অসম

assam

ETV Bharat / state

প্ৰসংগ 'লজ্জা' : মুখ্যমন্ত্রীৰ পৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰিলে প্ৰদেশ কংগ্ৰেছে - CONGRESS SHAMELESS CONTROVERSY

কংগ্ৰেছ দলক নিৰ্লজ্জ বুলি কোৱা অসমৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছে । পূৰ্বৰ ভাষণ শুনাই মুখ্যমন্ত্ৰীক প্ৰশ্ন ৰিপুণ বৰাৰ ।

APCC seeks answer from CM
মুখ্যমন্ত্রীৰ পৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰিলে প্ৰদেশ কংগ্ৰেছে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 26, 2024, 3:31 PM IST

গুৱাহাটী : "মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰে চৰম পৰ্যায় পাইছেগৈ । বিশ্বৰ আটাইতকৈ পুৰণি কংগ্ৰেছ দলটোক মুখ্যমন্ত্রীয়ে লজ্জাহীন দল বুলি কৈছে । যিটো দলত লালিত-পালিত হৈ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্রী হ'ব পাৰিছে । তেওঁৰ চৰিত্রটো হৈছে যিখন থালত খাই আছে সেইখন থালতে তেওঁ বিষ্ঠা ত্যাগ কৰিছে । আজি আমি লজ্জিত যে আমাৰ মুখ্যমন্ত্রীজনে তেওঁৰ ইতিহাস পাহৰি গৈছে ।"-এই মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাৰ ।

কংগ্ৰেছক নিৰ্লজ্জ আখ্যা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রীৰ পৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰিলে প্ৰদেশ কংগ্ৰেছে (ETV Bharat Assam)

বুধবাৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক লাজ নথকা দল বুলি কৰা মন্তব্যৰ প্ৰসংগক লৈ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰিপুণ বৰাই এখন সংবাদমেল সম্বোধন কৰে । মুখ্যমন্ত্রীক উভতি ধৰি ৰিপুণ বৰাই মুখ্যমন্ত্রীৰ পুৰণি ভাষণ শুনাই কয়, "যিজন মানুহে ৰাজহুৱা সভাত কৈছিল যে তেওঁৰ পাবলগীয়া একো নাই আৰু হেৰুৱাবলগীয়া একো নাই আৰু ২০২১ৰ পাছত ৰাজনীতিত নাথাকে । এইটোত তেওঁ লজ্জাবোধ কৰিছেনে নাই । হেৰুৱাবলে আৰু পাবলে একো নাই যদি কিয় মুখ্যমন্ত্রী হৈ আছে । ক্ষমতাৰ ৰাগিত কিয় গুৰু-গোঁসাই একো নমনা হৈছে । নিজৰ লজ্জা ক'লৈ গ'ল । সৰ্বানন্দ সোণোৱালক পিছফালৰ পৰা লেং মাৰি ২০২১ত নিজে মুখ্যমন্ত্রী হ'ল । এইটো লজ্জাহীনতাত পৰেনে নাই এইটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ প্ৰশ্ন ।"

মুখ্যমন্ত্ৰী আৰু বিজেপিক প্ৰশ্ন এপিচিচিৰ

সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ এটা ভিডিঅ' দেখুৱাই তেওঁ কয়, "২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি ক্ষমতালৈ আহিছিল । প্ৰতিশ্ৰুতি দিছিল বিদেশৰ ক'লা টকা ঘূৰাই আনিব । প্ৰতিগৰাকী ভাৰতীয়ৰ বেংক একাউণ্টত ১৫ লাখকৈ টকা দিব । এই প্ৰসংগত পৰৱৰ্তী সময়ত কেন্দ্ৰীয় গৃহমন্ত্রীয়ে কৈছিল যে এইটো মিটিঙত কথা কোৱাৰ ধৰণ । অৰ্থাৎ ঝুমলা । এইটো নিৰ্লজ্জতাত পৰেনে নাই ? হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ এইটো প্ৰশ্ন । যিটো কথাৰ ভিত্তিত ৰাইজে ভোট দিছিল । বিজেপিৰ ডি এন এত লজ্জা আছেনে নাই ? বিজেপিত লজ্জা শব্দই শোভা পাইছে নেকি ?"

বিশ্বত আলোড়ন সৃষ্টি কৰা এটা ঘটনাৰ প্ৰসংগৰে তেওঁ কয়, "বিজেপিৰ মধ্যপ্ৰদেশৰ এগৰাকী সাংসদ সিদ্ধি প্ৰজ্ঞাই গান্ধী জয়ন্তীৰ দিনা জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটোত নাথুৰাম গডছেৰ দৰে গুলীয়াই জন্মদিন পালন কৰিছিল । কিন্তু বিজেপি দল নিৰ্বিকাৰ হৈ আছিল আৰু সাংসদগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই । হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উত্তৰ দিয়ক । এইটো লজ্জাহীনতাৰ পৰিচয় নেকি ? বিজেপি দলৰ লজ্জা এতিয়া ক'ত গ'ল ? উত্তৰ দিয়ক ।"

সংবাদমেলত মুখ্যমন্ত্রীৰ আন এক ভাষণ শুনাই তেওঁ কয়, "কংগ্ৰেছত থাকোতে হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক উদ্দ্যেশি কৈছিল যে গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ যায় । বিজেপিক আমাৰ প্ৰশ্ন যে আপোনালোকৰ দলটোক চৰম অপমান কৰা ব্যক্তিজনক আপোনালোকে বৰপীৰা দি আদৰি নিয়াটো আপোনালোকৰ লজ্জাহীনতাৰ পৰিচয় নে লজ্জা থকাৰ পৰিচয় ।"

তেওঁ লগতে কয়, "এইগৰাকী মুখ্যমন্ত্রীৰ উদ্ভণ্ডালিয়ে অসমক অপমানিত কৰিছে । আনহাতে সংবিধানৰ কথা কোৱা বিজেপিৰ উপৰিপুৰুষে সংবিধান জ্বলাই দিছিল । ইতিহাস জানে নে নাই হিমন্ত বিশ্ব শৰ্মাই ? কংগ্ৰেছৰ লজ্জা আছেনে নাই বুলি প্ৰশ্ন কৰা হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ লজ্জা আছেনে নাই ? বিজেপিৰ লজ্জা আছেনে নাই ? ৰাজীৱ ভৱনত আম্বেদকাৰৰ ফটো আছেনে নাই তাৰ প্ৰমাণপত্র হিমন্ত বিশ্ব শৰ্মাই দিব নালাগে । আমাৰ ইতিহাসে ক'ব । আমি হিমন্ত বিশ্ব শৰ্মাক ইতিহাস পঢ়িবলৈ কৈছো । ক্ষমতা অতি ক্ষণস্থায়ী । ইয়াৰ বহু উদাহৰণ আছে । সময়ে প্ৰমাণ কৰিব প্ৰকৃততে কোন লজ্জাহীন ।" সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :কংগ্ৰেছক নিকৃষ্ট-নিৰ্লজ্জ দল আখ্যা মুখ্যমন্ত্ৰীৰ - AMBEDKAR REMARKS

ABOUT THE AUTHOR

...view details