প্ৰণালীৰ জৰিয়তে যাত্ৰাপথত সাম্ভাব্য বাধা সম্পৰ্কে ৰে’ল চালকসকলক আগতীয়াকৈ সৰ্তক কৰি দিয়াৰ ব্যৱস্থা থাকে যাতে কোনো দুৰ্ঘটনাক ৰোধ কৰিব পৰা যায় ৷

যদিও ৰে’লখন স্বাভাৱিক গতিত আছিল, সতৰ্ক হৈ পৰা দাস আৰু তেওঁৰ সহকৰ্মীয়ে লগে লগে জৰুৰীকালীন ব্ৰেক প্ৰয়োগ কৰে, যাৰ ফলত ৰে’লখন অলপ দূৰ আগলৈ গৈ ৰৈ যায় । তাৰ পিছত দাস আৰু কুমাৰে মূৰটো বাহিৰলৈ উলিয়াই চাই কিবা এটা লক্ষ্য কৰে যিটো সম্ভৱতঃ তেওঁলোকে নিজৰ গোটেই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিব ৷ তেওঁলোকৰ ৰে‘লখনৰ সন্মুখেৰে পাৰ হৈ গৈ আছিল ৬০ টা হাতীৰ এক বৃহৎ জাক যাৰ উপস্থিতি ধৰা পৰিছিল আইডিএছত ৷ হয়তো সেই সময়ত চালকদ্বয়ে তৎপৰতা নেদেখুৱালে এক অনাকাংক্ষিত বাতৰিয়ে কিছু সময় পিচত খবৰৰ শিৰোনাম দখল কৰিলেহেতেন ৷

ৰাজ্যৰ এটা উদ্বেগৰ বিষয় হ’ল যে প্ৰায়ে বিভিন্ন সময়ত ৰে’লৰ খুন্দাত হাতী মৃত্যু হোৱাৰ বাতৰিয়ে খবৰৰ জগতত স্থান পায় যদিও এইসমূহ বাতৰি যেন হেৰাই যায় সময়ৰ সোঁতত ৷ আনহাতে ভাৰতীয় ৰে‘লৱেৰ কিছু বলিষ্ঠ পদক্ষেপ আৰু উন্নত কাৰিকৰী প্ৰযুক্তিৰ প্ৰয়োগে বহুবাৰ এনে দুৰ্ঘটনা ৰোধ কৰাৰ লগতে বহুত হাতী মৃত্যুমুখত পৰাৰ পৰা ৰক্ষা কৰিছে ৷

হাতীক ৰে’লৰ খুন্দাত মৃত্যুমুখত পৰাৰ পৰা ৰক্ষা কৰাৰ বাবে এন এফ ৰে’লৱেৰ সতৰ্কতামূলক ব্যৱস্থা আৰু পূৰ্বতকৈ এন এফ ৰে’লৱেৰ আৰু বন বিভাগৰ মাজত সমন্বয় শক্তিশালী হৈছে । যাৰ বাবে যোৱা কিছু বছৰৰ পৰা ৰে’লৰ খুন্দাত হাতীৰ‌ মৃত্যুৰ ঘটনা তুলনামূলকভাৱে হ্ৰাস পাইছে আৰু হাতীৰ জীৱন ৰক্ষা পৰাৰ ঘটনা বৃদ্ধি পাইছে।

আঠ বছৰত ৰে’লৰ খুন্দাত ৫৩ টা হাতীৰ মৃত্যু

এন এফ ৰে’লৱেৰ তথ্য মতে, ২০১৭ চনৰ পৰা‌ ২০২৪ চনলৈ আঠ বছৰত এন এফ ৰে’লৱেৰ অধীনৰ এলেকাৰ ৰে’লৰ খুন্দাত ৫৩ টা হাতীৰ মৃত্যু হৈছে ৷ এইক্ষেত্ৰত লামডিং ৰে’ল সংমণ্ডলত হাতীৰ ৰে’লৰ খুন্দাত মৃত্যুৰ সংখ্যা সৰ্বাধিক। তথ্য মতে, ৰে’লৰ খুন্দাত ২০১৭ চনত ১০ টা, ২০১৮ চনত ১১ টা, ২০১৯ চনত ৩ টা, ২০২০ চনত ৪ টা, ২০২১ চনত ৫ টা, ২০২২ চনত ৮ টা, ২০২৩ চনত ৭ টা, ২০২৪ চনত ৫ টা হাতীৰ মৃত্যু ‌হৈছে।

ৰক্ষা পৰিল ১৬৮৭ টা হাতীৰ জীৱন (ETV Bharat)

আঠ বছৰত ৰে’লৰ খুন্দাৰ পৰা ১৬৮৭ হাতীৰ জীৱন ৰক্ষা:

২০১৭ চনৰ পৰা এন এফ ৰে’লৱে এলেকাত ৰে’লৰ খুন্দাত ৫৩ টা হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে এই সময়ছোৱাত আকৌ ৰে’লৰ খুন্দাত দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ১৬৮৭ টা হাতীৰ জীৱন ৰক্ষা পৰিছে। যাৰ কাৰণ ৰে‘ল বিভাগৰ কিছু গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী পদক্ষেপ ৷

