অসম

assam

ETV Bharat / state

পূজাত ৪০ ফুট ওখ জাপি চাবলৈ আদাবাৰীলৈ আহক

Durga Puja in Guwahati: মহাষষ্ঠীৰ লগে লগে ৰাজ্য়ত দুৰ্গোৎসৱৰ উছাহ ৷ সাজু হৈছে আকৰ্ষণীয় পূজা মণ্ডপ ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Durga Puja in Guwahati
গুৱাহাটী মহানগৰীত আটকধুনীয়া মণ্ডপ (ETV Bharat Assam)

গুৱাহাটী, ৮ অক্টোবৰ:আজি মহাষষ্ঠী । বিল্ববোধনৰে বেদীত স্থাপিত হৈছে দশভূজাৰ প্ৰতিমা । ইয়াৰ লগে লগে আৰম্ভ হ'ল দেৱী বন্দনা । আকাশে-বতাহে শংখ,বৰকাহৰ শব্দ । সকলোৱে দেৱীক আদৰাৰ লগতে আটকধুনীয়া মণ্ডপবোৰত পৰিছে শেষ পৰশ ।

দুৰ্গা পূজা আয়োজনৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত নিৰ্মিত আটকধুনীয়া মণ্ডপবোৰত শিল্পীসকলে দিছে শেষ পৰশ । পাণ্ডু আৰু মালিগাঁৱত নতুন নতুন ব্যতিক্ৰমী বিষয়ৰে নিৰ্মিত পূজা মণ্ডপক লৈ চলি আহিছে এক অঘোষিত প্ৰতিযোগিতা । এইবাৰো হোৱা‌ নাই ইয়াৰ ব্যতিক্ৰম ।

গুৱাহাটী মহানগৰীত আটকধুনীয়া মণ্ডপ (ETV Bharat Assam)

বিগত সময়ত ৫০ খনৰো‌ অধিক দুৰ্গা পূজা অনুষ্ঠিত হোৱা পাণ্ডু আৰু মালিগাঁও, আদাবাৰী অঞ্চলত ব্যতিক্ৰমী দুৰ্গা পূজা মণ্ডপ তৈয়াৰ‌ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে । আদাবাৰী তিনিআলিৰ এখন পূজা মণ্ডপে অসমীয়া সংস্কৃতিৰ বৰ্ণাঢ্য ৰূপ প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰিছে ।

সম্প্ৰীতিৰ নিদৰ্শন

প্ৰতি বছৰে ব্যতিক্ৰমী দুৰ্গা পূজাৰ মণ্ডপ তৈয়াৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা আদাবাৰী তিনিআলিৰ তৰুণ সংঘ দুৰ্গা পূজা কমিটীয়ে এইবাৰ ৪০ ফুট ওখ জাপিৰ পূজা মণ্ডপ সাজিছে । জাপিৰে নিৰ্মাণ কৰিছে এই দুৰ্গা পূজাৰ মণ্ডপটো । মন কৰিবলগীয়া যে প্ৰধানতঃ বাংলাভাষী লোকসকলে বাস কৰা এই অঞ্চলটোত এই পূজা কমিটীখনে অসমীয়া ভাষা সংস্কৃতিক প্ৰতিফলিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে । এই প্ৰয়াসৰে সম্প্ৰীতিৰ এক ইতিবাচক বাৰ্তা কঢ়িয়ায় আনিছে ।

এই সন্দৰ্ভত তৰুণ সংঘ দুৰ্গা পূজা কমিটীৰ সম্পাদক ৰাজীৱ ধৰে কয়, "এইবাৰ দুৰ্গা পূজা মণ্ডপটো এটা বৃহৎ জাপিৰ আকাৰত নিৰ্মাণ কৰা হৈছে । মণ্ডপৰ বাহিৰত এটা অসমৰ এশিঙীয়া গড় নিৰ্মাণ কৰি সকলোকে আদৰা হৈছে । মণ্ডপৰ ভিতৰত সৰু সৰু জাপি আৰু গামোচাৰে আটকধুনীয়া সজাই তোলা হৈছে। মূলতঃ অসমীয়া সংস্কৃতিক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে ।"

লগতে পঢ়ক:এই পূজা মণ্ডপত প্ৰৱেশ কৰিলে পঢ়িব লাগিব কুঁহিপাঠ ! - Tinsukia Unique Puja Pandal

মহানগৰীত চীনৰ গ্লাছৰ হোটেল, ৬৫ ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ মূৰ্তি

ABOUT THE AUTHOR

...view details