গুৱাহাটী, ২২ মাৰ্চ :'এয়া বিজেপিৰ আদৰ্শ। আমি একেলগে আছো আৰু সদায় থাকিম । ৰাইজৰ সঁহাৰি আৰু আশীৰ্বাদ আছে আমাৰ লগত।' - এই মন্তব্য প্ৰকাশ কৰে গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে । সাংসদ কুইন ওজাৰ পৰিৱৰ্তে মেধিক প্ৰাৰ্থিত্ব দিয়াৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজুলী কলিতা মেধিয়ে।
শুকুৰবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সাংসদ কুইন ওজাক লগত লৈ সংবাদ মাধ্যমৰ আগত বিজুলী কলিতা মেধিয়ে কয় যে, প্ৰাৰ্থিত্ব লাভৰ পাচত প্ৰথম ফোনটো তেওঁ কুইন ওজাকে কৰিছিল। কুইন ওজাৰ পৰামৰ্শ আৰু শুভেচ্ছাৰে কাম কৰি যাম বুলি সদৰী কৰে মেধিয়ে ৷ এই যুদ্ধৰ কাৰণে দল সদায় সাজু । কুইন ওজা বৰ্ত্তমানেও সাংসদ বুলি সদৰী কৰে প্ৰাৰ্থীগৰাকীয়ে ।
মেধিয়ে লগতে কয় যে, সকলোকে লগত লৈ মিলা-প্ৰীতিৰে আগুৱাই যোৱাটো বিজেপিৰ আদৰ্শ । ৰাজনীতিত বিশ্বাস কৰা সকলোৱে ভাৰতীয় জনতা পাৰ্টীত যোগ দিছে ৷ ৰাইজ উন্নয়নৰ লগত আছে।