অসম

assam

ETV Bharat / state

নতুন ই-ডীড আৰু ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালীৰ বিষয়ে জানো আহক... - E DEEDS AND CASE MANAGEMENT SYSTEM

ৰাজহ বিভাগৰ নতুন ই-ডীড আৰু ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালী ৷ কিদৰে উপকৃত হ'ব সাধাৰণ জনতা ?

Assam revenue department
ৰাজহ বিভাগৰ নতুন ই-ডীড আৰু ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালী (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 9, 2025, 1:12 PM IST

গুৱাহাটী :ৰাজহ বিভাগৰ সংস্কাৰ সাধনেৰে অসম চৰকাৰে গ্ৰহণ কৰা দুটাকৈ অভিলাষী পদক্ষেপ হৈছে ‘‘ই-ডীড’’ আৰু ৰাজহ সম্পৰ্কীয় গোচৰ নিষ্পত্তিৰ নতুন ব্যৱস্থা । ইয়াৰে ই-ডীড ব্যৱস্থাই সম্পত্তি লেনদেনৰ পঞ্জীয়ন প্ৰক্ৰিয়া সৰল, সুৰক্ষিত আৰু সুশৃংখলিত কৰিব ।

আনহাতে ৰাজহ সম্পৰ্কীয় গোচৰ নিষ্পত্তি ব্যৱস্থা আগতে ৰাজহ আদালতত মেন্যুৱেলি আছিল । কিন্তু নতুন ব্যৱস্থাৰ দ্বাৰা প'ৰ্টেলৰ যোগেদি হ'ব । ফলত ৰাজহ সম্পৰ্কীয় গোচৰ ঘৰতে বহি পঞ্জীয়ন কৰিব পৰা যাব ।

অলপতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই দুয়োটা নতুন ব্যৱস্থাৰ শুভাৰম্ভণী কৰে । ৰাজহ বিভাগৰ এই দুয়োটা ব্যৱস্থাৰ যোগেদি সাধাৰণ জনতা কিদৰে উপকৃত হ'ব । সেই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ।

  • নতুন ই-ডীড ব্যৱস্থা :

সম্পত্তিৰ লেনদেনৰ বাবে ডীড কৰাৰ ব্যৱস্থা আগতে মেন্যুৱেলি আছিল । যাৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল । বহু সময়ত দলিল হেৰাই যায় নাইবা নথি পত্ৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় । যাৰ বাবে প'ৰ্টেলৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ দ্বাৰা অনলাইনতে ডীড কৰিব পৰা যাব ।

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ দ্বাৰা প্ৰৱৰ্তন কৰা এই উল্লেখনীয় পদক্ষেপ হৈছে ই-ডীড । ই-ডীড হৈছে সম্পত্তি লেনদেনৰ পঞ্জীয়ন প্ৰক্ৰিয়া সৰল, সুৰক্ষিত আৰু সুশৃংখলিত কৰাৰ উদ্দেশ্যে ডিজিটেল দলিল ব্যৱস্থা ।

ই-ডীড ব্যৱস্থাৰ মূল সুবিধাসমূহ হৈছে কাগজ বিহীন আৰু ডিজিটেল প্ৰক্ৰিয়া । নথি সংৰক্ষণৰ সুবিধা । স্বচ্ছ আৰু নিকা ব্যৱস্থা । এই ই-ডীড ব্যৱস্থাই নাগৰিকসকলৰ বাবে আইনী সেৱাৰ সুলভতা আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হ'ব ।

ই নাগৰিকসকলৰ তেওঁলোকৰ দলিলসমূহ ডিজিটেলভাৱে প্ৰস্তুত, স্বাক্ষৰ আৰু সংৰক্ষণ কৰিবলৈ সক্ষম কৰিব । ইয়াৰ দ্বাৰা প্ৰচলিত কাগজ-পত্ৰৰ জটিল প্ৰক্ৰিয়াটো সৰল হৈ পৰিব । ই-ডীডৰ জৰিয়তে জনসাধাৰণৰ চৰকাৰী কাৰ্যালয়লৈ অহা-যোৱা কৰাৰ প্ৰয়োজনীয়তা কমিব, নাগৰিকসকলে যিকোনো ঠাইৰ পৰা আইনী নথি-পত্ৰ প্ৰস্তুত কৰাত সহজ হ'ব লগতে সময় ৰাহি হ'ব আৰু আমোলাতান্ত্ৰিক মেৰপেচ হ্ৰাস হ'ব ।

