যোৰহাট,২০ আগষ্ট :যোৰহাট জিলাৰ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ সফল অভিযান । অভিযানত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰা বুলি জানিব পৰা গৈছে ।
বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত দ্ৰুত হাৰত এইছআইভি সংক্ৰমণ হোৱাৰ মূল কাৰণ ড্ৰাগছৰ অবাধ প্ৰচলন বুলি শেহতীয়াকৈ যোৰহাটৰ এগৰাকী অতিৰিক্ত আয়ুক্তই স্বীকাৰ কৰিছিল । ফলস্বৰূপে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিছিল যোৰহাট প্ৰশাসনে । ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযানো তীব্ৰতৰ কৰি তুলিছে । তেনে এক অভিযানৰ মাজতে অসম-নাগালেণ্ড সীমান্তৱৰ্তী তিতাবৰ ফুলবাৰীৰ পৰা প্ৰায় ১.৫০ কোটি টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ।
যোৰহাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কৌশিক কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ফুলবাৰীৰ বজাৰৰ সমীপৰ এটা স্থানৰ পৰা এই ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় । চাবোনৰ বাকচ আৰু পলিথিনৰ বেগত লুকুৱাই থোৱা অৱস্থাত ড্ৰাগছ আৰু প্ৰায় ৫৯৯ টা নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে ।