গুৱাহাটী, 21 জুলাই:মহানগৰীত প্ৰতিদিনেই সংঘটিত হৈছে এটাৰ পাচত আনটো ৰহস্যজনক মৃত্যুৰ ঘটনা ৷ এইবাৰ ৰহস্যজনকভাবে মৃত্যুক আঁকোৱালি ল’লে এগৰাকী উদ্যোগপতিয়ে ৷ উদ্যোগপতিগৰাকী কুমাৰ গৌৰৱ বুলি জানিব পৰা গৈছে ৷
গুৱাহাটীৰ প্ৰতিষ্ঠিত উদ্যোগপতি তথা জালুকবাৰীৰ কুমাৰ ইঞ্জিনীয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱক দেওবাৰে নিজৰ শুৱনিকোঠাত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৷ জানিব পৰা মতে, নুনমাটিৰ জয়ন্ত নগৰত তেওঁৰ চতুৰ্থগৰাকী পত্নীৰ সৈতে থাকে বিশিষ্ট উদ্যোগপতিগৰাকী আৰু নুনমাটিস্থিত উক্ত বাসগৃহটোৰেই শুৱনিকোঠাত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে বিশিষ্ট উদ্যোগপতিগৰাকীৰ মৃতদেহ ।
স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, শনিবাৰৰ পুৱাৰ ভাগত চতুৰ্থ পত্নীৰ সৈতে কোনো বিষয়ক লৈ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল কুমাৰ গৌৰৱৰ । ইয়াৰ পিছতে কুমাৰ গৌৰৱে নিজৰ শুৱনি কোঠাত নিজকে আৱদ্ধ কৰিছিল । বিয়লি 4 মান বজাত চতুৰ্থ পত্নীয়ে কেবাবাৰো মাত দিয়াৰ পিছতো কুমাৰ গৌৰৱে কোনো সঁহাৰি নিদিয়াত অৱশেষত দুৱাৰ ভাঙি ৰুমৰ ভিতৰত প্রৱেশ কৰে চতুৰ্থ পত্নীয়ে আৰু কুমাৰ গৌৰৱক চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ।
ইয়াৰ পিছতে পত্নীয়ে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীক খবৰ দিয়ে । কিছুসময়ৰ পিছত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । পাৰিবাৰিক কন্দলৰ বাবেই বিশিষ্ট উদ্যোগপতিগৰাকীয়ে আত্মহত্যা কৰা বুলি আৰক্ষীয়ে প্ৰাথমিকভাবে সন্দেহ প্ৰকাশ কৰিছে যদিও আত্মহত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ।
কুমাৰ গৌৰৱে গুৱাহাটীৰ জালুকবাৰীত কুমাৰ ইঞ্জিনীয়াৰিং নামৰ এটা কোম্পানী খুলি ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ।