জোনাই :এতিয়া কমলাৰ বতৰ । বজাৰত উপলব্ধ হৈছে শীতকালৰ এই বিশেষ ফলবিধ । বিভিন্ন প্ৰান্তৰ কমলাৰ লগতে বজাৰ দখল কৰিছে অৰুণাচলৰ সুস্বাদু কমলাই । অৰুণাচলৰ পূব ছিয়াং পাহাৰৰ কমলাৰো বিশেষ গুৰুত্ব আছে । যাৰ বাবে কমলাৰ সন্ধানত ব্যৱসায়ীসকলৰ আগমন ঘটিছে অৰুণাচলৰ পূব ছিয়াঙলৈ ।
কমলাৰে ভৰিছে পূব ছিয়াঙৰ পাহাৰ
বৰণ সলাইছে অৰুণাচলৰ পূূব ছিয়াং পাহাৰে (ETV Bharat Assam) শীতৰ আগমনৰ লগে লগে ক্ৰমান্বয়ে ৰূপ সলাইছে অৰুণাচল প্ৰদেশৰ পূব ছিয়াং পাহাৰে । সেউজীয়াৰ পৰা হালধীয়া হৈ পৰিছে পাহাৰখন । চাৰিওফালে থকা কমলা গছবোৰে সকলোকে আকৰ্ষিত কৰিছে । পকিবলৈ ধৰা কমলাবোৰৰ বাবে পাহাৰখন আৰু বেছি আকৰ্ষণীয় হৈ পৰিছে । ইফালে অৰুণাচলী কৃষকে শ শ বিঘা পাহাৰৰ মাটিত নীৰৱে গঢ়ি তুলিছে শীতকালৰ ফল কমলাৰ খেতি । শাৰী শাৰীকৈ থকা গছবোৰত থোপা-থোপাকৈ ওলমি থকা কমলাই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে । দেশী-বিদেশী পৰ্যটকৰো দৃষ্টি আকৰ্ষণ কৰিছে এই কমলাৰ গছবোৰে ।
উল্লেখ্য যে অসমৰ বজাৰত উপলব্ধ কমলাৰ প্ৰায় বেছিখিনিয়ে উত্তৰ-পূবৰ ৰাজ্য অৰুণাচল প্রদেশৰ পৰা আমদানি কৰা হয় । ৰাজ্যখনৰ ডাম্বুক, বদাক, আল আৰু মিৰেমকে ধৰি বিভিন্ন অঞ্চলত কমলা প্ৰচুৰ পৰিমাণ উৎপাদন হয় । ডাম্বুকৰ অৰুণাচলী লোকসকলে পাহাৰৰ উচ্চতাত শ শ বিঘা মাটিত কমলা খেতি কৰে ।
উচিত মূল্যৰ অপেক্ষাত কৃষক
উল্লেখ্য যে অৰুণাচল প্রদেশৰ পাহাৰৰ কমলাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিব পৰাত সুখৰ হাঁহি বিৰিঙিছে অৰুণাচলী কৃষকৰ মুখত । কিয়নো বছৰি লাখ লাখ টকা উপার্জন কৰি অৰ্থনৈতিকভাৱে সবল হ'ব পাৰিছে কৃষকসকল । কেৱল অৰুণাচলৰে নহয়, পৰোক্ষভাৱে অসমৰো বহু শিক্ষিত যুৱক স্বাৱলম্বী হৈছে । কিয়নো অসমৰ যুৱকে অৰুণাচলৰ কমলা ক্রয় কৰি নিজ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্রী কৰিছে । প্ৰতি বছৰে ডিচেম্বৰ মাহত দেশ-বিদেশলৈ ট্ৰাকে ট্ৰাকে ৰপ্তানি হয় অৰুণাচলী কমলা । বিগত বছৰৰ দৰে এই বৰ্ষতো প্ৰচুৰ পৰিমাণে উৎপাদন হৈছে কমলা । অৱশ্যে অৰুণাচল প্ৰদেশৰ পাহাৰত কৃষকে অশেষ কষ্ট কৰি খেতি কৰা কমলাৰ এইবাৰ উপযুক্ত মূল্য পোৱা নাই বুলি উদ্বেগ প্ৰকাশ কৰিছে একাংশ কৃষকে । সেয়ে কমলা খেতিৰে পৰিয়াল পোহপাল দিয়া কৃষকসকলে কমলাৰ উচিত মূল্যৰ অপেক্ষাত আছে ।
লগতে পঢ়ক :কীটনাশক অবিহনেই চাহখেতি অনিষ্টকাৰী পোক-পতংগ খেদাব পাৰিব এতিয়া