বাক্সা:৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ অধিবেশন । অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিবেশনৰ প্ৰস্তুতি তুংগত উঠিছে ।
ইয়াৰ মাজতেই অসম সাহিত্য সভাৰ অধিবেশনৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বজালী জিলাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনস্থলীত মঙলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উপস্থিত হৈ অধিবেশনৰ কাম-কাজৰ বুজ লয় ।
অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনস্থলীত মুখ্যমন্ত্ৰী (ETV Bharat Assam) ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, "অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ প্ৰস্তুতি ইতিমধ্য়ে সম্পূৰ্ণ হৈছে । অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে পাঠশালাত অসম সাহিত্য সভাৰ অধিবেশনৰ আয়োজন কৰা হৈছে । সকলোৰে সহায়-সহযোগিতাত এখন খুব ভাল সাহিত্য় সভাৰ অধিবেশন অনুষ্ঠিত হ'ব বুলি আশা কৰিলো ।" আনহাতে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সাংবাদিক, ৰাজনৈতিক নেতাসকলক এখনকৈ গ্ৰন্থ ক্ৰয় কৰিবলৈও আহ্বান জনায় ।
মুখ্যমন্ত্ৰীৰ লগতে আদৰণি সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰনজিৎ কুমাৰ দাস, বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সংগ দিয়ে । সকলোকে অধিবেশনলৈ আহিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিবেশনৰ প্ৰতিটো দিশ তদাৰক কৰিছে আদৰণি সমিতিৰ সভাপতি ৰনজিৎ কুমাৰ দাসে । মন্ত্ৰী দাসৰ নেতৃত্বত অধিবেশন সাফল্যমণ্ডিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সকলোৱে । বাণিজ্য মেলাৰ পৰিৱৰ্তে এইবাৰ বিজ্ঞান মেলা, বজালী হাট, কবি সন্মিলনৰ লগতে জনজাতীয় গাঁও দেখিবলৈ পোৱা যাব অধিবেশনস্থলীত । আয়োজক সমিতিয়ে দিনে-নিশাই ব্যস্ত হৈ পৰিছে অধিবেশনখনি সাফল্যমণ্ডিত কৰিবলৈ । প্ৰতিটো দিশ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে । ভট্টদেৱ ক্ষেত্ৰলৈ যোৱা কেইবাটাও পথ ইতিমধ্যে সুচলভাৱে নিৰ্মাণ কৰা হৈছে ।
এই প্ৰস্তুতি সন্দৰ্ভত আদৰণি সমিতিৰ সভাপতি ৰনজিৎ কুমাৰ দাসে কয়, "বৰাক উপত্য়কাৰ মন্ত্ৰী কৌশিক ৰায়ৰ লগতে কেইবাগৰাকী মন্ত্ৰী-বিধায়কে পাঠশালা অধিবেশনত সহায়-সহযোগিতা আগবঢ়াইছে ৷ প্ৰাক্তন বিধায়কেও আমাক সহায় কৰিছে । সভালৈ অহা প্ৰতিগৰাকী প্ৰতিনিধিক কম্বল, বিচনা চাদৰ, গাৰু আৰু টাৱেল একোখনকৈ দিয়াৰ ব্য়ৱস্থা কৰিছো । এইবাৰ পাঠশালা সাহিত্য সভাত বিজ্ঞান মেলা পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ৷"