যোৰহাট:সাহিত্য সভাপতি পদৰ পেনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰি সাহিত্য সভাৰ প্ৰধান সম্পাদকলৈ পত্ৰ লিখি সভাপতি দৌৰৰ পৰা নিজকে আঁতৰাই ৰাখিলে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ।
বৃহস্পতিবাৰে নিজৰ জন্মস্থান যোৰহাটত উপস্থিত হৈ সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয়,"অনুৰাগীসকলে মোক সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাপে বিচাৰিলে নহ'ব শাখাসমূহে বিচাৰিব লাগিব ।"
তেওঁ লগতে কয়,"মোক সাহিত্য সভাৰ সভাপতি হিচাপে পেনেলত নাম দিয়াৰ আগতে মই তেওঁলোকক দুটা অসুবিধাৰ কথা অৱগত কৰিছিলো আৰু অসুবিধাৰ কথাও জানিও উচ্চস্তৰীয় সমিতিয়ে মোৰ নাম পেনেলত অন্তৰ্ভুক্ত কৰিলে, সেয়েহে তেওঁলোকৰ প্ৰতি মোৰ কৃতজ্ঞতা জনালো ৷ যেতিয়া মোৰ নাম পেনেলত অন্তৰ্ভুক্তি কৰিলে তেতিয়া শাখাসমূহে মোলৈ ফোন কৰিছিল । তেতিয়া তেওঁলোকে মোক কৈছিল যে ঘৰতেই বহি থাকিলে নহ'ব । এই কথা শুনি মই আচৰিত হৈছিলো । তাৰ মানে মই ৰাজনৈতিক নেতা দৰে ভোট বিচাৰিব লাগিব আৰু এইটো এটা অশোভনীয় কথা ।"
ইয়াৰোপৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয়,"কাৰণ শিল্পী-সাহিতিকক ৰাজনৈতিক নেতাৰ দৰে একাকাৰ কৰিব নালাগে । মই পৰাজিত হ'ব নিবিচাৰো আৰু আন সকলকো পৰাজিত কৰিব নিবিচাৰো ৷ সাহিত্যিকৰ মাজত জয়-পৰাজয় এক অশোভনীয় কথা । মই এনে প্ৰক্ৰিয়াত থাকিব নিবিচাৰো । নিৰ্বাচনৰ আওতালৈ ননা হ'লে মই সাহিত্য সভাৰ সভাপতি হ'লোহেতেন আৰু এই অশুভ পৰম্পৰা সংশোধন কৰাটো অতি প্ৰয়োজন ।"