গুৱাহাটী:গুৱাহাটীবাসীক খোৱাপানী যোগান ধৰাৰ বাবে এটা দশকৰ অধিক কাল ধৰি চলি থকা গুৱাহাটী পানী যোগান আঁচনিৰ চাৰিটা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই । গুৱাহাটী পানী যোগান আঁচনিৰ অন্তৰ্গত কেন্দ্ৰীয় গুৱাহাটী, পশ্চিম গুৱাহাটী, পূব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ১৪ বছৰ পিছতো সম্পূৰ্ণ হোৱা নাই । ২০১০-১১ চনতহে আটাইকেইটা প্ৰকল্পৰ অনুমোদন হৈছিল ।
তাৰ পিছত পৰ্যায় ক্ৰমে প্ৰকল্পকেইটাৰ কাম আৰম্ভ হৈছিল । এই প্ৰকল্পকেইটাৰ জৰিয়তে গুৱাহাটী মহানগৰবাসীক খোৱাপানী যোগানৰ বাবে চৰকাৰে বাৰে বাৰে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে যদিও লক্ষ্যত উপনীত হ'ব পৰা নাই । এইক্ষেত্ৰত চৰকাৰ প্ৰতিবাৰে ব্যৰ্থ হোৱাৰ পাছত এতিয়া পানীযোগান প্ৰকল্পৰ জৰিয়তে মহানগৰবাসীৰ নিৰাপত্তাৰ প্ৰতিহে ভাবুকি সৃষ্টি হোৱা দেখা গৈছে ।
উল্লেখ্য যে, ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত গুৱাহাটীৰ জল ব'ৰ্ডে ১ লাখ ২৫ হেজাৰ পৰিয়ালক খোৱাপানী যোগান ধৰাৰ কথা আছিল । তদানীন্তন গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৩ ডিচেম্বৰৰ ভিতৰত ১ লাখ ২৫ হেজাৰ পৰিয়ালক গুৱাহাটী মহানগৰ খোৱাপানী আৰু অনাময় পৰিষদে খোৱাপানী যোগান ধৰিব বুলি সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰিছিল ।
কিন্তু ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত মাত্ৰ ৩৫ হেজাৰ পৰিয়ালৰ মাজতহে খোৱাপানী যোগান সম্ভৱ হৈছে । এই তথ্য গুৱাহাটী মহানগৰ খোৱাপানী আৰু অনাময় পৰিষদৰ । ২০২১ চনত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমটো বছৰতেই প্ৰকল্পৰ কাম এশ শতাংশ সম্পূৰ্ণ কৰাৰ কথা আছিল । খোৱাপানী যোগানৰ নামত লক্ষ্য নিৰ্দ্ধাৰণ কৰি ব্যৰ্থ হোৱা পৰিষদে পাইপ ফুটা, জলবিস্ফোৰণৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো সফল হ'ব পৰা নাই ।
২০২৪ বৰ্ষৰ মহানগৰীৰ জয়পুৰ আৰু ৰাজগড় পাছত খাৰঘূলিত জলবিস্ফোৰণে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে । শেহতীয়াকৈ খাৰঘুলিত জলবিস্ফোৰণৰ ঘটনা সন্দৰ্ভত নাম প্ৰকাশত অনিচ্ছুক পানী প্ৰকল্পটোৰ লগত আৰম্ভনিতে জড়িত থকা অভিযন্তাই কয়, "খাৰঘূলিত যিডাল পাইপ ফুটিছে সেই একেডাল পাইপে পূৰ্বে জয়পুৰত আন ঠাইত এবাৰ ফুটিছিল । এই পাইপডাল ৰামছাৰ পাহাৰত থকা মূল পানীৰ ৰিজাৰ্ভাৰৰ পৰা আহিছে । এই পাইপডাল প্ৰেছাৰ পাইপ । পাইপডালত ঠায়ে ঠায়ে প্ৰেছাৰ ৰিডিউচিং ভাল্ভ স্থাপন কৰিব লাগে । তেতিয়া পাইপ ফুটিলেও দুৰ্ঘটনা সংঘটিত নহয় ।"