ডিব্ৰুগড়, 8 জুলাই : "চেলেপু কথাৰে বান সমস্যাটোক লঘু কৰিব নেকি ? এজন চেলেপু মুখ্যমন্ত্ৰী, অগভীৰ মুখ্যমন্ত্ৰী, এজন অসংবেদনশীল আৰু আত্মসমৰ্পণকাৰী মুখ্যমন্ত্ৰী ৷ যিজন মুখ্যমন্ত্ৰীয়ে আজি অসমৰ প্ৰত্যেকজন লোকক অপমান কৰিছে ৷" ৰাজ্যৰ বৰ্তমানৰ বান পৰিস্থিতিক লৈ সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক এইদৰে সমালোচনা বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷
অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ ডিব্ৰুগড়ত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ ডিব্ৰুগড়ৰ সাহিত্য সভা ভৱনত সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে বিধায়কজনে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ ভয়াৱহ বান পৰিস্থিতিক 'বান সদৃশ' পৰিস্থিতি বুলি কৰা মন্তব্যই অসমবাসীক চৰম অপমান কৰা বুলি কয় বিধায়ক গগৈয়ে ৷ তেওঁ বানত ৰাজ্যৰ 24 লাখ মানুহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 78 জন মানুহৰ মৃত্যু হৈছে বুলি উল্লেখ কৰি আৰু কিমান লাখ লোক ক্ষতিগ্ৰস্ত হ'লে কেন্দ্ৰই পুঁজি মোকলাই দিব বুলি প্ৰশ্ন কৰে অখিল গগৈয়ে ৷ গুজৰাট, বিহাৰত 78 জন মানুহৰ মৃত্যু হোৱাহেতেন কেন্দ্ৰই লগে লগে সাহাৰ্য প্ৰদান কৰিলেহেতেন বুলি মন্তব্য কৰে তেওঁ ৷
ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ গজদন্ত মিনাৰৰ পৰা নামিবলৈ আহ্বান কৰে বিধায়কজনে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা কৰিলে বাহিৰৰ পৰা মানুহ নাহিব বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি 'তেন্তে অসমৰ বানপানীৰ ৰাষ্ট্ৰীয় সমাধান কি থাকিব' বুলি প্ৰশ্ন কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এজন 'চেলেপু, অসংবেদনশীল, অগভীৰ মুখ্যমন্ত্ৰী' বুলি অভিহিত কৰে অখিল গগৈয়ে ৷ এইবাৰ বানত কেন্দ্ৰীয় চৰকাৰৰ অসমৰ বিৰুদ্ধে থকা মাহীআইৰ দৃষ্টি লজ্জাজনক ৰূপত স্পষ্ট হৈছে বুলি তীব্ৰ সমালোচনা কৰে তেওঁ ৷