অসম

assam

ETV Bharat / state

মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ক’ৰ পৰা আহিল ইমানবোৰ ম’বাইল আৰু লেপটপ ? - PHONE SNATCHING IN GUWAHATI

Guwahati City Police: মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত থানাই থানাই মজুত হৈ থকা ম'বাইল আৰু লেপটপ প্ৰদৰ্শন ৷ উপযুক্ত নথি-পত্ৰ তথা প্ৰমাণসহ চুৰি ম'বাইল আৰু লেপটপসমূহ গৰাকীক গতাই দিয়াৰ ব্যৱস্থা কৰা হৈছে আয়ুক্তৰ কাৰ্যালয়ত ৷

GUWAHATI CITY POLICE
চুৰি ম'বাইল আৰু লেপটপ গৰাকীক গতাই দিয়াৰ ব্যৱস্থা (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 7:00 PM IST

গুৱাহাটী, 14 জুন : গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা বিগত সময়ত চুৰি হোৱা 650 টা ম'বাইলৰ লগতে 16 টা লেপটপ মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৷ থানাই থানাই মজুত হৈ থকা উদ্ধাৰ হোৱা এই ম'বাইল আৰু লেপটপবোৰ শুকুৰবাৰে মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত প্ৰদৰ্শন কৰা হয় ৷ দিনৰ 11 বজাৰ পৰা গুৱাহাটীৰ পাণবজাৰস্থিত মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত এইসমূহ চুৰি ম'বাইল, লেপটপ প্ৰদর্শন কৰি উপযুক্ত নথি-পত্ৰ তথা প্ৰমাণসহ গৰাকীক গতাই দিয়াৰ ব্যৱস্থা কৰা হয় ৷

মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ বিশেষ পদক্ষেপ (ETV BHARAT ASSAM)

চুৰি হোৱা ম'বাইল ঘূৰাই পাই আনন্দিত হোৱাৰ লগতে আৰক্ষীক ধন্যবাদ জনায় গৰাকীয়ে ৷ অৱশ্যে যিবোৰ ম'বাইলৰ গৰাকী এতিয়াও ওলোৱা নাই সেইবোৰ স্থানীয় আৰক্ষীক থানাত থাকিব ৷ পৰৱৰ্তী সময়ত থানাৰ পৰাই এই ম'বাইলবোৰ গৰাকীয়ে উপযুক্ত প্ৰমাণ দি লৈ যাব পাৰিব বুলি জনাইছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :আপোনাৰ চুৰি হোৱা ম'বাইলটো ঘূৰাই পোৱা নাই নেকি ? আহক মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ - Guwahati City Police

মহানগৰীৰ কোনখন থানাই কিমান চুৰি ম'বাইল-লেপটপ জব্দ কৰিছে-

পল্টন বজাৰ : 312 টা ম'বাইল

ফটাশিল : 140 টা ম'বাইল আৰু 3 টা লেপটপ

দিছপুৰ : 86 টা ম'বাইল

ক্ৰাইম ব্ৰাঞ্চ : 22 টা মবাইল

সোণাপুৰ : 27 টা ম'বাইল

পাণবজাৰ : 12 টা ম'বাইল

জালুকবাৰী : 11 টা ম'বাইল ৬ টা লেপটপ

গড়চুক : 11 টা ম'বাইল 2 টা লেপটপ

ভৰলুমুখ : 11 টা ম'বাইল, আইপেড 1 টা

আজাৰা : 11 টা ম'বাইল

বশিষ্ঠ: 8 টা ম'বাইল

প্ৰাগজ্যোতিষপুৰ : 6 টা ম'বাইল

লতাশিল : 6 টা ম'বাইল

ক্ষেত্ৰী : 5 টা ম'বাইল

চানমাৰি : 5 টা ম'বাইল

নুনমাটি : লেপটপ 5 টা আৰু ম'বাইল 6 টা

হাতীগাঁও : 4 টা ম'বাইল

ভঙাগড় : 3 টা ম'বাইল

গীতানগৰ : 3 টা ম'বাইল

ইফালে এই প্ৰদৰ্শনস্থলীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙো উপস্থিত হয় ৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, বিগত 10 দিন ধৰি মহানগৰীত অভিযান চলোৱাৰ পিচতে মুকলি অপৰাধ পূৰ্বৰ তুলনাত কমিছে ৷ নিৰ্বাচনৰ পিচত মুকলি অপৰাধৰ বিৰুদ্ধে গুৱাহাটীৰ লগতে বিভিন্ন চহৰত বিশেষ অভিযান চলোৱাৰ বাবে সিদ্ধান্ত লোৱা হৈছে, যাতে মুকলি অপৰাধ কমে আৰু নাগৰিক সকলে নিজকে সুৰক্ষিত অনুভৱ কৰে ৷

আনহাতে সোণৰ চেইন চুৰি বা চিলনী চোৰৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় তেওঁ ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, চুৰি হোৱা সোণৰ চেইন একাংশ জুৱেলাৰীয়ে কিনি লয় ৷ এনে জুৱেলাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ চেইন চুৰিৰ ঘটনা জালুকবাৰী আৰু ফটাশিলত বেছি হয় বুলি মন্তব্য কৰে তেওঁ ৷

আনহাতে CDIR পৰ্টেল বা এপত হেৰুওৱা ম'বাইলৰ IMEI নম্বৰ এন্ট্ৰি কৰিবলৈও আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ লগতে অম্বুবাচী মেলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ'ব বুলি কোৱাৰ লগতে ইতিমধ্যে সকলো দিশ‌ চোৱা-চিতা কৰা হৈছে বুলি জনায় তেওঁ ৷

লগতে পঢ়ক :গুৱাহাটীবাসীৰ অতিকৈ চিনাকী ম'ম'ঘৰ কেতিয়া স্থাপন কৰা হৈছিল ? - First Momo Outlet of Guwahati

ABOUT THE AUTHOR

...view details