তিনিচুকীয়া :এক নৃশংস হত্যাকাণ্ড ! মাত্ৰ এটা সমান্য কথা ! আৰু তাৰ পাচতে... নিমিষতে থান-বান হৈ গ’ল এটি সুখৰ পৰিয়াল ৷ প্ৰকৃততে ভুল কাৰ... নিজৰ ঘৰখন এৰি সুখৰ সংসাৰ কৰিম বুলি অহা চবিনাৰ নে জীৱনৰ নতুন দায়িত্ব লোৱা জুলেনৰ ৷
প্ৰকৃততে তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমচাং ৫ নম্বৰ লাইনত দেওবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । অভিযোগ অনুসৰি, স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰে নিজ পত্নীক । অভিযুক্তটোৰ নাম জলধৰ তাঁতী ওৰফে জুলেন ৷ নিহত মহিলাগৰাকীৰ নাম চবিনা (৩৩) ৷
স্থানীয় গাঁওৰক্ষী বাহিনীৰ এজন লোকে সংবাদ মাধ্যমৰ আগত জানিব দিয়া অনুসৰি, দেওবাৰে নিশা জুলেন তাঁতী নামৰ লোকজনে নিজৰ পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰে ৷ সোমবাৰে এই কথা গম পাই তেওঁলোকে স্থানীয় কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ফোনযোগে উক্ত ঘটনাৰ বিষয়ে খবৰ দিয়ে ৷