ডিব্ৰুগড়,২৫ মে':ৰঙালী বিহু উদযাপনৰ বাবে চৰকাৰে প্ৰদান কৰি অহা ডেৰলাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানত অনিয়ম ৷ চৰাইদেউ জিলাত বিহুৰ অনুষ্ঠান আয়োজন নকৰা জাতীয় সংগঠনৰ একাউণ্টত সোমাল ডেৰ লাখ টকা ৷ চৰকাৰী গাইডলাইনৰ চূড়ান্ত অৱমাননা কৰি চৰজমিন তদন্ত নকৰাকৈয়ে বিহুৰ আৰ্থিক সাহাৰ্যৰ বাবে নিৰ্বাচন কৰা হ'ল "টাই আহোম যুৱ পৰিষদ, অসম" চমুকৈ "টাইপা" নামৰ সংগঠনটোক ৷
এই সাহাৰ্যৰ বাবে নতুন গাইডলাইন অনুসৰি ব'হাগ মাহৰ ভিতৰত নূন্যতম ১০ বছৰ বিহু উদযাপন কৰি অহা পুৰণি বিহু আয়োজক সমিতিসমূহক এইবাৰ ডেৰলাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সেই অনুসৰি চলিত বৰ্ষত চৰকাৰী সাহাৰ্যৰ বাবে চৰাইদেউ জিলাত আন আন ২২ খনকৈ বিহু উদযাপন সমিতিৰ লগতে অন্তৰ্ভূক্ত হৈছিল “টাই আহোম যুৱ পৰিষদ, অসম” নামৰ জাতীয় সংগঠনটো ৷
তালিকাত লাভ কৰা তথ্য অনুসৰি ইণ্ডিয়ান অভাৰচীজ বেংকৰ মৰাণ শাখাত থকা ২৩২২০১০০০০১০০৩৫ নম্বৰৰ একাউণ্টৰ জৰিয়তে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ১২ তাৰিখেই ডেৰ লাখ টকা চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা হয় ৷ কিন্তু সমগ্ৰ ব'হাগ মাহটোৰ ভিতৰত চৰাইদেউ জিলাৰ কোনো স্থানতে উল্লেখিত সংগঠনটোৰ উদ্যোগত ব'হাগ বিহু নাইবা ৰঙালী বিহু উদযাপন কৰা পৰিলক্ষিত নহ'ল ৷