তিনিচুকীয়া :অৱশেষত স্বস্তিৰ নিশ্বাস এৰিছে তিনিচুকীয়াৰ ওকনিমুৰীয়া গাঁওবাসীয়ে ৷ কিয়নো দীৰ্ঘদিনৰ পৰা তিনিচুকীয়াৰ ওকনিমুৰীয়া গাঁৱত ত্ৰাস সৃষ্টি কৰা বনৰজা হ’ল পিঞ্জৰাবদ্ধ ।
দুদিন পূৰ্বে গাঁওবাসীয়ে বন বিভাগৰ সহযোগত পতা এটা পিঞ্জৰাত আবদ্ধ হ’ল প্ৰকাণ্ড এটা নাহৰফুটুকী । পৰৱৰ্তী সময়ত বন বিভাগৰ এটা দল উক্ত অঞ্চলত উপস্থিত হৈ উদ্ধাৰ কৰি লৈ যায় পিঞ্জৰাসহ নাহৰফুটুকীটো ।
এই সন্দৰ্ভত গাঁওবাসীয়ে জানিব দিয়া অনুসৰি, দীৰ্ঘদিনৰ পৰা স্থানীয় ৰাইজৰ নিদ্ৰাহৰণ কৰা আহিছিল এই বনৰজাই । বহুদিনৰ পৰা বাঘৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছিল গঞাই । প্ৰায় এক-দুই মাহৰ পৰা গাঁওখনত ইঘৰৰ পাছত সিঘৰৰ গৰু, ছাগলী আদি জীৱ-জন্তু নোহোৱা হৈছিল ।
প্ৰথম অৱস্থাত ৰাইজে গাঁৱৰ গৰু-ছাগলীবোৰ চোৰে চুৰি কৰি নিছে বুলি অনুমান কৰিছিল । কিন্তু এদিন স্থানীয় ৰাইজে ৰাস্তাত নাহৰফুটুকীটো দেখিহে গম পালে যে গাঁৱৰ গৰু-ছাগলী চোৰে নিয়া নাই, বাঘেহে খাইছে ৷ তাৰ পাছত স্থানীয় ৰাইজে বন বিভাগক বাঘটোৰ বিষয়ে খবৰ দিয়ে ৷