গুৱাহাটী : আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আজি এই আচঁনিৰ শুভাৰম্ভ কৰিব ।
আগ্ৰহীসকলে কিদৰে কৰিব পঞ্জীয়ন :
- CMAAA পৰ্টেল CMAAA.assam.gov.inত প্ৰথমতে নিজৰ নাম পঞ্জীয়ন কৰি পৰৱৰ্তী সময়ত তেওঁলোকে প্ৰকল্পৰ আবেদন জমা দিব পাৰিব
- নিজৰ সম্পূৰ্ণ নাম, ম’বাইল নম্বৰ, ই-মেইল আই ডি আদি প্ৰদান কৰি পৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব
- পঞ্জীয়নৰ মাচুল সাধাৰণ শ্ৰেণীৰ ২০০ টকা, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ১০০ টকা অনলাইন মাধ্যমেৰে জমা দিব লাগিব
- পঞ্জীয়নৰ প্ৰ -পত্ৰত উল্লেখ কৰা নাম, প্ৰাৰ্থীৰ পৰিচয় পত্ৰ, বেংকৰ পাছবুক আদিৰ সৈতে একে হোৱাটো বাঞ্ছনীয়
কি কি নথি-পত্ৰৰ প্ৰয়োজন হ'ব :
- পৰিচয় পত্ৰ/ ঠিকনাৰ প্ৰমাণ পত্ৰ : আধাৰ কাৰ্ড/পাছপ’ৰ্ট/ ড্ৰাইভিং লাইচেন্স
- শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, পান কাৰ্ড
- নাম আৰু একাউণ্ট সম্বন্ধীয় তথ্য সম্বলিত সক্ৰিয় বেংক একাউণ্টৰ পাচবুকৰ প্ৰথম পৃষ্ঠা
কোনে কৰিব পাৰিব আবেদন ? :
- অসমৰ স্থায়ী বাসিন্দা আৰু অসমত বসবাস কৰা লোক হ'ব লাগিব
- নিয়োগ বিনিয়োগ ক্ষেত্ৰত পঞ্জীয়নভুক্ত হ'ব লাগিব
- আবেদনকাৰী ১ এপ্ৰিল ২০২৪ ত ২৮ ৰ পৰা ৪৫ বছৰৰ বয়সৰ ভিতৰত হ'ব লাগিব
শিক্ষাগত অৰ্হতা :
- অনাবৃত্তিমূলক শাখাৰ প্ৰাৰ্থীসকলৰ বাবে
- সাধাৰণ শ্ৰেণীৰ বাবে দশম শ্ৰেণী উত্তীৰ্ণ
- অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে দশম শ্ৰেণী পৰ্যন্ত পঢ়া