অসম

assam

ETV Bharat / state

তেজপুৰত উপস্থিত বায়ু সেনাৰ বায়ু বীৰ বিজেতা কাৰ ৰেলী

IAF car rally: বায়ুসেনাৰ ৯২ সংখ্যক বৰ্ষপূৰ্তি আৰু কাৰ্গিল বিজয়ৰ স্মৃতিত আয়োজন কৰা বায়ুসেনাৰ কাৰ ৰেলী শুকুৰবাৰে তেজপুৰত উপস্থিত হয় ।

IAF car rally
তেজপুৰত উপস্থিত বায়ু সেনাৰ বায়ু বীৰ বিজেতা কাৰ ৰেলী (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 1:08 PM IST

তেজপুৰ :ভাৰতীয় বায়ুসেনাৰ ৯২ সংখ্যক বৰ্ষপূৰ্তি আৰু ১৯৯৯ চনৰ কাৰ্গিল বিজয়ৰ স্মৃতিত কাৰ ৰেলীৰ আয়োজন । ভাৰতীয় বায়ু সেনাই আয়োজন কৰা বায়ু বীৰ বিজেতা কাৰ ৰেলী শুকুৰবাৰে তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হয় । লাডাখৰ থোইছেৰ পৰা আৰম্ভ হোৱা এই কাৰ ৰেলীৰ গন্তব্য স্থান হৈছে অৰুণাচল প্ৰদেশৰ টাৱাং । ইতিমধ্যে এই ৰেলীয়ে ৭,০০০ কিলোমিটাৰ অতিক্ৰম কৰি তেজপুৰত উপস্থিত হৈছে ।

  • বায়ুসেনাৰ কাৰ ৰেলী

তেজপুৰৰ বায়ুসেনা ঘাটিত দলটোক আদৰণি জনাই গ্ৰুপ কেপ্তেইন ভি.কে গুপ্তা, বায়ুসেনা ঘাটিৰ ষ্টেচন কমাণ্ডাৰ আৰু বিষয়া-জোৱানসকলে । ইয়াৰ পূৰ্বে ২৩ অক্টোবৰত গুৱাহাটীৰ গেটৱে টু দ্য ইষ্টত উপস্থিত হৈছিল কাৰ ৰেলীটো ।

তেজপুৰত উপস্থিত বায়ু সেনাৰ বায়ু বীৰ বিজেতা কাৰ ৰেলী (ETV Bharat)
  • শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ

বায়ুসেনাৰ জোৱানসকলে যুৱক-যুৱতীসকলক প্ৰেৰণা যোগোৱাৰ প্ৰাথমিক উদ্দেশ্যৰে যোৱা ২৪ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ২৫ অক্টোবৰত তেজপুৰ বিশ্ববিদ্যালয় ভ্ৰমণ কৰে । দলটোক দুয়োখন বিশ্ববিদ্যালয়তে অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলে উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায় । কাৰ ৰেলীত অংশ লোৱা বায়ুসেনাৰ দলটোৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলে অন্তৰংগ আলাপ কৰে ।

ৰেলীটোত অংশগ্ৰহণ কৰাসকলৰ ভিতৰত আছে এয়াৰ ৱাৰিয়ৰ, সেনা বিষয়া আৰু এয়াৰ ভেটেৰান্স । বায়ুসেনাৰ জ্যেষ্ঠ সৈনিকসকলৰ ভিতৰত অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্তেইন আৰ চি ত্ৰিপাঠী ভি এম এগৰাকী প্ৰাক্তন পেৰা জাম্প প্ৰশিক্ষক, ছামিটিং মাউণ্ট এভাৰেষ্ট আৰু নেপালৰ এভাৰেষ্ট বেছ কেম্পৰ ওচৰৰ গোৰাক্ষেপ (১৭৫০০ ফুট)ত স্কাই ডাইভ প্ৰদৰ্শনৰ এক অনন্য অভিজ্ঞতা আছে ।

ইয়াৰ উপৰিও তেওঁ প্ৰতিখন মহাদেশৰ সকলো সুউচ্চ শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী বায়ুসেনাৰ জোৱান, যাক চেভেন ছামিট বুলি জনা যায় । আন এজন অৱসৰপ্ৰাপ্ত বিষয়া হৈছে গ্ৰুপ কেপ্তেইন এম কে শৰ্মা । তেওঁ এগৰাকী আগ্ৰহী দুঃসাহসিক যিয়ে নিজৰ কেৰিয়াৰত বিভিন্ন ৰেলীত অংশগ্ৰহণ কৰিছে ।

তেজপুৰত উপস্থিত হোৱাৰ পূৰ্বে পুৱা বায়ুসেনা ষ্টেচন বৰঝাৰৰ পৰা দলটোক ফ্লেগ অফ কৰে এয়াৰ অফিচাৰ কমাণ্ডিং এয়াৰ ক'ম'ডৰ এছ এছ প্ৰভুনে । শনিবাৰে দলটোৱে অৰুণাচল প্ৰদেশৰ ডিৰাঙলৈ যাত্ৰা আৰম্ভ কৰাৰ পিছত অৱশেষত টাৱাঙৰ শিখৰত উপস্থিত হ'ব ।

লগতে পঢ়ক :দুদিনীয়া কাৰ্যসূচীৰে শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেল

ABOUT THE AUTHOR

...view details