অসম

assam

ETV Bharat / state

সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ তেজপুৰৰ হস্তশিল্পীৰ সৃষ্টি - GURUASANA MADE IN TEZPUR

তেজপুৰৰ যুৱ হস্তশিল্পী দিগন্ত ভূঞাৰ অনন্য প্ৰয়াস । অসমীয়া আধ্যাত্মিক মহত্বৰ স্বাক্ষৰ গুৰু আসন আমেৰিকালৈ ।

Guruasana built by Tezpur artist to America
সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ তেজপুৰৰ হস্তশিল্পীৰ সৃষ্টি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 23, 2024, 2:54 PM IST

তেজপুৰ: এক সু-খবৰ অসমবাসীৰ বাবে । অসমীয়া সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰু আসন সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ । সাংস্কৃতিক নগৰী তেজপুৰ কেতেকীবাৰীৰ পৰা সাত সাগৰ তেৰ নদী অতিক্ৰম কৰি আমেৰিকালৈ এই গুৰু আসন প্ৰেৰণ এজন যুৱ হস্তশিল্পীৰ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট এই গুৰু আসন তেজপুৰ কেতেকীবাৰীৰ দণ্ডিনাথ কলিতা পথত থকা "অংকনা হস্ততাত হস্তশিল্পালয়"ৰ পৰা আমেৰিকাৰ পেনচিলভেনিয়া নিবাসী প্ৰবাসী অসমীয়া চিকিৎসক জুমি বৰুৱালৈ প্ৰেৰণ কৰা হয় ।

হস্তশিল্পালয়ৰ মুৰব্বী তথা হস্তশিল্পী দিগন্ত ভূঞা আৰু সহযোগী শিল্পীসকলে যোৱা এমাহৰ পৰিশ্ৰমৰে সাজি উলিয়াইছে এইখন তিনিখলপীয়া গুৰুআসনখন । তদুপৰি, ফল্ডিং ব্যৱস্থাৰে কাঠেৰে নিৰ্মাণ কৰা তিনিখলপীয়া গুৰুআসনখনৰে সংলগ্ন মূৰ্তিসমূহ নিৰ্মাণ কৰা হৈছে কংক্ৰিটেৰে ৷

সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ তেজপুৰৰ হস্তশিল্পীৰ সৃষ্টি (ETV Bharat Assam)

উল্লেখযোগ্য যে ১৯৮৩ চনত দিগন্তৰ মাতৃ অংকনা (অকণি) ভূঞাই কেতেকীবাৰীৰ নিজাগৃহত আৰম্ভ কৰিছিল এই হস্তশিল্পালয়ৰ অনন্য প্ৰতিষ্ঠানটো । তেওঁৰ মৃত্যুৰ পিছত হস্তশিল্পী পুত্ৰ দিগন্ত ভূঞাই প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি আঁচনিৰ অধীনত ২০০৭ বৰ্ষত জিলা উদ্যোগ আৰু বাণিজ্যিক কেন্দ্ৰৰ জৰিয়তে আঢ়ৈলাখ টকাৰ ঋণ লৈ পাট-মূগাৰ বেগ, উপহাৰ সামগ্ৰী, মূগা কাপোৰৰ ছাতি, কাঠৰ গঁড় আদি নিৰ্মাণৰ কাম আৰম্ভ কৰাত বৰ্তমান উক্ত উদ্যোগত প্ৰত্যক্ষভাৱে ২৭ গৰাকী যুৱক-যুৱতীয়ে সংস্থাপন পাবলৈ সক্ষম হৈছে ।

বৰ্তমান দিগন্তৰ ভগ্নী পলী ভূঞায়ো চলিত বছৰ প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি আঁচনিৰ অধীনত ৩৫ শতাংশ ৰাজ সাহায্যযুক্ত আঢ়ৈ লাখ টকাৰ ঋন লৈ এটি কাপোৰত ফুল বছা ডিজিটেল মেছিন ক্ৰয় কৰি ককায়েক দিগন্তৰ কামত সহযোগ আগবঢ়াইছে ।

উল্লেখ্য যে, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা, গৌতম বুদ্ধ, অসম গৌৰৱ এশিঙীয়া গঁড়ৰ কাঠৰ মূৰ্তি, ৰংঘৰ, পাট-মুগাৰ ছাতি,পাট-মুগাৰ উপহাৰযোগ্য বেগ, বিভিন্ন স্মাৰক, অসমীয়া সংস্কৃতিৰ লগত জড়িত উপহাৰ সামগ্ৰী নিৰ্মাণ কৰি এক বজাৰ দখল কৰিবলৈ সক্ষম হোৱা দিগন্তই আমেৰিকা নিবাসী এগৰাকী প্ৰবাসী অসমীয়াৰ কাৰণে তেজপুৰৰ ড৹ বিতোপন বৰাৰ জৰিয়তে গুৰু আসন নিৰ্মাণ কৰি গৌৰৱবোধ কৰে ।

তেওঁ কয়, "বিগত এমাহে এইখন আসন নিৰ্মাণ কৰাৰ সময়ত মই আৰু মোৰ সহযোগীসকল যথেষ্ট নীতি নিয়মৰ মাজৰে চলিছিলো । আজি শোণিতপুৰৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধক মোৰ্গান মেষ্টনোয়ে গুৰু আসনখন আমেৰিকালৈ প্ৰেৰণৰ প্ৰাকমুহূৰ্তত কেতেকীবাৰীৰ প্ৰতিষ্ঠানটোত উপস্থিত থাকো ৷ ফল্ডিং ব্যৱস্থাৰে কাঠৰে নিৰ্মাণ কৰা তিনিখলপীয়া গুৰুআসনখনৰে সংলগ্ন মূৰ্ত্তিসমূহ নিৰ্মাণ কৰা হৈছে কংক্ৰিটেৰে ।"

উল্লেখযোগ্য যে, অংকনা হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টৰ স্বত্বাধিকাৰী তথা হস্তশিল্পী দিগন্তই এইবাৰেই প্ৰথমবাৰলৈ প্ৰত্যক্ষভাবে গুৰু আসনখন বিদেশলৈ প্ৰেৰণ কৰিছে য’দিও ইয়াৰ পূৰ্বে ২০১৬ত কাজিৰঙা ভ্ৰমণলৈ অহা ব্ৰিটিছ ৰাজকুমাৰ উলিয়াম আৰু তেওঁৰ পৰিবাৰ কেথেৰিণক দিয়া উপহাৰৰো আৰ্হি তেজপুৰৰ দিগন্তয়েই প্ৰস্তুত কৰিছিল ৷

সম্প্ৰতি দিগন্তৰ এই সৃষ্টিশীল কাৰ্যত তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃয়েও সহাযোগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি তেওঁক এইক্ষেত্ৰত উৎসাহিত কৰা সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে যুৱ হস্তশিল্পীজনে ৷

লগতে পঢ়ক:ৰীলত নহয় বাস্তৱত দেখুৱাইছে পাঁচ বান্ধৱীয়ে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন

ABOUT THE AUTHOR

...view details