অসম

assam

ETV Bharat / state

ছবি আঁকি প্ৰতিবাদ কৰি ৰোষত পৰিল চিত্ৰশিল্পী - PAINTING AGAINST FELLING OF TREES

ভৰলুত গছ কটাৰ বিৰুদ্ধে চিত্ৰ অংকন কৰি আটক হ'ল চিত্ৰশিল্পীসহ তিনি যুৱক । ভৰলুমুখ আৰক্ষী থানাত বন্ধ কৰা হ’ল সাধাৰণ লোকৰ প্ৰৱেশ ।

Guwahati Youth including artiste arrested for painting on Dighalipukhuri tree felling
ছবি আঁকি প্ৰতিবাদ কৰি ৰোষত পৰিল চিত্ৰশিল্পী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 1:47 PM IST

গুৱাহাটী :ভৰলুত গছ কটাৰ বিৰুদ্ধে চিত্ৰ অংকন কৰি আটক হ'ল চিত্ৰশিল্পী মাৰ্চেল বৰুৱা, অংকুমান বৰদলৈ আৰু কমল কুমাৰক । পুৱতি নিশা ভৰলুমুখ আৰক্ষীয়ে আটক কৰে তিনিওকে । ভৰলুমুখত শনিবাৰে নিশা ভৰলুমুখৰ গছ কটাৰ বিৰুদ্ধে অংকন কৰা পোষ্টাৰত ‘Kick Himanta, Save nature' লিখাৰ বাবে আটক কৰে তিনিওকে ।

ইপিনে আটকাধীন তিনি যুৱকক ভৰলুমুখ আৰক্ষী থানাত ৰখাৰ পিচতেই ভৰলুমুখ থানাত বন্ধ কৰা হ’ল সাধাৰণ লোকৰ প্ৰৱেশ । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ অনুমতি নোহোৱাকৈ থানাত প্ৰৱেশ কৰিব নোৱাৰে সাধাৰণ নাগৰিকে ।

ছবি আঁকি প্ৰতিবাদ কৰি ৰোষত পৰিল চিত্ৰশিল্পী (ETV Bharat Assam)

আটকাধীন প্ৰতিবাদকাৰীৰ খবৰ ল’বলৈ অহা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনকো প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল থানাত । তিনিওকে আটক কৰাক লৈ সৰ্বত্ৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ সাব্যস্ত কৰাৰ ৰোষত জাতীয় যুৱ বাহিনীৰ তথ্য আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ অংকুমান বৰদলৈক আৰক্ষীয়ে পুৱতি নিশা ৫:৩০ বজাত শোৱাপাটীৰ পৰা আটক কৰে ।

ছবি আঁকি প্ৰতিবাদ কৰি ৰোষত পৰিল চিত্ৰশিল্পী (ETV Bharat Assam)

অসম আৰক্ষীৰ এই কাৰ্যক সংগঠনটোৱে কঠোৰ ভাষাৰে গৰিহণা দি অংকুমান বৰদলৈক অনতিপলমে মুক্তি দিবলৈ দাবী জনাই জাতীয় যুৱ বাহিনীয়ে । উল্লেখ্য যে দীঘলী পুখুৰীৰ পিছত ভৰলুমুখত উৰণ সেতু নিৰ্মাণৰ নামত প্ৰায় ৭০ জোপা পুৰণি গছ কটাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই দাগ দিছিলে । ইয়াৰ পিছতে গছ কটাৰ বিৰুদ্ধে সচেতন নাগৰিকক সকলে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ।

প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে দীঘলীপুখুৰীৰ পাৰৰ গছ নাকাটে বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু ইয়াৰ পিচতে ভৰলুৰ গছ কটাৰ হ'ব বুলি উল্লেখ কৰিছিল । ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰঙাঘৰৰ আলহী হ'ল তিনি চিত্ৰশিল্পী ।

লগতে পঢ়ক:গছ কটাৰ বিৰুদ্ধে আন্দোলন অব্যাহত: ভৰলুমুখত ব্যাপক প্ৰতিবাদ

ভৰলুমুখত ৭৪ জোপা গছ কটাৰ বিৰুদ্ধে সৰৱ ৰাইজ, গছ নকটাকৈ উৰণ সেতু নিৰ্মাণৰ প্ৰস্তাৱ বিশেষজ্ঞৰ

ABOUT THE AUTHOR

...view details