অসম

assam

ETV Bharat / state

বাঘৰ সৈতে যুঁজি মৃত্যুমুখৰ পৰা পত্নীক ৰক্ষা কৰিছিল দিলীপে; কেনে আছে যমুনা গ'ড় ? - KALIBOR TIGER ATTACK CASE

বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱা কলিয়াবৰৰ যমুনা গ'ড় কেনে আছে ? কাজিৰঙাৰ সাংসদৰ পৰ্যাপ্ত চিকিৎসাৰ আশ্বাস বাস্তৱ হ'বলৈ কিমান দিন ?

Kalibor tiger attack case
বাঘৰ সৈতে যুঁজি মৃত্যুমুখৰ পৰা পত্নীক ৰক্ষা কৰিছিল দিলীপে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 8 hours ago

কলিয়াবৰ :কলিয়াবৰত অব্যাহত আছে ঢেকীয়াপতীয়াৰ ত্ৰাস । ইতিমধ্যে বাঘৰ আক্ৰমণত নিহত হৈছে এজন লোক । আনহাতে, বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা যমুনা গ'ড় এতিয়াও চিকিৎসাধীন । কিন্তু এই সম্ভাব্য মৃত্যুৰ পৰা নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰিও বনৰজাৰ সৈতে আধা ঘণ্টা যুঁজ দি পত্নীক উদ্ধাৰ কৰিছিল যমুনাৰ সাহসী স্বামীয়ে ।

  • কেনেদৰে মৃত্যুৰ মুখৰ পৰা বাচিছিল যমুনা

যমুনাৰ স্বামীয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে সেই শিহৰণকাৰী ঘটনা । ঘটনাটো সংঘটিত হৈছিল কলিয়াবৰ চাহ বাগিচাত । বাঘে আক্ৰমণ কৰাৰ বাতৰি সবিস্তাৰে প্ৰকাশ হৈছিল ইটিভি ভাৰতত । যোৱা ২১ ডিচেম্বৰত কলিয়াবৰ চাহ বাগিচাৰ ১৩ নং লাইনত খৰি লুৰিবলৈ গৈছিল পতি-পত্নী দিলীপ গ'ড় আৰু যমুনা গ'ড় ।

বাঘৰ সৈতে যুঁজি মৃত্যুমুখৰ পৰা পত্নীক ৰক্ষা কৰিছিল দিলীপে (ETV Bharat Assam)

সেইদিনাৰ ঘটনাৰ বিষয়ে দিলীপ গ'ড়ে বৰ্ণনা দি কয়, "খৰি কাটি থকাৰ সময়তে প্ৰকাণ্ড এটা ঢেকীয়াপতীয়াই পাছফালৰ পৰা আক্ৰমণ কৰিছিল মোৰ পত্নীক । তেওঁক বাঘে আক্ৰমণ কৰাত মই বাঘটোৰ পিছফালে এডাল বাঁহেৰে কোবাই খেদিবলৈ চেষ্টা কৰো । লগে লগে বাঘটোৱে তেওঁক এৰি মোক আক্ৰমণৰ লক্ষ্য কৰি লয় ।"

  • বাঘৰ সৈতে সাহসেৰে যুঁজিছিল দিলীপে

কিন্তু দিলীপ গ'ড়ে সাহসেৰে বাঘটোৰ মুখামুখি হৈ প্ৰায় আধা ঘণ্টা বাঘটোৰ চকুত চকু থৈ পত্নীক বাঘৰ মুখৰ পৰা বচাবলৈ চেষ্টা চলাই থাকিল । অৱশেষত বাঘটো ঘন জংঘলৰ মাজলৈ উভতি যায় । তাৰ পাছতেই পত্নী যমুনা গ'ড়ক কোলাত লৈ চিকিৎসালয়ত ভৰ্তি কৰায় । গুৰুতৰভাৱে আহত যমুনাক জখলাবন্ধাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

কিন্তু তেজপুৰৰ পৰাও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ যমুনাক প্ৰেৰণ কৰে । অৱশ্যে কিছু সুস্থ হোৱাৰ অন্তত কলিয়াবৰ চাহ বাগিচাৰ চিকিৎসালয়ত যমুনা চিকিৎসাধীন হৈ আছে যদিও তেওঁ সঠিক চিকিৎসা লাভ নকৰাৰ অভিযোগ উঠিছে ।

  • সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ আশ্বাস কেতিয়া কাৰ্যকৰী হ'ব

আনহাতে, শেহতীয়াকৈ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই যমুনাক চিকিৎসালয়ত সাক্ষাৎ কৰি পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা প্ৰদানৰ আশ্বস দিয়ে । কিন্তু সেই আশ্বাস বাস্তৱত ৰূপায়িত হ'বলৈ কিমান দিন লাগিব সেই বিষয়ে গ'ড় দম্পতিয়ে নাজানে ।

তথাপিও এই ঘটনাত ‘‘ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে’’ আপ্ত বাক্যশাৰী পুনৰ প্ৰমাণিত হোৱাৰ লগতে এই শিহৰণকাৰী ঘটনাই কৈ গ'ল দিলীপ গ'ড়ৰ পত্নীৰ প্ৰতি থকা প্ৰেম আৰু ভালপোৱাৰ কথা ।

লগতে পঢ়ক :হাতীজান চাহ বাগিচাত বাঘৰ ত্ৰাস, গুৰুতৰভাৱে আহত মহিলা শ্ৰমিক - বাঘৰ ত্ৰাস
লগতে পঢ়ক :এছক'ৰ্ট লৈ বিদ্যালয়লৈ শিক্ষাৰ্থী; ক'ত, কিয় ? - STUDENTS ESCORTED AT KALIABOR

ABOUT THE AUTHOR

...view details