আমগুৰি, ১ জুলাই :শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জৰাধৰা গাঁৱত সোমবাৰে এটা অসাধু ব্য়ৱসায়ীৰ বাসগৃহত বৃহৎ পৰিমাণৰ চুলাই প্ৰস্তুত কৰা অবৈধ লালিগুৰ আৰক্ষীয়ে জব্দ কৰে । আমগুৰিৰ তিনিটাকৈ জাতীয় সংগঠনৰ তথ্যৰ ভিত্তিত গৌৰীসাগৰ আৰক্ষীয়ে জৰাধৰা গাঁৱৰ কুশ বৰুৱা নামৰ ব্যৱসায়ীটোৰ ভঁৰালঘৰৰ কাষত লুকুৱাই থোৱা অৱস্থাত অবৈধ লালিগুৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে এই অভিযানত ১৪ টিন লালিগুৰ জব্দ কৰে । উত্থাপিত অভিযোগ মতে, এখন ট্ৰাকত সৰবৰাহ কৰা এই বৃহৎ পৰিমাণৰ অবৈধ লালিগুৰ দুদিন পূৰ্বে মজুত কৰি স্থানীয় জেহেনীয়া গাঁও, দেওৰজা, কমাৰ চুক, পুলিবৰ, বৰাহীবাৰী অঞ্চলত বিতৰণ কৰি আহিছিল ।
কুশ বৰুৱা নামৰ অবৈধ লালিগুৰ ব্যৱসায়ীটোৱে দুদিন পূৰ্বে প্ৰায় ২০০ টিং লালিগুৰ মজুত কৰিছিল যদিও আজি আৰক্ষীয়ে মাত্ৰ ১৪ টিনহে জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আমগুৰি আটাছু, টাই আহোম যুৱ পৰিষদ, আটছা, কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহৎ পৰিমাণৰ লালিগুৰ সৰবৰাহৰ বিষয়ে আৰক্ষী আৰু আবকাৰীক খবৰ দিয়াৰ পাচতো আৰক্ষী আৰু আবকাৰী বিভাগে নিৰ্দিষ্ট সময়ত অভিযান নচলোৱাৰ অভিযোগ উত্থাপন কৰিছে ।
সোমবাৰে অবৈধ লালিগুৰ সৰবৰাহকাৰী কুশ বৰুৱাৰ বিৰুদ্ধে আটাছু, টাই আহোম যুৱ পৰিষদ আৰু আটছাই গৌৰীসাগৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছে । উল্লেখ্য যে শিৱসাগৰ জিলাৰ আমগুৰিৰ ১৫খনকৈ গাঁৱত অবাধ হাৰত মৰাত্মক চুলাই আৰু অবৈধ লালিগুৰৰ সৰবৰাহ তথা প্ৰচলন হৈ থকাৰ পিছতো আৰক্ষী আৰু আবকাৰী বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।