অসম

assam

ETV Bharat / state

বন মৰা ঔষধ ব্যৱহাৰ কৰি জোনাইত কৃষকৰ হাহাকাৰ - Maize Cultivation in Jonai

Maize Cultivation in Jonai: বন মৰা ঔষধ ব্যৱহাৰ কৰি মূৰে-কপালে হাত দিছে জোনাইৰ কৃষকে ৷ এটা বিশেষ কোম্পানীৰ ঔষধ ব্যৱহাৰ কৰাৰ পিচতে নষ্ট হ’ল শ শ বিঘা ভূমিত কৰা গোমধানৰ খেতি ৷

Maize Cultivation in Jonai
বন মৰা ঔষধ ব্যৱহাৰ কৰি জোনাইত কৃষকৰ হাহাকাৰ

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 10:45 PM IST

বন মৰা ঔষধ ব্যৱহাৰ কৰি জোনাইত কৃষকৰ হাহাকাৰ

জোনাই, ২০ মাৰ্চ: জোনাইৰ 200ৰো অধিক কৃষকে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অসম-অৰুণাচল সীমান্তৰ ঐৰামঘাট আৰু অৰুণাচল প্ৰদেশৰ বৃহত্তৰ সেউজ কৃষিভূমিৰ জামপানীৰ আদৰ্শ খেতিয়কৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷

Heramba নামৰ এটা কোম্পানীৰ বন মৰা ঔষধ Atria ব্যৱহাৰ কৰি চকুলো টুকিছে অসমীয়া কৃষকে । বৃহত্তৰ অঞ্চলটোৰ শশ খেতিয়কে জোনাই ৰুকচিনস্থিত সঞ্জীব পালৰ ব্যৱসায়িক প্ৰতিষ্ঠান লাৱন্য বীজ ভাণ্ডাৰৰ পৰা ক্ৰয় কৰা Heramba কোম্পানীৰ বন মৰা ঔষধ Atria ব্যবহাৰ কৰাৰ পিচতে হাজাৰ হাজাৰ বিঘা গোমধানৰ খেতি নষ্ট হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

বছৰ বছৰ ধৰি গোমধানৰ খেতি কৰি অহা শশ খেতিয়ক হঠাৎ এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ফলত চিন্তিত হৈ পৰিছে ৷ ঐৰামঘাট তথা বৃহত্তৰ জামপানীৰ খেতিয়কসকলে মাটি ভাড়া আৰু সুদত টকা ধাৰে লৈ কৰিছিল গোমধানৰ খেতি । কিন্তু হঠাৎ Heramba কোম্পানীৰ Atria নামৰ ঔষধে কন্দুৱাইছে খেতিয়কসকলক ।

বৃহত্তৰ জামপানীৰ লগতে ঐৰামঘাটৰ গোমধানৰ খেতিয়কসকলে Heramba কোম্পানীক সংবাদ মাধ্যমৰ জৰিয়তে সম্পূর্ণ ক্ষতিপূৰণৰ দাবী জনাইছে । মাটি ভাড়ালৈ লৈ সুদৰ টকাৰে গোমধান খেতি কৰা খেতিয়কে সম্পূর্ণ ক্ষতিপূৰণ নাপালে আত্মহত্যা কৰাৰ হুংকাৰো প্ৰদান কৰে । তদুপৰি অসম, অৰুণাচল আৰু কেন্দ্ৰীয় চৰকাৰক Heramba কোম্পানীয়ে যোগান ধৰা Atria ঔষধৰ ওপৰত তদন্ত কৰিবলৈ দাবী জনাইছে আদৰ্শ খেতিয়কসকলে ।

উল্লেখ্য যে কৃষকসকলে জনোৱা অনুসৰি প্ৰায় 16 ঘৰ মান লোকৰ খেতি এই বন মৰা ঔষধে নষ্ট কৰিলে ৷ ইফালে 50 হাজাৰৰ পৰা লাখ টকা পৰ্যন্ত লোৱা টকাৰ বাবদ কৃষকসকলে পৰিশোধ কৰি থাকিবলগীয়া হৈছে সুদ ৷ সেয়েহে ঔষধৰ কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছে কৃষকসকলে ৷

লগতে পঢ়ক:প্ৰতিবেশীৰ আক্ৰমণত নিহত এজন, পলাতক অভিযুক্ত

ABOUT THE AUTHOR

...view details