গুৱাহাটী: অসমৰ আৰক্ষী সঞ্চালক পদৰ পৰা বিদায় লৈ অসম এৰিব জি পি সিঙে । অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ । শনিবাৰে এক জাননীযোগে কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত বিভাগৰ সঞ্চালকালয়ে জি পি সিঙক CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰে ।
২০২৩ৰ ৩১ জানুৱাৰীত তদানীন্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অৱসৰ গ্ৰহণ কৰাৰ পিছত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল জি পি সিঙে । ১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ IPS বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰু দায়িত্ব পূৰ্বৱৰ্তী সময়বোৰত পালন কৰি আহিছে ৷ আনহাতে অসমৰ সৈতেও সিঙৰ কৰ্ম জীৱনৰ আছে গুৰুত্বপূৰ্ণ সম্পৰ্ক ।
যোৱা ৬ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় ব্যক্তিগত বিভাগৰ কেবিনেট নিযুক্তি সমিতিলৈ জি পি সিঙক CRPF ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তিৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল । সেইমৰ্মে কেবিনেটৰ নিযুক্তি সমিতিয়ে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাই জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়ে । উল্লেখ্য যে ২০২৭ বৰ্ষৰ ৩০ নৱেম্বৰলৈকে চাকৰিকাল আছে সুদক্ষ আৰু মেধা আইপিএছ বিষয়া বুলি নাম থকা জি পি সিঙৰ ।