গুৱাহাটী,২৫ এপ্ৰিল:এজন সাধাৰণ বিষয়াৰ কিমান ধন সম্পত্তি থাকিব পাৰে । এজন সাধাৰণ বিষয়াই কিমান দিনৰ ভিতৰত কোটিপতি হ'ব পাৰে তাৰে এক উদাহৰণ হৈছে আৰকাৰী বিভাগৰ সচিব তথা জ্যেষ্ঠ আইএএছ বিষয়া ইন্দ্রেশ্বৰ কলিতা । কলিতাই অতি কম সময়ৰ ভিতৰতে এজন সাধাৰণ বিষয়াৰ পৰা কোটিপতি ধনাঢ্য বিষয়ালৈ পৰিৱৰ্তন হৈছিল । এজন সাধাৰণ বিষয়াৰ পৰা কোটিপতি ধনাঢ্য বিষয়ালৈ পৰিৱৰ্তনৰ আঁৰত আছে কেৱল দুৰ্নীতি আৰু দুৰ্নীতি ।
পদ, মর্যদাৰ অপব্যৱহাৰ কৰি নামে-বেনামে অগাধ ধন-সম্পত্তিৰ গৰাকী হৈছে আৰকাৰী বিভাগৰ সচিব ইন্দ্রেশ্বৰ কলিতা । আয় বহির্ভূত সম্পত্তিৰ বিৰুদ্ধে মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষে ৰুজু কৰা গোচৰৰ তদন্ত আগবঢ়াৰ লগে লগে পোহৰলৈ আহিছে ইন্দ্ৰেশ্বৰ কলিতাৰ কোটিপতি হোৱাৰ বহু কাহিনী । মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষে দুদিনকৈ জেৰা চলায় ইন্দ্ৰেশ্বৰ কলিতাক । জেৰাত কন্যাৰ বিয়া উপলক্ষে আয়োজন কৰা দীঘলীয়া অভ্যর্থনাত কিমান টকা ব্যয় কৰিছিল সেই প্রশ্নৰো উত্তৰ দিব লগা হয় ।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, অতি কম সময়ৰ ভিতৰতে কোটি টকাৰ সম্পত্তিৰ মালিক হৈছিল ইন্দ্ৰেশ্বৰ কলিতা । সাধাৰণ দৃষ্টিত তেওঁ প্রশাসনৰ এগৰাকী শীর্ষ আমোলা যদিও তেওঁৰ আয় অনুপাতে ইমান সম্পত্তি থকাৰ কথাটো কল্পনাও কৰিব পৰা নাছিল তদন্তকাৰী বিষয়াই । আয়তকৈ ২০০ গুণ সম্পত্তিৰ অধিকাৰী কলিতা । মহানগৰীৰ কেইবাস্থানতো বিষয়াজনৰ নামে-বেনামে ভূমি-সম্পত্তি থকাৰ কথা প্রাৰম্ভিক তদন্তত আৰক্ষীয়ে অবগত হৈছে যদিও শেহতীয়াকৈ ভূমি-সম্পত্তিৰ লগতে ৰাজ্যৰ কেইবা স্থানতো বহুসংখ্যক ব্যৱসায়িক প্রতিষ্ঠান বিষয়াজনৰ নামত থকাৰ সম্ভেদ তদন্তকাৰী দলে লাভ কৰিছে ।
জানিব পৰা মতে, দুর্নীতিৰ আশ্রয় লৈ ধন ঘটা বিষয়াজনে এই সকলো ব্যৱসায়িক প্রতিষ্ঠান ক'লা টকাৰে গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈছে । চি এম ভিজিলেঞ্চৰ তদন্তকাৰী দলে বিষয়াজনৰ সম্পত্তিৰ এক দীঘলীয়া তালিকা ইতিমধ্যে প্রস্তুত কৰিছে । চি এম ভিজিলেঞ্চে চিহ্নিত কৰা সম্পত্তিসমূহৰ অধিকাংশই বিষয়া কলিতাৰ পৰিয়ালৰ বিভিন্ন লোকৰ নামত আছে বুলি জানিব পৰা গৈছে ।