ই-ডীড প্লেটফৰ্মটো ব্যৱহাৰকাৰীৰ অনুকূলভাৱে প্ৰস্তুত কৰা হৈছে । যাতে বিভিন্ন স্তৰৰ ডিজিটেল সাক্ষৰতা থকা ব্যক্তিসকলে সহজেই প্ৰৱেশ আৰু লেনদেন কৰিব পাৰিব । এই ব্যৱস্থাই আইনী নথি-পত্ৰ সংৰক্ষণ আৰু পুনৰীক্ষণৰ বাবে সুৰক্ষিত পৰিৱেশ প্ৰদান কৰিব ।

প্ৰামাণ্যতা নিশ্চিত কৰিব আৰু প্ৰবঞ্চনাৰ আশংকা হ্ৰাস কৰিব । এই প্লেটফৰ্মটো মোবাইল আৰু কম্পিউটাৰ দুয়োটাতেই উপলব্ধ । এই ব্যৱস্থাটো যিহেতু সম্পূর্ণ ডিজিটেল আৰু কাজগৰ ব্যৱহাৰ প্ৰায় শূণ্য, পৰিৱেশৰ ওপৰতো এক ভাল অৰিহনা যোগাব ।

ই-ডীড ব্যৱস্থাটো ৰাজহুৱা সেবাসমূহ ডিজিটেলাইজড কৰাৰ, প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ আৰু নাগৰিকৰ বাবে অধিক কাৰ্যক্ষম, স্বচ্ছ আৰু জবাবদিহি ব্যৱস্থা গঢ়ি তোলাৰ বহল দৃষ্টিভংগীৰ এক অংশ । ৰাজহুৱা সেৱা প্ৰদানৰ আধুনিকীকৰণৰ লক্ষ্যেৰে চলি থকা ডিজিটেলাইজেচন প্ৰক্ৰিয়াৰ ই এটা পদক্ষেপ ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প'ৰ্টেল মুকলি

সময়ৰ লগে লগে প্লেটফৰ্মৰ কাৰ্যক্ষমতা আৰু ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰিবলৈ নাগৰিকৰ পৰা মতামত বিচাৰি ইয়াৰ ওপৰত কাম কৰা হ'ব । যাতে এই ব্যৱস্থা আৰু অধিক কাৰ্যক্ষম, সুৰক্ষিত আৰু ব্যৱহাৰকাৰীৰ অনুকূল কৰিব পাৰি ।

  • ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালী :

ৰাজহ বিভাগৰ আন এটা ডাঙৰ সংস্কাৰ হৈছে ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালী প্ৰৱৰ্তন । ৰাজহ সম্পৰ্কীয় গোচৰ নিষ্পত্তি ব্যৱস্থা আগতে ৰাজহ আদালতত মেন্যুৱেলি আছিল । কিন্তু এতিয়াৰে পৰা ইয়াক অনলাইনৰ মাধ্যমেৰে প'ৰ্টেলৰ যোগেদি কৰাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ ফলত ৰাজহ সম্পৰ্কীয় গোচৰ ঘৰতে বহি পঞ্জীয়ন কৰিব পৰা যাব ।

গোচৰৰ সিদ্ধান্ত প'ৰ্টেলতে সংৰক্ষিত হ'ব । ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালী ৰাজ্যত এক স্বচ্ছ, দক্ষ আৰু নাগৰিক কেন্দ্ৰিক ৰাজহ প্ৰশাসন ব্যৱস্থা বাস্তৱায়িত কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ । ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালী সুশৃংখল আৰু আধুনিকীকৰণ, গোচৰসমূহৰ দ্ৰুত নিষ্পত্তি, বিলম্ব হ্ৰাস আৰু সামগ্ৰিক দক্ষতা উন্নত কৰাৰ বাবে এই প'ৰ্টেলটোআৰম্ভ কৰা হৈছে ।

এই ছফ্টৱেৰটো বিকাশ কৰাৰ প্ৰাথমিক উদ্দেশ্য হৈছে এক বিস্তৃত অনলাইন প্লেটফৰ্ম উপলব্ধ কৰা । যিয়ে ৰাজহ আদালতৰ কামসমূহৰ সকলো দিশ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু MIS জেনেৰেট কৰিব পাৰে৷ ছফ্টৱেৰটোৱে গোচৰ ব্যৱস্থাপনাৰ বাবে এক উপযুক্ত প্লেটফৰ্ম প্ৰদান কৰি গোচৰ দাখিল, নথি সংৰক্ষণ, তথ্য বিশ্লেষণ, প্ৰতিবেদন আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিব ।

