গুৱাহাটী, ২০ আগষ্ট : নামনি আৰু মধ্য অসমত প্রচণ্ড ধুমুহা-বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে । নামনি অসমৰ আটাইকেইখন জিলাতেই সতর্কতা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । ২৪ ঘণ্টাত উজনি অসমৰো কেইবাটাও প্ৰান্তত হ'ব পাৰে ধুমুহা-বৰষুণ ।
অহা ৪-৫ দিনলৈ ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা (IMD) ৩ খন জিলাত অৰেঞ্জ এলাৰ্ট
ইফালে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে, মঙলবাৰে বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰ জিলাত প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ হ'ব । গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, পশ্চিম অসমৰ পৰা উত্তৰ ওড়িশালৈকে গড় সমুদ্র পৃষ্ঠৰ ৯.৮-১২ কিলোমিটাৰ ওপৰত নিম্ন চাপৰ বিস্তৃত ৰেখা বিৰাজমান । তদুপৰি দক্ষিণ বাংলাদেশ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ওপৰত বায়ুৰ নিম্নচাপ সক্ৰিয় হৈ আছে ।
অহা ৪-৫ দিনলৈ ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা (IMD) ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা
ইয়াৰ ফলত অহা ২২ আগষ্টলৈকে ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে মধ্যমীয়া বৰষুণ হ'ব । কোনো কোনো অঞ্চলত বিজুলী-ঢেৰেকনিৰে প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা আছে । অসমৰ কেইবাখনো জিলাত মঙলবাৰে আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে ইতিমধ্যে বহু অঞ্চলত বৰষুণ আৰম্ভ হৈছে ।
অহা ৪-৫ দিনলৈ ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা (IMD) সোমবাৰে ৰাজ্যৰ কেইখনমান চহৰত হোৱা বৰষুণৰ পৰিমাণ আছিল- গোলাঘাট ১২ মিঃমিঃ, শিলচৰ ৬ মিঃমিঃ, গুৱাহাটী ১৬ মিঃমিঃ, দুধনৈ ৩ মিঃমিঃ, ধুবুৰী ০.৬ মিঃমিঃ, গোৱালপাৰা ৩ মিঃমিঃ, যোৰহাট ০.৮ মিঃমিঃ আৰু নগাঁও ১ মিঃমিঃ । আনহাতে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, গুৱাহাটীত অহা ২৫ আগষ্টলৈ বৰষুণ অব্যাহত থাকিব । এই সময়ছোৱাত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা গড়ে ৩৫ ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৭ ডিগ্ৰী চেলচিয়াছ থাকিব ।
লগতে পঢ়ক :নেদাৰলেণ্ডৰ কোম্পানীয়ে ল’ব গুৱাহাটীক বানমুক্ত কৰাৰ দায়িত্ব - Flood in Guwahati