অসম

assam

ETV Bharat / state

মুখ চম্ভালিব নোৱৰাৰ ফল ! দেশৰ ৫ জনপ্ৰিয় ইউটিউবাৰৰ বিৰুদ্ধে গুৱাহাটীত গোচৰ - FIR AGAINST YOUTUBERS

এটা ইউটিউব চেনেলৰ টেলেন্ট শ্ব’ত যৌনতা আৰু অশ্লীল আলোচনাত লিপ্ত হোৱাৰ অভিযোগত দেশৰ ৫ জন জনপ্ৰিয় ইউটিউবাৰৰ বিৰুদ্ধে গুৱাহাটীত গোচৰ ৰুজু ৷

FIR AGAINST YOUTUBERS
দেশৰ ৫ জন জনপ্ৰিয় ইউটিউবাৰৰ বিৰুদ্ধে গুৱাহাটীত গোচৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 10, 2025, 10:56 PM IST

হায়দৰাবাদ:গুৱাহাটী অপৰাধ শাখাই সোমবাৰে দেশৰ ৫ জন জনপ্ৰিয় ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । ‘ইণ্ডিয়াজ গট লেটেণ্ট’ শীৰ্ষক এটা অনুষ্ঠানত অশ্লীলতাৰ প্ৰচাৰ কৰাৰ অভিযোগত গুৱাহাটী অপৰাধ শাখাই এই গোচৰ ৰুজু কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক পোষ্ট কৰি এই কথা ব্যক্ত কৰে ৷

মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত X ত উল্লেখ কৰে, আজি গুৱাহাটী আৰক্ষীয়ে ‘ইণ্ডিয়াজ গট লেটেণ্ট' শীৰ্ষক এটা অনুষ্ঠানত অশ্লীলতাৰ প্ৰচাৰ আৰু যৌনতা আৰু অশ্লীল আলোচনাত লিপ্ত কৰাৰ বাবে কেইজনমান ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ তেওঁলোক ক্ৰমে আশীষ চঞ্চলানী, যশপ্ৰীত সিং, অপূৰ্বা মখিজা, ৰণবীৰ এলাহবাদিয়া আৰু সময় ৰাইনা ৷"

মুখ্যমন্ত্ৰী শৰ্মাই টুইটটোত লগতে কয়, "গুৱাহাটী অপৰাধ শাখাই Cyber PS case no 03/2025 under sections - 79/95/294/296 of BNS 2023 read with Sec 67 of IT Act, 2000, read with Section 4/7 of Cinematograph Act 1952 read with Section 4/6 of ⁠Indecent Representation of Women (Prohibition) Act, 1986 ৰ অধীনত এই গোচৰ ৰুজু কৰে ৷"

উল্লেখ্য যে, জনপ্ৰিয়ভাৱে বিয়েৰবাইচেপছ নামেৰে পৰিচিত ইউটিউবাৰ তথা প’ডকাষ্টাৰ ৰণবীৰ এলাহবাদিয়াই শেহতীয়াকৈ সময় ৰাইনাৰ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত অংশগ্ৰহণ কৰিছিল । এই শ্ব’টোত উপস্থিত হোৱাৰ পিছতেই ইউটিউবাৰ তথা ছ’চিয়েল ইনফ্লুৱেঞ্চাৰকেইজন বিপদত পৰিছে । শ্ব’টোৰ এজন প্ৰতিযোগীক তেওঁৰ পিতৃ-মাতৃৰ সন্দৰ্ভত এটা প্ৰশ্ন কৰা হৈছিল, যিটো অতি অশ্লীল আৰু আপত্তিজনক বুলি সকলোৱে দাবী কৰে ।

এই প্ৰশ্নৰ পিছত ছ’চিয়েল মিডিয়াত তেওঁক তীব্ৰ সমালোচনা কৰা হৈছে । মানুহে তেওঁক অশ্লীল আৰু বিচলিত ব্যক্তি বুলি অভিহিত কৰিছে । ইফালে এই হুলস্থূলৰ মাজতে বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু সুপৰিচিত প্ৰভাৱশালী ব্যক্তিয়ে ৰণবীৰ আল্লাহবাদিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

সামাজিক মাধ্যমত ক্ষমা বিচাৰিলে ৰণবীৰে:

সামাজিক মাধ্যমততীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতেই সকলোৰে ওচৰত ক্ষমা বিচাৰে ৰণবীৰে ৷ তেওঁ সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কেপচন দিয়ে, "মই ক্ষমা বিচাৰিছো । মই এনেকুৱা মন্তব্য দিয়াটো উচিত নাছিল ।” তেওঁ ভিডিঅ’টোত ক্ষমা বিচাৰে আৰু লগতে স্বীকাৰ কৰে যে তেওঁ পিতৃ-মাতৃ বা অভিভাৱকক লৈ এনে অশালীন মন্তব্য কৰিব নালাগিছিল । আগলৈ তেওঁ এনে মন্তব্য নকৰো বুলি উল্লেখ কৰি ভিডিঅ’টো সামাজিক মাধ্যমৰ পৰা আঁতৰোৱাৰ বাবে আয়োজকসকলক আহ্বান জনায় ৷

লগতে পঢ়ক:নতুন ই-ডীড আৰু ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালীৰ বিষয়ে জানো আহক...

ABOUT THE AUTHOR

...view details