অসম

assam

ETV Bharat / state

বাংলাদেশৰ পৰা ভাৰতলৈ নাহিবলৈ বাংলাদেশত থকা হিন্দুসকলক আহ্বান হিন্দু ৰক্ষী দলৰ - Hindu rakshi dal protests

Bangladesh crisis: কাছাৰৰ উধাৰবন্ধত হিন্দু ৰক্ষী দলৰ প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বাংলাদেশৰ পৰা ভাৰতলৈ অহাৰ বিপৰীতে দেশতে থাকি মৌলবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায় বাংলাদেশত থকা হিন্দুসকলক ৷

Hindu rakshi dal protests in Silchar over alleged attack on hindus in bangladesh
বাংলাদেশৰ পৰা ভাৰতলৈ নাহিবলৈ বাংলাদেশত থকা হিন্দুসকলক আহ্বান হিন্দু ৰক্ষী দলৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 8:27 AM IST

শিলচৰ, 10 আগষ্ট:বাংলাদেশৰ শেহতীয়া পৰিস্থিতিয়ে বিশ্বজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ দেশখনত হোৱা হিংসাত্মক আন্দোলনৰ প্ৰভাৱ চুবুৰীয়া দেশ ভাৰতবৰ্ষতো পৰা পৰিলক্ষিত হৈছে ৷ বাংলাদেশত হোৱা হিংসাত্মক আন্দোলনত ইতিমধ্যে শ শ লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু হিন্দু লোক নিৰ্যাতনৰ সন্মুখীন হৈছে বুলি একাংশ হিন্দুত্ববাদী দলে অভিযোগ তুলিছে ৷

বাংলাদেশৰ পৰা ভাৰতলৈ নাহিবলৈ বাংলাদেশত থকা হিন্দুসকলক আহ্বান হিন্দু ৰক্ষী দলৰ (ETV Bharat Assam)

বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকক অত্যাচাৰ কৰাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া/প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে কাছাৰৰ উধাৰবন্ধত বাংলাদেশত বহু হিন্দু লোক নিৰ্যাতনৰ সন্মুখীন হৈছে বুলি প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু ৰক্ষী নামৰ এক হিন্দুত্ববাদী সংগঠনে । উধাৰবন্ধ কাচাঁকান্দি মন্দিৰৰ পৰা এক বিশাল সমদল উলিয়াই বাংলাদেশত হোৱা সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ তীব্ৰ প্ৰতিবাদ জনায় সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

প্ৰতিবাদী এই কাৰ্যসূচীৰ জৰিয়তে সংগঠনৰ নেতাসকলে বাংলাদেশী হিন্দুসকলক উদ্দেশ্যি কয়, "মুছলমানৰ ভয়ত বাংলাদেশৰ পৰা ভাৰতলৈ পলাই আহি লাভ নাই ৷ ভাৰতত আহিলে আপোনালোক সুৰক্ষিত থাকিব নোৱাৰিব । দেশত থাকি মুছলমান মৌলবাদীসকলৰ লগত যুঁজ কৰক ৷"

উল্লেখ কৰা প্ৰয়োজন যে, বাংলাদেশত ছাত্ৰ আন্দোলন অধিক হিংসাত্মক হৈ পৰাৰ পাচতে পদ ত্যাগ কৰাৰ লগতে দেশ এৰি পলায়ন কৰে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই । প্ৰধানমন্ত্ৰীগৰাকীয়ে পদ ত্যাগ কৰাৰ পাচত বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈছে বুলি একাংশ মহলে সৰব প্ৰচাৰ চলাইছে ৷ দেশখনৰ বিভিন্ন স্থানত হিন্দু লোকক আক্ৰমণ কৰাৰ লগতে তেওঁলোকৰ ঘৰ- বাৰী, মন্দিৰ-উপসনা গৃহ আদিতো উগ্ৰ মৌলবাদীসকলে এফালৰ পৰা ধ্বংসযজ্ঞ চলাইছে বুলি অভিযোগ উছিছে ৷

লগতে পঢ়ক:বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ চলি থাকিলে অসমত বাংলাদেশীৰ ওপৰত হ'ব আক্ৰমণ : হুংকাৰ হিন্দু ক্ৰান্তি দলৰ - Protest in Dibrugarh

ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিব নোৱৰাটো কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ অক্ষমণীয় অপৰাধ : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - Bangladesh crisis

ABOUT THE AUTHOR

...view details