হাতীৰ জীৱন ৰক্ষাৰ কৰাৰ প্ৰচেষ্টা সন্দৰ্ভত এন এফ ৰে’লৱেৰ মুখ্য জনসম্পৰ্ক ৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয়,“এন এফ ৰে’লৱেই প্ৰৱৰ্তন কৰা ইনট্রুশ্যন ডিটেকশ্যন ছিষ্টেমে (আই ডি এছ) ৰ বাবে ৰে’লৰ খুন্দাত হাতীৰ মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে। তদুপৰি হাতীৰ জীৱন ৰক্ষা কৰা‌ও সম্ভৱ হৈছে। ৰাজ্যত ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু হোৱাৰ ঘটনা হ্ৰাস কৰাৰ বাবে ২০২০-২০২১ চনৰ পৰা প্ৰথমে এন এফ ৰে’লৱেৰ লংকা আৰু লামডিঙৰ মাজত পাইলট প্ৰজেক্ট হিচাপে প্ৰৱৰ্তন কৰা হৈছিল ইনট্রুশ্যন ডিটেকশ্যন ছিষ্টেম (আই ডি এছ) প্রযুক্তি। পৰৱৰ্তী সময়ত এই প্ৰযুক্তি বাকী এলেকাবোৰত সম্প্ৰসাৰণ কৰা হয়।”

ৰক্ষা পৰিল ১৬৮৭ টা হাতীৰ জীৱন (ETV Bharat)

কি এই আইডিএছ ব্যৱস্থা?

কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি ব্যৱহৃত এই আই ডি এছ ব্যৱস্থাই ৰে’লৱে ছাৰ্ভাৰৰ জৰিয়তে নিকটৱৰ্তী ষ্টেশ্যনৰ ষ্টেশ্যন মাষ্টৰ আৰু ল’কো পাইলটৰ টেবলেট কম্পিউটাৰলৈ ৰে’লপথৰপৰা ১০০ মিটাৰ দূৰত্বত থকা হাতীৰ উপস্থিতিৰ সংকেত প্ৰেৰণ কৰে। সেই মতে পাইলটে ৰে’লগাড়ীৰ গতি নিয়ন্ত্ৰণ কৰে। তেওঁ কয় “যিবোৰ এলেকাত হস্তীদণ্ডি আছে, যিবোৰ ৰে’লপথৰ ওপৰেৰে হাতীৰ অহা যোৱা, সেইবোৰত এই প্ৰযুক্তিৰ‌ ব্যৱস্থা কৰা হৈছে।”

যোৱা কিছু বছৰৰ পৰা ৰে’লৰ খুন্দাত হাতীৰ‌ মৃত্যুৰ ঘটনা তুলনামূলকভাৱে হ্ৰাস পাইছে আৰু হাতীৰ জীৱন ৰক্ষা পৰাৰ ঘটনা বৃদ্ধি পাইছে বুলি দাবী কৰি এন এফ ৰে’লৱেৰ মুখ্য জন সম্পৰ্ক ৰক্ষী বিষয়াজনে কয় যে ৰে’লৰ খুন্দাত হাতী যাতে দুৰ্ঘটনাত পতিত নহয় তাৰবাবে এন এফ ৰে’লৱেই আই ডি এছ প্রযুক্তিৰ লগতে বিশেষ কেতবোৰ ব্যৱস্থা লৈছে। এই‌ ক্ষেত্ৰত বন বিভাগে সহায় আগবঢ়াইছে। “আমাৰ ৰে’লৱে কন্ট্ৰোল ৰুমত বন বিভাগৰ কৰ্মচাৰী এজন সহায়ৰ বাবে থাকে।‌ লগতে কোনো ৰে’ল আলিত হাতীৰ অহা যোৱা বেছি হৈ থাকিলে তাৰ আগতীয়া বাৰ্তা বন বিভাগে ৰে’লৱেক ততালিকে দিয়ে। লগতে ৰে’লৱেৰ ল’কো পাইলটসকলক আই ডি এছ প্রযুক্তিৰ লগতে হাতীৰ বাবে সংবেদনশীল এলেকাৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়।”

ৰে’লপথ পাৰ কৰি থকা অৱস্থাত এটা হাতী (ETV Bharat)

হাতী সম্পৰ্কীয় দুৰ্ঘটনা হ্ৰাসৰ পদক্ষেপ

এইখিনিতে উল্লেখ কৰিব পাৰি যে এন এফ ৰে’লৱে কৰ্তৃপক্ষই ৰে‘লপথত হাতী সম্পৰ্কীয় দুৰ্ঘটনা হ্ৰাস কৰিবলৈ কেইবাটাও পদক্ষেপ আৰম্ভ কৰিছে। ল’কো পাইলটসকলক হাতীৰ কৰিড‘ৰৰ বিষয়ে সতৰ্ক কৰিবলৈ সকলো হাতী কৰিড’ৰত ছাইনবোৰ্ড স্থাপন কৰা হৈছে, ৰে’লপথৰ দুয়োকাষে গছ-গছনি পৰিষ্কাৰ কৰাৰ ফলত চালকসকলৰ দৃশ্যমানতা উন্নত হৈছে।

তদুপৰি পথাৰৰ পৰা হাতীৰ চলাচলৰ বিষয়ে আগতীয়াকৈ খবৰ পোৱা বন বিভাগৰ কৰ্মচাৰীসকলক আলিপুৰদুৱাৰ সংমণ্ডলৰ ৰে’ল নিয়ন্ত্ৰণ কাৰ্যালয়ত নিয়োজিত কৰা হৈছে যাতে তেওঁলোকে হাতীৰ গতিবিধি নিৰীক্ষণ কৰি সেই বাৰ্তা নিকটতম ষ্টেশ্যন অধীক্ষকৰ জৰিয়তে ল’কো পাইলটসকলক প্ৰেৰণ কৰিব পাৰে ৷

লগতে পঢ়ক:অসমত হাতীৰ সংখ্যা বৃদ্ধি; আনন্দৰ লগতে ই উদ্বেগৰো কাৰণ নেকি ? - GROWTH OF GENTLE GIANTS IN ASSAM

ABOUT THE AUTHOR

...view details