মাজুলী:মাজুলীৰ প্ৰায় দুই লাখ বাসিন্দাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ । যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্যৰ লগত জড়িত ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচন লিমিটেডক আনুষ্ঠানিকভাৱে অব্যাহতি দিলে চৰকাৰে । মাজুলীৰ ৰাইজৰ সপোন আছিল যোৰহাট-মাজুলী সংযোগী এখন দলং হওক । কিয়নো, মাজুলীৰ দক্ষিণ পাৰৰ লগত সংযোগৰ একমাত্ৰ সম্বল আছিল ফেৰীকেইখন ।
যাৰ ফলশ্ৰুতিত মাজুলীৰ দুই লক্ষ জনসাধাৰনে যোৰহাট-মাজুলী সংযোগী এখন দলঙৰ দাবী জনাই আহিছিল । মাজুলীবাসীৰ এই সপোনক বাস্তৱ ৰূপ দিবলৈ ২০২১ চনৰ ২৯ নৱেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাজুলীবাসীৰ সপোনৰ দলংখনৰ খুঁটাৰ কামৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল । এই দলংখনৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচনে । ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই দলংখনৰ দৈৰ্ঘ ৮ কিলোমিটাৰ ।
দলংখনৰ মুঠ খুঁটাৰ সংখ্যা ৭২ টা ৷ ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচনৰ পৰা এই দলংখন নিৰ্মাণৰ কাম উপ-ঠিকা হিচাপে লৈ ব্ৰদী ৰায় এণ্ড কোম্পানীয়ে দলঙৰ কাম কৰি আছিল । যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দলৰ বাবে যোৱা ৬ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণকাৰ্য । এই দলংখন নিৰ্মাণৰ উপ-ঠিকা লৈ কাম কৰা ব্ৰদী ৰায় এণ্ড কোম্পানীয়ে দলঙৰ কাম নকৰাৰ সিদ্ধান্ত লৈ ইতিমধ্যে দলং নিৰ্মাণৰ বাবে অনা তেওঁলোকৰ সকলো সামগ্ৰী লৈ গল ।