অসম

assam

ETV Bharat / state

বৃহস্পতিবাৰে মহানগৰীৰ কোন কোন পথেৰে কৰিব পাৰিব যাতায়ত; জানিবলৈ পঢ়ক - TRAFFIC MOVEMENT DURING CHHATH PUJA

ষট পূজা উপলক্ষ্যে মহানগৰীত সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰস্তুতি ৷ পূজীৰ সময়ত যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷

Traffic movement during Chhath Puja
বৃহস্পতিবাৰে মহানগৰীৰ কোন কোন পথেৰে কৰিব পাৰিব যাতায়ত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 10:37 PM IST

গুৱাহাটী: ষট পূজা উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন চলাচলত নীতি নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ যান-বাহন আৰক্ষীয়ে । ৭ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰৰ পূজা শেষ নোহোৱালৈ বাহাল থাকিব এই নীতি-নিৰ্দেশনা ।

যান-বাহন চলাচলৰ নীতি-নিৰ্দেশনা:

  • ৭ নৱেম্বৰৰ দুপৰীয়া ১২ বজাৰ পৰা ৮ নৱেম্বৰ পূজা সম্পূৰ্ণ নোহোৱালৈকে গুৱাহাটী মহানগৰৰ ভিতৰত কোনো ধৰণৰ বাণিজ্যিক বাহন বা অন্যান্য গধুৰ সামগ্ৰী কঢ়িয়াই অনা বাণিজ্যিক সামগ্ৰীৰ চলাচলৰ অনুমতি দিয়া নহ'ব ।
  • ভক্তসকলৰ সৈতে পূজাৰ সামগ্ৰী কঢ়িয়াই অনা বাহনৰ বাহিৰে কোনো বাহনক এম জি ৰোডৰ মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশ বাংলো পইণ্টলৈ চলাচল কৰিবলৈ অনুমতি দিয়া নহ'ব ।
  • ৭ নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা ৮ নৱেম্বৰ পূজা শেষ নোহোৱা পৰ্যন্ত ধীৰ গতিৰ বাহন চলাবলৈ অনুমতি দিয়া নহ'ব । এই নিষেধাজ্ঞা পূজাৰ সামগ্ৰী কঢ়িওৱাৰ বাবে ভক্তসকলে ব্যৱহাৰ কৰা লেহেম গতিৰ বাবে প্ৰযোজ্য নহ'ব ।
  • খানাপাৰাৰ ফালৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো চিটি বাছে জি এছ ৰোড-এটি ৰোড হৈ যাব লাগিব । তেওঁলোকে পানবজাৰ হৈ ঘূৰিব নোৱাৰিব ।
  • জালুকবাৰীৰ পৰা অহা আন্তঃজিলা বাছ আৰু এ এছ টি চিৰ অধীনত চলি থকা ৰঙা ৰঙৰ গ্ৰাম্য সেৱাসহ কোনো গধুৰ বাহনক মহানগৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব ।
  • এইচ বি ৰোডত শনি মন্দিৰৰ পৰা পানবজাৰ পুলিচ পইণ্টলৈ, দুয়োফালে যান-বাহন চলাচল কৰিবলৈ অনুমতি দিয়া হ'ব ।
  • লাচিত ঘাটৰ ভিতৰত কোনো বাহন পাৰ্কিং কৰিবলৈ দিয়া নহ'ব ।

পথৰ বিভাজন:

  • ভৰলুমুখৰ ফালৰ পৰা পানবজাৰ, চানমাৰীৰ ফালে অহা চিটি বাছকে ধৰি সকলো বাহন এইচ বি ৰোড বা এটি ৰোডৰ ফালে এলিভেটেড কৰিডৰ পইণ্টত মাছখোৱাত পৰিৱৰ্তন কৰা হ'ব ।
  • চানমাৰীৰ ফালৰ পৰা পানবজাৰ, ভৰলুমুখ, জালুকবাৰীৰ ফালে অহা চিটি বাছকে ধৰি সকলো বাহন এন বি হল (চেচন ক'ৰ্ট) পইণ্টত এইচ বি ৰোডৰ ফালে পৰিৱৰ্তন কৰা হ'ব আৰু ভৰলুমুখৰ ফালে যাব লাগিব ।
  • উজানবজাৰ লাতাশিলৰ ফালৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো বাহন প্লেনেটেৰিয়াম পইণ্টত লেম্ব ৰোড, এফ চি ৰোড, টায়েবুলা পইণ্ট, জি এন বি ৰোড, জিলা পুথিভঁৰাললৈ সলনি কৰা হ'ব আৰু এন বি হল (চেচন ক'ৰ্ট) পইণ্টত বাওঁফালে ঘূৰিব লাগিব ।

বাহনৰ পাৰ্কিং:

  • ভৰলুমুখৰ ফালৰ পৰা ভক্ত কঢ়িয়াই অনা বাহনসমূহক লক্ষী গ‘লী, চেম্বাৰ ৰোড, এম এছ ৰোড, এছ আৰ চি বি ৰোড আৰু এম জি ৰোডৰ বজাৰৰ ফালে তেওঁলোকৰ বাহন ৰখাবলৈ অনুমতি দিয়া হ'ব ।
  • সোণাৰাম খেলপথাৰত পাৰ্কিং কৰিব পাৰিব

ন পাৰ্কিং:

  • এম এল এন ৰোড, এ আৰ বি ৰোড, এছ এছ ৰোড, এছ আৰ চি বি ৰোড, এইচ বি ৰোড আৰু টি আৰ পি ৰোড পাৰ্কিঙৰ অনুমতি দিয়া নহ'ব ।

লগতে পঢ়ক:ষট পূজাৰ সময়ত কি কি নিৰ্দেশনা মানি চলিব লাগিব; জনালে আৰক্ষী আয়ুক্তই

ABOUT THE AUTHOR

...view details