ধেমাজি :চৰাইদেউৰ পিছতে উত্তৰ পাৰৰ ঐতিহাসিক ঠাই হিচাপে বিবেচিত হৈছে ধেমাজিৰ হাবুং ৷ উল্লেখ্য যে ১৯৮৯ চনত পশ্চিম ধেমাজিত চাওলুং চ্যুকাফাৰ দ্বিতীয় অস্থায়ী ৰাজধানী হাবুঙক উদ্ধাৰ কৰাৰ পিছতে ১৯৯০ চনত জহোমৰ ফৰালুং সংঘ আৰু ধেমাজি জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত নগেন হাজৰিকাৰ সহযোগত আহোমৰ পৰম্পৰা অনুসৰি তাই ভেটিত উপাসনা কৰা মন্দিৰ নিৰ্মাণ কৰা হয় ৷
হাবুঙক সংৰক্ষণৰ বাবে হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে সুদীৰ্ঘকাল চৰকাৰক আবেদন জনাই আহিছিল যদিও শেহতীয়াকৈ ২০১৭ চনত তদনীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰৰ দিনতহে হাবুঙত উন্নয়নৰ পোহৰ পৰিবলৈ আৰম্ভ কৰে আৰু হাবুঙক পুনৰ নিৰ্মাণৰ বাবে পুঁজি আগবঢ়োৱা প্ৰক্ৰিয়া আৰম্ভ হয় ৷ মূল উপাসনা মন্দিৰ চাওচেন ৰেণ, হুলুং হফি ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পিছত বিভিন্ন প্ৰান্তৰ পৰা নিতৌ দশনাৰ্থীৰ সমাগম ঘটে হাবুঙত ৷
ধেমাজিৰ ঐতিহাসিক হাবুং (ETV Bharat Assam) হাবুঙৰ ইতিহাস
উল্লেখ্য যে ১২৪০ খ্ৰীঃত চাওলুং চ্যুকাফাই ইয়াতে অস্থায়ীভাৱে ৩ বছৰ কাল থকাৰ পিছত ১২৫৩ খ্ৰীঃত চৰাইদেউলৈ গৈছিল ৷ ইতিহাসবিদসকলৰ মতে পশ্চিম ধেমাজিৰ আজোহা আৰু বুঢ়াভকত অঞ্চলৰ এই হাবুং অঞ্চলত চাওলুং চ্যুকাফাই দ্বিতীয় ৰাজধানী স্থাপন কৰিছিল বুলি জনা যায় ৷ স্থানীয় ৰাইজৰ মতে বিস্তীৰ্ণ অঞ্চলটোক প্ৰথমে তাই ভেটি হিচাপে জনা গৈছিল ৷ কিয়নো ইয়াত তাই ভাষাৰ সাঁচিপাতৰ পুথি উদ্ধাৰ হৈছিল ৷
বৰ্তমান বিশেষকৈ ইংৰাজী নৱবৰ্ষ আৰু অসমীয়া বিহু আৰু বিভিন্ন উৎসৱৰ সময়ত অভূতপূৰ্ব ভক্তৰ সমাৱেশ হয় ৷
কালিকা লগা পুখুৰী, শ ধোৱা পুখুৰী আৰু এটা মৈদাম
ইয়াতে পৰ্যটকৰ বাবে আছে এটা ৰজাদিনীয়া কালিকা লগা পুখুৰী ৷ ইতিমধ্যে কালিকা লগা পুখুৰী হিচাপে শেহতীয়াকৈ চিনাক্ত কৰাৰ পিছত হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰিছে ৷ সম্প্ৰতি এই পুখুৰীক ১৪ বিঘাৰ পুখুৰীলৈ সম্প্ৰসাৰণ কৰি মীন পালনৰ ব্যৱস্থা কৰা হৈছে ৷ এইক্ষেত্ৰত হাবুং উন্নয়ন পৰিচালনা সমিতিৰ উপ-সভাপতি বিকাশ বৰুৱাই কয়, "এইটো ঐতিহাসিক কালিকা লগা পুখুৰী ৷ আমি কালিকা লগা বুলি গম পোৱা নাছিলো ৷ ১৪ বিঘা মাটিকালিৰে আৱৰা পুখুৰীটো কাইটীয়া তাঁৰেৰে বেৰ দি খননৰ জৰিয়তে হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে সম্প্ৰসাৰণ কৰিবলৈ যাওঁতে প্ৰথমখন জে চি বিৰে খনন কৰি থাকোতে ইঞ্জিন বন্ধ হৈ গৈছিল । দ্বিতীয় আৰু তৃতীয়খনৰো ইঞ্জিন বন্ধ হৈ গৈছিল ৷ তেতিয়াই বিশ্বাস কৰিলো ৷ নিশা কুকুৰা বলি দি পুখুৰীটোৰ মাজত ঢিপ এটা সংৰক্ষণ কৰি অক্ষত অৱস্থাত ৰখাৰ ফলত পুনৰ জে চি বি তিনিখনৰ ইঞ্জিন আৰম্ভ হয় ৷"
ধেমাজিৰ ঐতিহাসিক হাবুং (ETV Bharat Assam) ঐতিহাসিক শ ধোৱা পুখুৰী আৰু মৈদাম সম্পৰ্কত তেওঁ কয়, "হাবুং উদ্ধাৰ হোৱাৰ পিছতে ২৮৫ বিঘা মাটিকালিৰে আৱৰা বাহিৰৰ আৰু ভিতৰৰ দুটা গড় থকাৰ উপৰিও ইয়াত এটা শ ধোৱা পুখুৰী আৰু এটা মৈদাম আছে ৷ ই পৰ্যটকক আকৰ্ষণ কৰিব পাৰিব ৷"
ইতিমধ্যে চৰকাৰৰ সহযোগত হাবুং ক্ষেত্ৰত পৰ্যটকৰ বাবে নিৰ্মাণ হৈ আছে কেইবাটাও সৰু পকী পথ, অতিথিশালা আদি ৷ লগতে শীঘ্ৰেই তাই সংগ্ৰহালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ তেওঁৰ মতে এয়া কেৱল আহোমৰে নহয় । চ্যুকাফাই দখল কৰি গৈছিল যদিও গোটেই হাবুং বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়থলী হিচাপে পৰিগণিত হৈছে ৷ নিজৰ নিজৰ নীতি-নিয়মেৰে সেৱা তথা উপাসনা কৰিব পাৰে ৷ আগন্তুক দিনত হাবুঙক পৰ্যটকসকলক আকৰ্ষণ কৰিব পৰাকৈ অধিক আকৰ্ষণীয় কৰি তুলিবলৈ চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ হাবুং উন্নয়ন পৰিচালনা সমিতিৰ উপ-সভাপতি বিকাশ বৰুৱাই চৰকাৰক অনুৰোধ জনায় ৷
লগতে পঢ়ক :তিনিবাৰকৈ গঁড়শূন্য হোৱা এসময়ৰ বিশ্ববিখ্যাত অভয়াৰণ্যত অসম গৌৰৱৰ মুক্ত বিচৰণ - LAOKHOWA BURHASAPARI SANCTUARY