সঠিক-সময়ৰ তথ্য লাভ কৰা, গোচৰৰ অগ্ৰগতি ট্ৰেক কৰা, আদালতৰ সিদ্ধান্ত লাভ কৰা আৰু উচ্চ আদালতৰ কাষলৈ যোৱাৰ বাবে অৱগত হৈ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো এই ব্যৱস্থাই নাগৰিকসকলক সহায় কৰিব ।

পৰম্পৰাগত আদালত প্ৰণালীৰ ত্ৰুটিবোৰ সমাধান কৰাৰ বাবে প্ৰস্তুত কৰা এই অনলাইন ভূমি ৰাজহ আদালত প্ৰণালীয়ে নাগৰিকসকলক এক অধিক দক্ষ, নিকা আৰু সুলভ মঞ্চ প্ৰদান কৰিব । এই ডিজিটেল প্লেটফৰ্মে লগতে নিশ্চিত কৰে যে নাগৰিকসকলে তেওঁলোকৰ গোচৰৰ বিষয়ে নিজ নিজ একাউণ্টৰ জৰিয়তে তথ্যৰ সঠিক-সময়ৰ প্ৰৱেশাধিকাৰ পাব, গোচৰ শুনানিৰ আপডেট লাভ কৰিব, শুনানিৰ জাননী লাভ কৰিব । যাৰ ফলত নাগৰিকসকলে অগ্ৰগতি অনুসৰণ কৰিব পাৰিব আৰু সময়মতে আপডেট লাভ কৰিব পাৰিব ।

অনলাইন ভূমি ৰাজহ আদালতে নিকা পদ্ধতি আৰু দায়বদ্ধতা বৃদ্ধিৰে দুৰ্নীতিৰ আশংকা হ্ৰাস কৰাৰ লগতে গোচৰসমূহ নিৰপেক্ষ আৰু সময়মতে নিষ্পত্তি কৰাটো নিশ্চিত কৰে ৷ এই ডিজিটেল প্লেটফৰ্ম হৈছে ইতিহাস সৃষ্টিকাৰী এপ্লিকেচন, যাৰ ফলত নাগৰিকসকলে তেওঁলোকৰ গোচৰৰ সৈতে সম্পৰ্কিত সকলো তথ্য/নথি, হুকুম অনুসৰণ কৰিব পাৰিব ।

তদুপৰি অনলাইন আদালতে নাগৰিকসকলক নথি-পত্ৰ আৰু প্ৰমাণ দাখিল কৰাৰ বাবে এক সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য মঞ্চও প্ৰদান কৰে, যাৰ ফলত টেম্পাৰিং বা লোকচানৰ আশংকা হ্ৰাস হ'ব৷ প্ৰযুক্তিৰ ব্যৱহাৰেৰে অনলাইন ভূমি ৰাজহ আদালতে নাগৰিক আৰু আদালতৰ মাজৰ ব্যৱধান দূৰ কৰাৰ লগতে নিশ্চিত কৰে যে নাগৰিকসকলক সময়মতে ন্যায় নিকা আৰু দায়বদ্ধতাৰে প্ৰদান কৰা হয়, যাৰ জৰিয়তে ৰাজহ আদালত প্ৰণালীত নাগৰিকৰ বিশ্বাস পুনৰ ঘূৰি আহে ।

অনলাইন ভূমি ৰাজহ আদালতে ভৌগোলিক অৱস্থান বা আর্থ-সামাজিক স্থিতি নিৰ্বিশেষে সকলো নাগৰিককে ন্যায়ৰ সম-অধিকাৰ প্ৰদান কৰি বৰ্জন আৰু বৈষম্যৰ ক্ষেত্ৰতো উচিত সমাধান দিব । দূৰৱৰ্তী বা গ্ৰাম্য এলেকাত বাস কৰা নাগৰিকসকলে এতিয়া স্মার্টফোন, টেবলেট বা কম্পিউটাৰৰ দৰে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি ঘৰৰ পৰাই ৰাজহ আদালতৰ কাম-কাজ সম্পন্ন কৰিব পাৰিব ।

লগতে পঢ়ক :বিজ্ঞাপনৰ জৰিয়তে প্ৰায় ৩.৫ কোটিৰ ৰাজহ সংগ্ৰহ NF ৰে'লৱেৰ

একেদৰে পৰম্পৰাগত আদালত প্ৰণালীৰ পৰা সৃষ্টি হোৱা বাধা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন নোহোৱাকৈ, বিশেষভাৱে সক্ষম আৰু কম উপাৰ্জন কৰা ব্যক্তিসকলেও আদালতৰ কাম-কাজ কৰাত অসুবিধাৰ সন্মুখীন নহ'ব ।

