মাণিকপুৰ:আজিৰে পৰা ৰাজ্যজুৰি অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্রথমবাৰৰ বাবে পৰিচালনা কৰা এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ৪ লাখৰো অধিক শিক্ষাৰ্থী । কিন্তু তাৰ মাজতেই কিছুমান দৃশ্যই দাঙি ধৰিলে বাস্তৱ জীৱনৰ সংগ্ৰামভৰা ছবিখন ৷ জীৱন গঢ় দিয়াৰ লক্ষ্যৰে সেই জীৱনকে বিপদৰ মাজলৈ ঠেলি দি পৰীক্ষা দিবলৈ ওলাল বহুজন ৷
টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা :
জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ টুলুঙা নাৱত আহিল বহুতো শিক্ষাৰ্থী । ৰাজ্যৰ আন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰো বহু কেইটা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা । জিলাখনৰ বৃহত্তৰ মাণিকপুৰ অঞ্চলত লক্ষ্যণীয়ভাৱে দেখা গ’ল এক চিন্তনীয় দৃশ্য ৷ এখন টুলুঙা নাৱেৰে বিপদসংকুলভাৱে পাৰ হৈ বঙাইগাঁও জিলাৰ গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰলৈ আহিবলগীয়া হ’ল বহু ছাত্ৰ-ছাত্ৰী । এফালে পৰীক্ষা ভীতি আৰু আনফালে পৰীক্ষা কেন্দ্ৰলৈ টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা । যিকোনো প্ৰত্য়াহ্বান নেওচি গোলাপাৰা মানাহ নদীৰ কদমতলি পাৰঘাটত উপস্থিত হয় ছাত্ৰ-ছাত্ৰী । ৮-১০ খন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ১০খনৰো অধিক গাঁৱৰ ৰাইজে এইদৰে টুলুঙা নাৱেৰে যাতায়ত কৰি আছে যদিও চৰকাৰ,প্ৰশাসন,বিধায়ক,সাংসদে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ।
কটকটীয়া নিৰাপত্তাৰ মাজেৰে পৰীক্ষা
উল্লেখ্য যে জিলাখনৰ বিভিন্ন কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হয় পৰীক্ষা ৷ গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীক তন্ন তন্নকৈ পৰীক্ষা কৰি ভিতৰলৈ সোমাবলৈ দিয়া হয় । একেদৰে মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জ্ঞান চাকি উচ্চতৰ মাধ্যমিক বিদ্যালয়, কীৰ্ত্তনপাৰা আৰু চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ইংৰাজী পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে শিক্ষাৰ্থীসকলক তন্ন-তন্নকৈ পৰীক্ষা কৰাত কিছুসময়ৰ বাবে কেন্দ্ৰ সমূহৰ বাহিৰত ভিৰ হয় ।