গুৱাহাটী, 13 ফেব্ৰুৱাৰী:মঙলবাৰে গুৱাহাটীলৈ আহিব দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় ৷ গুৱাহাটী ভ্রমণক কেন্দ্ৰ কৰি আদি কেইবাটাও পথত যান-বাহন চলাচলৰ ক্ষেত্রত কিছু সালসলনি কৰা হৈছে । মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তগৰাকীয়ে এই সন্দর্ভত জনোৱা মতে, চাৰিচকীয়া অথবা তাতকৈ গধুৰ বাণিজ্যিক বাহন আজি পুৱা 8 বজাৰ পৰা নিশা 10 বজালৈ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ, এ টি ৰোড, ডি জি ৰোড, এম জি ৰোড, তৈয়বুল্লা ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড, পাঞ্জাবাৰী আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ কৰা হ'ব ।
আনহাতে চিটিবাছ, পৰিবহণ নিগমৰ বাছ আৰু মন্থৰ গতিৰ যান-বাহন অৰ্থাৎ ৰিক্সা, ই-ৰিক্সা আদিৰ চলাচল প্রয়োজন সাপেক্ষে সালসলনি কৰা হ'ব বুলি আৰক্ষী সূত্রই প্রকাশ কৰিছে । উল্লেখ্য যে, দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মংগলবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব । আবেলি 4.30 বজাত অনুষ্ঠিত হ’বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠান গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ৷ এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰিব ৷