অন্তৰ্ভুক্তি আৰু সুলভতা প্ৰচাৰ কৰি অনলাইন ভূমি ৰাজহ আদালতে নিশ্চিত কৰে যে কোনো বৈষম্য বা পক্ষপাতিত্ব অবিহনে সকলো নাগৰিকক ন্যায় প্ৰদান কৰিব ।

  • নাগৰিকৰ ওপৰত ইয়াৰ প্ৰভাৱ :

১. নাগৰিকৰ ভাল অভিজ্ঞতা : ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালী ৰাজ্যৰ নাগৰিকসকলৰ জীৱন সহজ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে । যিয়ে নাগৰিকসকলক এক নিৰৱচ্ছিন্ন আৰু ভাল অভিজ্ঞতা প্ৰদান কৰিব ৷

২. অপেক্ষাৰ সময় হ্ৰাস :এতিয়াৰে পৰা নাগৰিকসকলে শাৰী পাতি অপেক্ষা কৰা বা জটিল আমোলাতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা অতিবাহিত কৰিব নালাগে ।

৩. অধিক নিকা পদ্ধতি :ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালী নাগৰিকসকলক গোচৰৰ তথ্যৰ সঠিক-সময়ৰ প্ৰদান কৰিব, লগতে নিকা পদ্ধতি আৰু দায়বদ্ধতা বৃদ্ধি কৰিব ।

৪. অনলাইন গোচৰ ৰুজু : নাগৰিক সকলে অনলাইনত গোচৰ ৰুজু কৰিব পাৰিব, যাৰ ফলত আদালতলৈ শাৰীৰিক কষ্ট নেওচি যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস হ'ব ।

৫.কামৰ গতিত স্বয়ংক্ৰিয়তা : প্ৰণালীটোৱে কামৰ গতি স্বয়ংক্ৰিয় কৰি মেনুৱেল ক্ৰটি হ্ৰাস কৰিব আৰু কৰ্ম দক্ষতা বৃদ্ধি কৰিব ।

৬. গোচৰৰ সঠিক-সময় ট্ৰেকিং আৰু আপডেট : নাগৰিকসকলে তেওঁলোকৰ গোচৰৰ স্থিতি অনলাইনত ট্ৰেক কৰিব পাৰিব, অনলাইনতে নথি আপডেট লাভ কৰিব পাৰিব, গোচৰ শুনানিৰ তাৰিখ লাভ কৰিব। লগতে অনিশ্চয়তা আৰু উদ্বেগ হ্ৰাস কৰিব পাৰিব ।

৭. আদালতৰ সিদ্ধান্ত : নাগৰিক সকলে এছ এম এছ এলাৰ্টৰ জৰিয়তে আদালতৰ সিদ্ধান্ত/ৰায়ৰ প্ৰকৃত সময় লাভ কৰিব পাৰিব ।

৮. অন্যান্য প্ৰণালীৰ সৈতে একত্ৰীকৰণ : এই ই-ৰাজহ আদালত প্ৰক্ৰিয়া ধৰিত্ৰী, এন জি ডি আৰ এছৰ সৈতে একত্ৰিত কৰা হ'ব, যিয়ে ৰাজ্যৰ যিকোনো স্থানত নিৰ্দিষ্ট ভূমি ৰেকৰ্ডৰ বিৰুদ্ধে গোচৰ পঞ্জীয়নৰ বিষয়ে চৰকাৰী বিষয়াসকলক প্ৰকৃত সময়ৰ সতর্কবাণী/আপডেট প্ৰদান কৰিব ।

এই অনলাইন গোচৰ দাখিল প্ৰণালী সকলো ৰাজহ চক্ৰ আৰু সকলো জিলাত আৰম্ভ কৰা হৈছে । ৰাজ্যজুৰি ডিজিটাইজড ভূমি ৰেকৰ্ডৰ (ধৰিত্ৰী) সহায়ত misc গোচৰ দাখিল, মিউটেচনত আপীল গোচৰ, বিভাজন সম্পৰ্কীয় ভূমি বিষয় আৰু ক্ৰমান্বয়ে সকলো ধৰণৰ ভূমি ৰাজহ আপীল গোচৰ পৰ্যায়ক্ৰমে অন্তৰ্ভুক্ত কৰা হ'ব ।

লগতে পঢ়ক :অনলাইন ব্যৱস্থা : এবছৰত ভূমি ৰাজহ সংগ্ৰহ ২৫ শতাংশ হ্ৰাস

ABOUT THE AUTHOR

...view details