অসম

assam

ETV Bharat / state

মাধৱদেৱে সংস্কৃতি ৰক্ষাৰ কাম কৰিছিল, আমি সেই সংস্কৃতিক আগুৱাই নিয়াৰ বাবে কাম কৰিম : ৰাজ্যপাল - Governor Gulabchand Kataria

Governor Gulabchand Kataria in Barpeta: দিনজোৰা কাৰ্যসূচীৰে বৰপেটাত বৃহস্পতিবাৰে উপস্থিত হয় ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়া । জিলাখনৰ সকলো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে ৰাজ্যপালগৰাকীয়ে । জিলাখনে সকলো দিশত সন্তোষজনক প্ৰগতি লাভ কৰা বুলি উল্লেখ কৰে ৰাজ্যপাল কাটাৰিয়াই ।

Governor Gulabchand Kataria in Barpeta on day-long programme
বৰপেটাত ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 8:38 PM IST

বৰপেটা,২৫ জুলাই: "কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি প্ৰতিজন লোকৰ ওচৰলৈ লৈ যোৱাই হৈছে চৰকাৰৰ লক্ষ্য । ইয়াৰ উদ্দেশ্য হ'ল সমাজৰ প্ৰতিজন লোকক আত্মনিৰ্ভৰ কৰি তোলা ।"- বৃহস্পতিবাৰে বৰপেটাত উপস্থিত হৈ এই মন্তব্য কৰে ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই । দিনজোৰা কাৰ্যসূচীৰে বৰপটাত উপস্থিত হোৱা ৰাজ্যপালগৰাকীয়ে কয় যে প্ৰতিজন লোকে যাতে নিজৰ ভৰিত নিজে ঠিয় হৈ সমাজখনক প্ৰগতিৰ দিশত ক্ষীপ্ৰ গতিত আগবঢ়াই নিব পাৰে সেই লক্ষ্যৰে চৰকাৰে কাম কৰিছে ।

বৰপেটাত ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়া (ETV Bharat Assam)

এই প্ৰসংগতে বৰপেটা জিলাই সকলো ক্ষেত্ৰতে সন্তোষজনক প্ৰগতি লাভ কৰা বুলি ৰাজ্যপাল কাটাৰিয়াই উল্লেখ কৰে । জিলাখনৰ সকলো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি, এই পৰ্যালোচনাত জিলাখনে সকলো দিশত সন্তোষজনক প্ৰগতি লাভ কৰাটো স্পষ্ট হয় বুলি উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে । বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পাচত ৰাজ্যপালগৰাকীয়ে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হয় ।

বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে ৰাজ্যপাল কাটাৰিয়াক উষ্ম আদৰণি জনায় । সত্ৰখন পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়া । ইয়াৰোপৰি ৰাজ্যপালগৰাকীয়ে পৰিচালনা সমিতিৰ পৰা সত্ৰখনৰ বিভিন্ন অভাৱ-অভিযোগৰ বুজ লৈ সকলো সমাধানৰ আশ্বাস প্ৰদান কৰে ।‌ সত্ৰৰ চৌহদ পৰিদৰ্শন কৰি ৰাজ্যপাল কাটাৰিয়াই সাংবাদিকৰ আগত কয়,"বৰপেটা সত্ৰ হ'ল মহাপুৰুষ মাধৱদেৱৰ তপস্যাৰ স্থলী । এই পূণ্যভূমিলৈ আহি যদি মোৰ ভাগ্যত যদি কিবা ভাল আছে, নিশ্চিতভাৱে সেয়া আশীৰ্বাদস্বৰূপে পাম । মাধৱদেৱে সংস্কৃতি ৰক্ষাৰ কাম কৰিছিল, এনেক্ষেত্ৰত আমি সেই সংস্কৃতিক আগুৱাই নিয়াৰ বাবে কাম কৰিম ।"

লগতে পঢ়ক:মুছলপুৰত চৰকাৰী কামৰ খতিয়ান ল’লে ৰাজ্যপাল কাটাৰিয়াই - Governor Gulab Chand Kataria

প্ৰতিগৰাকী বিধায়কক শৈক্ষিক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আহ্বান ৰাজ্যপালৰ - Governor Gulab Chand Kataria

ABOUT THE AUTHOR

...view details