গুৱাহাটী : ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্বত আই পি এছ হৰমীত সিং । চি আৰ পি এফৰ সঞ্চালক প্ৰধানৰূপে দায়িত্ব লাভ কৰা ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক দায়িত্বৰ পৰা মুকলি কৰি দি ৰাজ্যৰ গৃহ বিভাগে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব দিয়ে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙক ।
ৰাজ্যৰ গৃহ আৰু ৰাজনীতি বিভাগৰ আয়ুক্ত-সচিব বিশ্বজিৎ পেগুৱে এক জাননীযোগে (eFC No.174472/I/912650/2025 আৰু eFC No.174472/I/912650/2025A) সোমবাৰে জি পি সিঙক আৰক্ষী সঞ্চালকপ্ৰধান পদৰ দায়িত্বৰ পৰা মুকলি কৰি দিয়াৰ লগতে হৰমীত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব অৰ্পণ কৰে । বৰ্তমান অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানৰূপে কাৰ্যনিৰ্বাহ কৰি থকা হৰমীত সিং ১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ।
গৃহ বিভাগৰ নিৰ্দেশমৰ্মে পৰৱৰ্তী সময়ত এগৰাকী স্থায়ী আৰক্ষী সঞ্চালকপ্ৰধান নাইবা নতুন নিৰ্দেশনা নিদিয়ালৈকে সিঙে এই ভাৰপ্ৰাপ্ত দায়িত্ব বহন কৰিব । আনহাতে, অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান পদৰ পৰা বিদায় লৈ অসম এৰিব আই পি এছ জি পি সিঙে । অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক কেন্দ্ৰীয় চৰকাৰে যোৱা ১৯ জানুৱাৰীত এক জাননীযোগে কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত বিভাগৰ সঞ্চালকালয়ে চি আৰ পি এফৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰাৰ পিছতেই অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান কোন হ’ব সেই লৈ ব্যাপক চৰ্চা অব্যাহত আছিল ৷
২০২৩ চনৰ ৩১ জানুৱাৰীত অসমৰ আৰক্ষী সঞ্চালকপ্ৰধানৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল জি পি সিঙে । ১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে অসমৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছিল ৷ আনহাতে, অসমৰ সৈতেও সিঙৰ কৰ্ম জীৱনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা । বিশেষকৈ ২০১৯ চনত ৰাজ্যজোৰা 'কা’ আন্দোলনৰ সময়ত আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসমলৈ পুনৰবাৰ আগমন ঘটে জি পি সিঙৰ । পৰৱৰ্তী সময়ত তেওঁ অসমৰ আৰক্ষী সঞ্চালকপ্ৰধানৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে ।