অসম

assam

ৰাজ্যিক বিজেপিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত থাকিব দুই কেন্দ্ৰীয় মন্ত্ৰী - STATE BJPS EXTENDED EXECUTIVE

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 10:58 PM IST

State BJP executive meeting : দেওবাৰে শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা । ১৩৫০ৰো অধিক কার্যকর্তাই অংশগ্ৰহণ কৰিব এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত ।

BJP State Extended Executive Meet
ৰাজ্যিক বিজেপিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক (ETV Bharat Assam)

গুৱাহাটী, ৩ আগষ্ট : পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব । কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কাইলৈ পুৱা ৯.৩০ বজাৰ পৰা এই সভা অনুষ্ঠিত হ'ব । শনিবাৰে দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁইয়ে এই সন্দৰ্ভত কয়," বৰ্দ্ধিত ৰাজ্যিক কার্যনির্বাহক সভাত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভবেশ কলিতা, ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী হৰিশ দ্বিৱেদী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিনহা উপস্থিত থাকিব ।"

কোন কোন উপস্থিত থাকিব ?

উক্ত কার্যনির্বাহক সভাত বিজেপিৰ ৰাজ্যিক বিষয়ববীয়া, মন্ত্রী, সাংসদ, বিধায়ক, মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া, মুখপাত্র, পেনেলিষ্ট, কোষ আৰু বিভাগৰ আহ্বায়ক, সহ-আহ্বায়ক, জিলা সভাপতি, জিলা সাধাৰণ সম্পাদক, মণ্ডল সভাপতি, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, উপ মুখ্য কাৰ্যবাহী সদস্য, সদস্য, নিগম-নিকায়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষই অংশ গ্রহণ কৰিব । তদুপৰি ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য, গুৱাহাটী আৰু ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ, উপ মেয়ৰ আৰু পাৰিষদ, পৌৰ সভাৰ পৌৰপতি আৰু উপ-পৌৰপতি, উন্নয়ন পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষ, উন্নয়ন প্ৰাধিকৰণ অধ্যক্ষ, ৰাজ্যিক কার্যনির্বাহক সদস্য, আমন্ত্রিত সদস্য আৰু বিশেষ আমন্ত্রিত সদস্যসকলে অংশ গ্রহণ কৰিব ।

সভাত কি বিষয়ত আলোচনা কৰা হ'ব :

১৩৫০ৰো অধিক কার্যকর্তাই অংশগ্ৰহণ কৰিবলগীয়া উক্ত সভাত দলৰ বিগত লোকসভা নিৰ্বাচনৰ বিজয়ৰ বিশ্লেষণ কৰাৰ লগতে আগন্তুক বিধানসভাৰ উপ নির্বাচন, পঞ্চায়ত নিৰ্বাচন আৰু স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনে গুৰুত্ব লাভ কৰিব ।

আনহাতে, সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠন তথা তৃতীয়বাৰৰ বাবে মোদী প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ বাবে ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব । লগতে অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশৰ লগত সংগতি ৰাখিও আন এক প্রস্তাৱ গ্ৰহণ কৰা হ'ব । কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ হেতু সমগ্ৰ ৰাজ্যৰ ৩৯ খন সাংগঠনিক জিলাৰ পৰা আহিবলগীয়া কাৰ্যকৰ্তাসকলক আদৰিবৰ বাবে ৰাজ্যিক বিজেপি সম্পূর্ণ সাজু বুলি পুলক গোহাঁইয়ে সদৰী কৰিছে ৷

লগতে পঢ়ক :বিজেপিৰ পুৰণি নেতা-কৰ্মীৰে গোলাঘাটত ৰাজেন গোঁহাইৰ গোপন বৈঠক

ABOUT THE AUTHOR

...view details